Breaking News

আজি পদ্মশ্ৰী ড°ৰবীন বেনাৰ্জীৰ ১৮ সংখ্যক মৃত্যুতিথি


আজি পদ্মশ্ৰী ড°ৰবীন বেনাৰ্জীৰ ১৮ সংখ্যক মৃত্যুতিথি । গোলাঘাট ৰবীন বেনাৰ্জীৰ বাসগৃহ তথা ৰবীন বেনাৰ্জীৰ সংগ্ৰহালয়ত গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে অনুষ্টুপীয়াকৈ পালন কৰে মৃত্যুতিথি। বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকসকলে  ৰবীন বেনাৰ্জীৰ প্ৰতিছবি আৰু সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে । বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ৰবীন বেনাৰ্জীৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰাৰ্থনা কৰে । উল্লেখযোগ্য যে ১৯৩৭ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পৰিবেশবিদ, চিত্ৰশিল্পী  ড° ৰবীন বেনাৰ্জী লিভাৰপুলত 'ৰয়েল নেভি'ত কৰ্মৰত আছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি আহে । সেইসময়তে অসমলৈ আহি  তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । এই ভ্ৰমণ কালতে তেওঁ অসমৰ জৈববৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লয় । গোলাঘাটত থাকি বেনাৰ্জীয়ে প্ৰথমখন তথ্যচিত্ৰ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মাণ কৰে আৰু এই তথ্যচিত্ৰ ১৯৬১ চনত বাৰ্লিন টিভিত প্ৰদৰ্শন হয়।এই তথ্যচিত্ৰখনৰ বাবেই কাজিৰঙাৰ এশিঙীয়া গঁড় আৰু কাজিৰঙাৰ বিষয়ে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰে । তাৰ পিছৰ পৰাই বেনাৰ্জী তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে। পৰৱৰ্ত্তী কালত তেওঁ ৩২ খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। ১৯৭১ চনত পদ্মশ্ৰী বঁটা লাভ কৰে । তেওঁ ৯৪ বছৰ বয়সত ২০০৩ চনত ৬ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে পৰলোকপ্ৰাপ্তি ঘটে । বৰ্তমান গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে। ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

No comments