Breaking News

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে মুকলি কৰে ৫ খনকৈ অত্যাধুনিক জাহাজ


ডিজিটেল ডেস্কঃআজি বিশ্বখনিকৰ দেৱশিল্পী বিশ্বকৰ্মাক উপাসনা কৰা হয়। আজি বিশ্বকৰ্মা পূজাৰ দিনাই মহানগৰীৰ লাচিত ঘাটত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে মুকলি কৰে ৫ খনকৈ অত্যাধুনিক জাহাজ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলিব মুখ্যমন্ত্ৰীয়ে মুকলি কৰা জাহাজকেইখন।বিশ্ব বেংকৰ সাহাৰ্য পুঁজিৰে নিৰ্মাণ কৰা এই জাহাজ কেইখনৰ জৰিয়তে যাত্ৰীৰ সমস্যা লাঘৱ বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

জাহাজকেইখন মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, 'সকলো চিংগল ইঞ্জিনৰ ফেৰী ডাবল ইঞ্জিন কৰা হ'ব।  চিংগল ইঞ্জিনসমূহ ডাৱল কৰিবলৈ ধন প্ৰদান কৰিব চৰকাৰে। ১০ লাখকৈ খৰচ হ'ব। ৰাজ্য চৰকাৰে আৰু ৫ খন ৰ'পেক্স জাহাজ ক্ৰয় কৰিব।' সেইদৰে জাহাজৰ ফিটনেচ পৰীক্ষা কৰাৰ লগতে জাহাজসমূহৰ পৰিচৰ্যাৰ বাবেও বিশেষ ব্যৱস্থা থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মুকলি হোৱা জাহাজ কেইখনৰ ভিতৰত ২খন উদ্ধাৰকাৰী জাহাজ আৰু ৩খন যাত্ৰীবাহী জাহাজ। জাহাজ কেইখনৰ নাম 'MV Sonai', 'MV Lohit', 'MV Pratima', 'S.D.B Vikrant', আৰু 'S.D.B. Vishal'।ইফালে যাত্ৰীৰ বাবে মুকলি কৰা তিনিওখন জাহাজ গুৱাহাটী-কুৰুৱা, নিমাতীঘাট-কমলাবাৰী, ধুবুৰীলৈ প্ৰেৰণ কৰা হ'ব। আনহাতে উদ্ধাৰকাৰী জাহাজ দুখনৰ ভিতৰত এখন গুৱাহাটী আৰু আনখন মাজুলীৰ বাবে। 

আনহাতে, আজিৰ দিনটোতে আগন্তুক ৫-৬ বছৰৰ ভিতৰত মাজুলীৰ দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

No comments