Breaking News

যাত্রাৰ শেষত (২৫)



     ✍পৰিমিতা গোস্বামী 


          ইমান দিনে সকলোৱে অংশুক হেঁচা দি থকা কথাটোৰ আঁত বিচাৰি পালে । নিকিতাই অংশুৰ মনৰ কথাবোৰ নয়নকে মুখ্য কৰি সিহঁতৰ ঘনিষ্ঠ সকলোকে জনালে । নিকিতাই সদায় লগ পাই থকা , দেখি থকা ছোৱালীজনীৰ কথাও ক’লে । সকলোৱে তাইক সেই ছোৱালীজনী আৰু তাইৰ অভিভাৱকৰ লগত কথা পাতিবলৈ ক’লে । তেওঁলোকৰ সন্মতি পালে কথা আগবঢ়াবলৈও ক’লে । নিকিতাই তাইৰ সহকৰ্মী অৰুণ শৰ্মাৰ লগত প্ৰথমে এই বিষয়ে কথা পাতিলে । শৰ্মাই ইমান দিনে আশা কৰি থকা প্ৰস্তাৱটো পাই বৰ ভাল পালে । অংশুৰ বিষয়ে নিকিতাৰ মুখত সদায় শুনি শুনি অংশুক ওচৰৰ পৰা লগ পোৱাৰ দৰেই হৈছে । ছোৱালী এজনী বিয়া দিবলৈ ল’ৰাটোৰ বিষয়ে যিমানখিনি জনাৰ প্ৰয়োজন স্বভাৱ-চৰিত্ৰ , ভাল-বেয়া সেই সকলোখিনি খোজ-খবৰ নিকিতাৰ পৰা আগতেই গম পাই আহিছে । গতিকে নতুনকৈ জনাৰ বা খবৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে । এই বিষয়ে তেওঁ ছোৱালীৰ লগত কথা পাতিলে । অংশুৰ বিষয়ে যিমানখিনি শৰ্মাই জানে সকলোখিনি কথা জীয়েকৰ আগত ক’লে । জীয়েকেও একো আপত্তি নকৰিলে । মাথোঁ ক’লে , 

:: তুমি যদি ভাল বুলি ভাবা আগবাঢ়া মোৰ ক’ব লগীয়া একো নাই ।

জীয়েকৰ সন্মতিৰ বিষয়ে অৰুণ শৰ্মাই নিকিতাক জনালে । লাহে লাহে কথাবোৰে বিয়াৰ ফালে ঢাল ল’লে ।  


          নিকিতাই সিহঁতৰ অভিভাৱক হিচাপে প্ৰথমে কথাখিনি নয়নক জনালে । নয়নে মুক্ত মনে সন্মতি জনালে আৰু যিমান পাৰে সোনকালে কথাবোৰ আগবঢ়াবলৈ ক’লে । লগতে এইটোও ক’লে , 

:: তই যেতিয়া ছোৱালীজনী ভাল বুলি ভাবিছ। বেলেগকৈ আকৌ ডাঙৰে চাই পচন্দ কৰাৰ প্ৰয়োজন নাই । মাত্র অংশুৱে ছোৱালীজনী চাই আহক । তাৰ যদি আপত্তি নাথাকে আমি বিয়াৰ বাবে আগবাঢ়িম ।

:: হ’ব নয়নদা । মই অংশুক মাতিছোঁ । অহা শনিবাৰে সি মোৰ ঘৰলৈ আহিব । ৰবি বাৰে শৰ্মাও ঘৰতে থাকিব । গতিকে অংশুক লৈ তালৈ যাম আৰু চিনা-পৰিচয় হোৱাৰ লগতে ইটোৱে-সিটোৰ মনৰ কথা পাতিব । সিহঁতৰ সন্মতি পালে আমি সোনকালেই বিয়াখন পাতি দিম।

:: উম… বঢ়িয়া । “শুভস্য শীঘ্ৰম” । সিহঁতৰ গ্ৰীণ চিগনেল পালে ৰৈ থকাৰ সকাম নাই ।

ৰসিক নয়নে তেনেকৈ ক’লে ।


         অংশু কেইবা বছৰৰ পাছত নিকিতাৰ ঘৰলৈ গৈছে । আইতাকক চোৱা-চিতা কৰা নিৰ্ভৰযোগ্য লগ এটা নাপালে সি থকাকৈ ক’লৈকো যাব নোৱাৰে। অংশু হঠাৎ নিকিতাৰ ঘৰলৈ যোৱাৰ মহৎ উদ্দেশ্য আছে । মানে নোহোৱা নোপজা কিবা এটা নহয়,  হ’লেও… । পেহীয়েকৰ ঘৰত উপস্থিত হৈ সি অলপ ইতস্ততঃ বোধ কৰিলে। কিবা লাজ লাজ ভাব এটাই বেৰি ধৰিলে । বহু সময়লৈকে পেহীয়েকৰ ওচৰতে সহজ হ’ব পৰা নাই । পেহীয়েকে ঘৰুৱা খা-খবৰ সুধি, ইটো-সিটো কথা পাতি সোনকালেই তাক সহজ কৰি তুলিলে । সেইদিনাৰ সময় খিনি পেহাক পেহীয়েক তেওঁলোকৰ লৰা-ছোৱালী দুটাৰ সৈতে বেচ ফূৰ্তিৰেই কটালে । 


        ৰবিবাৰৰ দিনটো নিকিতা অলপ দেৰিলৈকে শোৱে । অফিচলৈ যোৱাৰ লৰা-লৰিও নাই , স্কুললৈ পঠিওৱাৰ খদম্-দম্ও নাই । আজি কিন্তু দেৰিলৈকে শুই নাথাকিল । সোনকালেই উঠি ঘৰুৱা কাম-বনত ধৰিলে । শৰ্মালৈ ফোন কৰি আবেলি তেওঁলোকৰ ঘৰলৈ এপাক অংশুকলৈ ফুৰিবলৈ যাব বুলিও জনালে। লগতে এইটোও জনালে, ‘আমি অতি সাধাৰণ ভাৱেই আপোনালোকৰ ঘৰলৈ যাম, আপুনিও কোনো আয়োজন কৰাৰ প্ৰয়োজন নাই’ । শৰ্মাই কথাটো শুনি বৰ ভাল পালে । আবেলি যথা সময়ত নিকিতাহঁত শৰ্মাৰ ঘৰ পালেগৈ ।


      গেট খুলি নিকিতা আৰু অংশু সোমাই যোৱা দেখি বাৰাণ্ডাত বহি থকা শৰ্মাই উঠি আহি দুয়োকে আগবঢ়াই নিলে। সোমাই গৈয়ে ঘৰখনৰ পৰিৱেশটো ভাল লাগিল অংশুৰ। গেটৰ মুখৰ পৰা ফুলৰ তাবেৰে সুন্দৰকৈ সজাইছে । ঘৰটোৰ সন্মুখ ভাগ, বাৰাণ্ডা, ড্ৰয়িং ৰুমৰ চুকে কোণে ধুনীয়া  ধুনীয়া ফুলৰ তাব । এজনী সৌন্দৰ্য প্ৰিয় আৰু পৰিপাটি ছোৱালী থকা ঘৰ বুলি  সোমাই গৈয়ে অনুমান কৰিব পাৰি । ড্ৰয়িং ৰুমত বহুৱাই ইটো-সিটো কথা পাতি শৰ্মাই ভিতৰত থকা ছোৱালীক মাত লগালে , 

