Breaking News

গোলাঘাটত প্ৰাৰ্থনা আঁচনিৰ অধীনত ক'ভিডত প্ৰাণ হেৰুওৱা ৩২ গৰাকী লোকৰ নিকটাত্মীয়লৈ ১ লাখ টকাৰ চেক

 




ডিজিটেল সংবাদ,গোলাঘাটঃ ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অধীনত শনিবাৰে গোলাঘাটত ৩২ জন লোকক এক লাখ টকাকৈ চেক প্ৰদান কৰা হয় । এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ক'ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক চেকসমূহ বিতৰণ কৰে । অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ক'ভিডত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ কাষত ৰাজ্য চৰকাৰ সদায় আছে । তেওঁ এই জটিল সময়ত এনে পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল উপস্থিত আছিল।

No comments