Breaking News

বৃহত্তৰ ফৰকাটিং অঞ্চলৰ সৰবৰহী মহিলা হেমপ্ৰভা চিৰিং ফুকনৰ মৃত্যু



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ফৰকাটিং চকৰধৰা গাঁৱৰ নিৱাসী এগৰাকী বৰ্ষীয়ান, ধৰ্মপ্ৰাণা মহিলা হেমপ্ৰভা চিৰিং ফুকনৰ বুধবাৰে নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৩০ চনৰ ৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা হেমপ্ৰভা চিৰিং ফুকন বাৰ্ধক্যজনিত সমস্যাত ভুগি দীৰ্ঘদিন শয্যাশায়ী হৈ আছিল। সৰবৰহী  মহিলাগৰাকীৰ মৃত্যুত বৃহত্তৰ ফৰকাটিং অঞ্চলতে শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতে পুত্ৰ, কন্যা, বোৱাৰী, জোঁৱাই,  নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।

No comments