Breaking News

প্ৰয়াত ছাত্ৰনেতা মাধুৰ্যজিত বৰাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দেৱৰাজ ৰয় মহাবিদ্যালয় আছু গোটৰ সহযোগত প্ৰয়াত ছাত্ৰনেতা মাধুৰ্যজিত বৰাৰ সোঁৱৰণত অহা ১২  মাৰ্চত সদৌ অসম ভিত্তিত এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ১২ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই কুইজ প্ৰতিযোগিতাখনত সৰ্বোচ্চ স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ৰাজ্যৰ এজন অন্যতম অভিজ্ঞ আৰু জনপ্ৰিয় কুইজ পৰিচালক দিলীপ কুমাৰ শৰ্মাই পৰিচালনা কৰিবলগীয়া সদৌ অসম ভিত্তিক এই কুইজ প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধন আৰু মানপত্ৰেৰে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে ৮৬৩৮৩৯২৮২১, ৯১০১৩৩৮৯৩৬ নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments