Breaking News

বোকাখাতৰ পৌৰ নিৰ্বাচনত ৯ খন আসন দখলেৰে অপ্ৰতিৰোধ্য অগপ-বিজেপি



অজন্তা তালুকদাৰ, বোকাখাতঃ 'মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত হোৱা উন্নয়নৰ কামৰ বাবেই ৰাইজে এনেদৰে ভোটদান কৰিছে'। বোকাখাত পৌৰসভা নিৰ্বাচনৰ ফলাফলত অগপ-বিজেপীৰ অভূতপূৰ্ব সাফল্যত এই মন্তব্য কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। অগপ আৰু বিজেপীয়ে মিত্ৰতাৰে অৱতীৰ্ণ হোৱা বোকাখাত পৌৰসভা নিৰ্বাচন ২০২২ত মুঠ ১০ আসনৰ ক্ৰমে অগপই ৬ আৰু বিজেপীয়ে ৩ খন আসনত আৰু ১ নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হয়। অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই দাবী কৰা অনুসৰি গৃহ সমষ্টি বোকাখাত পৌৰসভাৰ নিৰ্বাচনত বিজয়ী হৈছে অগপ আৰু বিজেপীৰ প্ৰাৰ্থী। যোৱা ৬ নৱেম্বৰত ৰাজ্যখনৰ আন আন স্থানৰ লগতে বোকাখাততো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় পৌৰসভাৰ নিৰ্বাচন। বোকাখাতৰ মুঠ ১০ টা ৱাৰ্ডৰ বাবে ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ১০,২৭৯ ভোটদাতাৰ সিদ্ধান্ত এইবাৰ মিত্ৰজোঁটৰ পক্ষত। বোকাখাতৰ ১ নং ৱাৰ্ডত অগপ প্ৰাঞ্জল বৰুৱাই ৯৭৫, ২ নং ৱাৰ্ডত বিজেপিৰ মীনা হাজৰিকাই ৫৬৫, ৩ নং ৱাৰ্ডত অগপৰ ৰাজীৱ দাসে ৯৬০, ৪ নং ৱাৰ্ডত বিজেপিৰ ইন্দিৰা বৰাই ৪১৫, ৫ নং ৱাৰ্ডত অগপৰ স্বৰ্ণালী বৰাই ৫৩০, ৬ নং ৱাৰ্ডত অগপৰ উষা ছেত্ৰীয়ে ৯০৪, ৭ নং ৱাৰ্ডত অগপৰ সঞ্জীৱ কুমাৰ শৰ্মাই ২৯৮, ৮ নং ৱাৰ্ডত নিৰ্দলীয় চম্পা শইকীয়া গগৈয়ে ৪৩১, ৯ নং ৱাৰ্ডত অগপৰ ৰত্নেশ্বৰ বৰুৱাই ৬৮৫ আৰু ১০ নং ৱাৰ্ডত বিজেপিৰ ৰাণা দেৱনাথে ৩১১ ভোটত বিজয়ী হৈছে। ফলাফল ঘোষণাত মন্ত্ৰী বৰাই সাংবাদিকৰে হোৱা বাৰ্তালাপত তেখেতে নিৰ্বাচনৰ পূৰ্বেই এই দাবী কৰাৰ কথা দোহাৰে আৰু বোকাখাতৰ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই ফলাফল আশাপ্ৰদ বুলি মন্তব্য কৰে। লগতে কংগ্ৰেছ ধাৰাবাহিকভাৱে বিপৰ্যয়ৰ সন্মুখীন হৈছে বুলিও উল্লেখ কৰে। উল্লেখ্য যে দুবাৰকৈ অসম বিধান সভাৰ আসন দখল কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নিজ ৱাৰ্ডতে অগপ প্ৰাৰ্থী ৰত্নেশ্বৰ বৰুৱাৰ বিপৰীতে পৰাজিত হয় পুত্ৰ নিৰ্দলীয় প্ৰাৰ্থী মনদ্বীপ গগৈ।

No comments