Breaking News

বৃহস্পতিবাৰে নিশা গোলাঘাটৰ ফৰকাটিংৰ ৰে'ল ষ্টেচনত অঘটন।

 


ডিজিটেল সংবাদ,গোলাঘাটঃবৃহস্পতিবাৰে নিশা গোলাঘাটৰ ফৰকাটিংৰ ৰে'ল ষ্টেচনত অঘটন।ৰে'লৱে অভাৰ ব্ৰিজৰ পৰা পৰি মৃত্যু এজন লোকৰ।সুৰামত্ত লোকজনে পেচাব কৰিবলৈ বুলি অভাৰ ব্ৰিজৰ পৰা নামিবলৈ গৈ ৰহস্যজনকভাৱে পৰে মৃত্যুমুখত।তিতাবৰৰ এখন বাগানৰ নিৱাসী অতুল মুণ্ডা নামৰ লোকজনে কৰ্মসংস্থাপন হেৰুৱাই নিজ পৰিয়াল সহ বসবাস কৰি আছিল ফৰকাটিংৰ ৰে'ল জংচনৰ পদপথত।নিশা সুৰামত্ত অৱস্থাত আছিল লোকজন।

মৃত লোকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ফৰকাটিং ৰে'ল আৰক্ষীয়ে।লোকজনৰ বয়স প্ৰায় ৬০ বছৰ বুলি জানিব পৰা গৈছে।

No comments