Breaking News

মহাপুৰুষ মাধৱদেৱ --- অসমীয়া সমাজজীৱনৰ চিৰসমাদৃত ব্যক্তিত্ব



পাপৰি শইকীয়া বৰা

আজি মহাপুৰুষ মাধৱদেৱৰ পুণ্যতিথি।অসমীয়া সমাজ জীৱনত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ লগতে উচ্চাৰিত হোৱা এক পবিত্ৰ আৰু গৰিমাময় নাম মহাপুৰুষ মাধৱদেৱ। মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱ গুৰু শংকৰদেৱৰ আদৰ্শৰ সাৰ্থক অনুগামী ।বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যলৈ স্বকীয় প্ৰতিভাৰে বৰ্ণাঢ্য অৱদান দি যোৱা মাধৱদেৱ আছিল অসমৰ সামাজিক আৰু ধৰ্মীয় ইতিহাসৰ এক অনুপম চৰিত্ৰ। গুৰুভক্তিৰ  বিৰল দৃষ্টান্ত ৰাখি যোৱা মাধৱদেৱ আছিল এজন সু সাহিত্যিক আৰু শিল্পী । মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ-- 'নামঘোষা'। ইয়াৰ উপৰিও তত্বমূলক পুথি -'ভক্তি ৰত্নাৱলী' 'জন্মৰহস্য' 'নাম মালিকা "ৰ  ৰচনাৰে ধৰ্মীয় সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়াইছে । আদিকাণ্ড ৰামায়ণ আৰু  ৰাজসূয় কাব্য  তেখেতৰ ৰচিত কাব্যগ্ৰন্থ ।

 শিশুকৃষ্ণৰ অনুপম চৰিত্ৰক আধাৰ কৰি মাধৱদেৱে লিখি উলিয়াইছিল কেইবাখনিও ঝুমুৰা নাট । ভালে সংখ্যক বৰগীত ৰচনা কৰি সংগীতৰ ক্ষেত্ৰলৈও অৱদান যোগাইছিল ।উল্লেখনীয় কথা হ'ল ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যক সন্মুখত ৰাখি সাহিত্য সৃষ্টি কৰিলেও তেখেতৰ সাহিত্যৰাজি সাহিত্যিক সৌন্দৰ্যৰে জ্বলমল ।সৰল আৰু মধুৰ শব্দছয়নৰ ব্যৱহাৰে এই সমূহক জনমানসৰ ওচৰ চপাই নিছে।সৰ্বোপৰি মাধৱদেৱ আছিল এজন সু গায়ক ;সু অভিনেতা আৰু ধৰ্মীয় সংগঠক।অসমীয়া জাতিক ধৰ্ম আৰু সাংস্কৃতিক চেতনাৰে একতাৰ ডোলেৰে বান্ধিবলৈ গুৰু শংকৰদেৱৰ দৰেই আজীৱন প্ৰয়াস কৰিছিল চিৰকুমাৰ মাধৱদেৱে ।

বিৰল প্ৰতিভাৰ লগতে মাধৱদেৱৰ চৰিত্ৰক অলংকৃত কৰিছে-ত্যাগ বিনয় আৰু একাগ্ৰতা আদি গুণে।এইজনা পৰম শিষ্যৰ সহযোগ অবিহনে মহাপুৰুষ শংকৰদেৱৰ ব্যক্তিত্বও যেন আধৰুৱা। পুণ্যতিথিত গুৰু মাধৱদেৱলৈ শত সহস্ৰ প্ৰণাম জনালোঁ।

No comments