:: মাজনী আলহী আহিছে । চাওঁ অকণমান ওলায় আহা চোন।

:: গৈছোঁ দেউতা ।

বুলি কৈ অলপো দেৰি নকৰি অৰুন্ধতী ওলায় আহিল । ধুনীয়া হাঁহি এটাৰে নিকিতাক,:: আন্টী... ভালনে ? বুলি অতি সৰলকৈ মাত লগালে । কোনো আপচোচ নাই, লাজ ভাব নাই । আঁৰ চকুৰে অংশুলৈ চালে । নিকিতাই উত্তৰত ভাল বুলি কোৱাৰ লগতে অংশুক অৰুন্ধতীৰ লগত চিনাকি কৰি দিলে । দুয়ো দুয়োকে নমস্কাৰ জনালে । লগে লগে অংশুক, :: আপুনি কেতিয়া আহিলে ? বুলি অকণো শংকা নকৰাকৈ সুধি পেলালে। অংশুৱে কেতিয়া পালেহি সহজকৈয়ে উত্তৰ দিলে । অংশুৰ দুৰু দুৰুকৈ কঁপি থকা বুকুখন নিমিষতে শান্ত হ’ল। ভয়,শংকা, আপচোচ সকলো নাইকিয়া হ’ল। প্ৰথম দেখাতেই অংশুৰ অৰুন্ধতীক ভাল লাগি গ’ল। দুই এটা কথা পাতিয়েই অৰুন্ধতী ভিতৰলৈ সোমায় গ’ল। শৰ্মাই নিকিতা আৰু অংশুৰ লগত ঘৰুৱা সা-সমস্যা, অফিচৰ ইটো-সিটো কথা, অংশুৰ চাকৰি, ঘৰুৱা  কথা  আৰু আইতাকৰ  খবৰ  সুধি  কিছু সময় পাৰ কৰিলে।  অৰুন্ধতীয়ে চাহ কৰি ডাইনিং টেবুলত সজাই আটাইকে চাহ খাবলৈ মাতিলে । চাহৰ  টেবুলত  বহি নিকিতাই  অৰুন্ধতীলৈও চাহ একাপ আনিবলৈ ক’লে।  চাৰিও  একেলগে বহি  আবেলিৰ চাহ কাপৰ সোৱাদ ল’লে । 

     চাহৰ মেলতে বহুত কথা পাতিলে । কথাৰ মাজতে তাই কিমান সৰুতে মাকক হেৰুৱাইছে । মাক ঢুকুৱাৰ পাছত দেউতাক আৰু তাই কিমান সংঘাতপূৰ্ণ দিন কটালে । তাই কেনেকৈ পঢ়া-শুনা কৰি এইখিনি পৰ্যায় পালেহি । এই সকলোবোৰ কথা ক’লে। অংশুৱেও তাৰ সংঘাত আৰু সমস্যা জৰ্জ্জৰ জীৱনটোৰ বিষয়ে জনালে । সিহঁত দুটাই অকলশৰীয়াকৈ মনৰ কথা পাতিব ল’গা নহ’লেই । চাহৰ মেলতে প্ৰায়বোৰ কথা পতা হ’ল । পাকে প্ৰকাৰে অংশুৱে কেনে এটা জীৱন ভৱিষ্যতে আতিবাহিত কৰিব বিচাৰে তাকো জনালে। অৰুন্ধতীয়েও তেনে এটা সহজ-সৰল জীৱনেই ভাল পায় বুলি কথাৰ লাচতে জনালে । যিটো সময়ত সিহঁতৰ সমনীয়াবোৰে প্ৰেম ভালপোৱাৰে সমৃদ্ধ হাঁহি-আনন্দৰে ভৰা এটা উপভোগ্য জীৱন যাপন কৰিছিল, সেই সময়তে দুখ-শোকেৰে ভৰা এটা দুৰ্বিসহ আৰু সংঘাতপূৰ্ণ জীৱন অতিবাহিত কৰিছিল সিহঁত দুয়োটাই । সিহঁত দুয়োৰে দুখ-দুৰ্দশাৰে ভৰা জীৱন গাথা প্ৰায় একে । মাত্র অৰুন্ধতীৰ মূৰৰ ওপৰৰ চালখন আছে । অংশুৰ তাৰো অভাৱ ।


      অতি সোনকালেই অংশু  আৰু অৰুন্ধতীৰ বন্ধুত্ব স্থাপন হ’ল । দুয়ো দুয়োৰে ফোন নম্বৰ সংগ্ৰহ কৰি ল’লে । ফোনত সঘন কথা বতৰা হ’ল। ফোনৰ বাৰ্তালাপে দুয়োটাকে আৰু ওচৰ চপাই আনিলে । বন্ধুত্বই মোৰ সলায় প্ৰেমৰ ৰূপ ল’লে । কথাৰ মাজত অংশুৱে এদিন অৰুন্ধতীক সুধিলে , মহানগৰীৰ পৰা আহি তাই তাৰ সৰু চুবুৰিটোত আমনি নাপায়তো ! তাই তাৰ উত্তৰত জনালে , মহানগৰীৰ যান্ত্ৰিকতাৰ ধামখুমীয়াৰ প্ৰতি তাইৰ বিৰাগ জন্মিছে । তাতকৈ সৰু ঠাইবোৰেই ভাল । গুৱাহাটীখন বাহিৰৰ মানুহৰহে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । অতি যান্ত্ৰিকতাত বুৰ যোৱা মহানগৰীত পুৰণি স্থায়ী বাসিন্দা সকলে অতীতত লাভ কৰা বিমল আনন্দ আৰু সুৰক্ষাৰ অভাৱ অনুভৱ কৰিছে। হেঁপাহৰ মহানগৰত বৰ্তমান অপৰাধ প্ৰৱনতা বৃদ্ধি পাইছে। হত্যা-হিংসা, চোৰ-ডকাইতৰ ৰম্যভূমিত পৰিণত হৈছে।  তেওঁলোকৰ বাবে এতিয়া অতীতটো মাঁথো মিঠা সোঁৱৰণি। 

