Breaking News

মিকিৰ বামুণী গ্ৰান্টৰ কৃষক আন্দোলনৰ সংগ্রামী সতীৰ্থ মোহন মাৰ্ডিৰ দেহাৱসান

ঈশান কোচৰাজবংশী,নগাঁওঃ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী কৃষকসকলৰ কৃষিভূমি ৰক্ষাৰ দাবীত চলি থকা আন্দোলনৰ এজন আগশাৰীৰ সক্ৰিয় কৰ্মী মোহন মাৰ্ডি আজি পুৱা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৭ বছৰ । ২০১৩ চনতেই তেখেতে চি পি আইৰ দলীয় সদস্যপদ গ্ৰহণ কৰি মৃত্যু পৰ্যন্ত পাৰ্টিৰ নীতি নিয়মত বিশ্বাস ৰাখি সংগঠন সম্প্ৰসাৰণ কৰাত পূৰ্ণ সহযোগিতা আগবঢ়ায় আহিছিল।শেহতীয়াকৈ চামগুৰি ৰাজহ চক্ৰৰ চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী কৃষকসকলে কৰা আন্দোলনত তেখেত সদায় আগশাৰীত আছিল ।

No comments