Breaking News

হ্ৰাস পাব মিঠাতেলৰ মূল্য! প্ৰতি লিটাৰ মিঠাতেলৰ মূল্য ২০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত…



অত্যাধিক মূল্যবৃদ্ধিত জুৰুলা জনতা। ইয়াৰ মাজতে দীৰ্ঘ সময়ৰ মূৰত আহিছে এক ভাল খবৰ। হ্ৰাস পাব মিঠাতেলৰ মূল্য। কেইবাটাও ব্ৰেণ্ডে  প্ৰস্তুত কৰা মিঠাতেলৰ মূল্য ইতিমধ্যে ১৫ ৰ পৰা ২০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰিয়হৰ তেল, ছয়াবিনৰ তেল, সূৰ্যমুখীৰ তেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰেণ্ডসমূহে। ছান ফ্লাৱাৰ ব্ৰেণ্ডৰ তেলৰ মূল্য প্ৰতি লিটাৰত ২০ টকা হ্ৰাস পাব। একেদৰে ধাৰা ব্ৰেণ্ডৰ প্ৰতি লিটাৰ তেলত ১৫ টকা হ্ৰাস পাব। একেদৰে হ্ৰাস পাব গৌতম আদানিৰ উইলমায়োৰ মিঠাতেলৰ মূল্য। ফৰছুন ব্ৰেণ্ডৰ মূল্যও হ্ৰাস পাব অহা সপ্তাহৰ পৰা।


প্ৰতিবেদন অনুসৰি প্ৰতি লিটাৰ প্লাম তেলৰ মূল্য ৭ৰ পৰা ৮ টকা, ছয়াবিন তেলৰ মূল্য প্ৰতি লিটাৰত ৫ টকা, সূৰ্যমুখী তেলৰ মূল্য প্ৰতি লিটাৰত ১০ৰ পৰা ১৫ টকা হ্ৰাস পাব। 

No comments