       “এডেও দুডেও লোটা নিবৰ চেও”  ,  অংশু আৰু অৰুন্ধতীৰ সম্বন্ধই প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম তাৰ পাছত বিয়াৰ পৰ্যায় পাবলৈ বেছি সময় নালাগিল । অৰুণ শৰ্মাই মনে বিচৰা ল’ৰা এটাৰ হাতত জীয়েকক গটাই দিবলৈ পায় সুখী হ’ল । অংশু আৰু অৰুন্ধতীৰ এখন সুখৰ সংসাৰ আৰম্ভ হ’ল । দুয়ো দুয়োৰ হাতত ধৰাধৰিকৈ বহু দূৰ আগবঢ়াৰ পৰিকল্পনা হ’ল । সিহঁত দুয়োটাৰ মিলনে আইতাক, নিকিতা, নয়ন আৰু অৰুন্ধতীৰ দেউতাক সকলোকে সুখী কৰিলে ।


      অংশুৰ এতিয়া মাকৰ চিতাৰ জুইৰ আঙনিৰ মাজত দেখা পোৱা ছবিখন ধূসৰ হ’ল। মাকৰ চিতা জুই জ্বলি থকাৰ সময়ত শুনি খং উঠা মহান গ্ৰন্থ গীতাৰ সেই বাণী ,

 “বাসাংসি জীৰ্ণানি য়থা বিহায়

        নৱানি গৃহ্নাতি নৰোহপৰাণি।

তথা শৰীৰাণি ৱিহায় জীৰ্ণা-

        ন্যন্যানি সংয়াতি নৱানি দেহী”॥

  , সাৰমৰ্ম অন্তৰৰে মানি ল’ব পৰা হ’ল । হীৰুদাৰ কালজয়ী কবিতা , “ মৃত্যুওটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য” পংক্তিটোৰ ব্যাখ্যা প্ৰথমতে ভুল যেন লাগিছিল কিন্তু এতিয়া শিল্পী গৰাকীৰ বুকুৰ অনুভৱ নিজৰ অনুভৱেৰে মিলায় চাব পৰা হ’ল । সেইখিনি সময়ত মানুহৰ মুখত বুজনিৰ সুৰত এই কথাবোৰ শুনি সি খং আৰু বিৰক্তিত ভোগীছিল । এতিয়া তেনে ভাব নাইকিয়া হ’ল । “ঈশ্বৰে যি কৰে ভালৰ বাবেই কৰে” মানুহৰ মুখত বাৰে বাৰে শুনা কথাষাৰ এতিয়া মিছা নহয় যেন নালাগিল তাৰ । মাক থকা হ’লে তাৰ চিন্ত‍া-চৰ্চ্চা , স্বভাৱ-চৰিত্র সকলো সৰু ল’ৰাৰ দৰেই হৈ থাকিল হেঁতেন । দায়িত্ব কি? কৰ্তব্য কি ? তাৰ লগত পৰিচয়েই নহ’ল হেঁতেন । 

ঘৰ আৰু সংসাৰৰ নিবিড় সম্পৰ্ক আৰু শব্দ দুটাৰ অৰ্থৰ তাৰতম্যৰ যথাৰ্থতা বুজি পোৱা হ’ল । পাৰ্থিব আকৰ্ষণৰ মাদকতাপূৰ্ণ এটা নতুন জীৱন আৰম্ভ হ’ল অংশু  আৰু অৰুন্ধতীৰ । এই জীৱনৰ একো একোটা অংশ হৈ ৰ’ল অংশুৰ আইতাক আৰু অৰুন্ধতীৰ দেউতাক ।


       (সমাপ্ত)

No comments