Breaking News

গোলাঘাট চক্ৰ বিষয়া কাৰ্য্যালয়ত সীমাহীন দুৰ্নীতি

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট চক্ৰ বিষয়া কাৰ্য্যালয়ত সীমাহীন দুৰ্নীতি ।  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰৰ পিছত পোহৰলৈ আহিছে বহু ভয়ংকৰ মাটিৰ কেলেংকাৰীৰ তথ্য । গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত দক্ষিণ হেঙ্গেৰা কাঠনি পথাৰত নাইকীয়া হ'ল ১০০ বিঘা ম্যাদী পট্টাৰ মাটি। 

অঞ্চলটোত টকী হাজৰিকা নামৰ এজন ব্যক্তিৰ নামত আছিল উক্ত মাটি খিনি। চাকৰি সুত্ৰে পৰিয়ালটোৰ সকলো লোক বাহিৰত থকাৰ পাছত এতিয়া ঘৰলৈ আহি দেখে যে তেওঁলোকৰ ১০০ বিঘা মাটি অন্য লোকৰ নামত নামজাৰী হ'ল। 

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ দুজনমান দুৰ্নীতি পৰায়ণ মণ্ডল আৰু পূৰ্বৰ চক্ৰ বিষয়াৰ আশীৰ্বাদতে ১০০ বিঘা ম্যাদী পট্টাৰ মাটি গৰাকীৰ অজ্ঞাতে চমজাই দিলে অন্য লোকক। এতিয়া নিজৰ ম্যাদি পট্টাৰ মাটি বিচাৰি গোলাঘাট চক্ৰ বিষয়া কাৰ্য্যালয়ত হাঁহাকাৰ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।

No comments