Breaking News

‘অগ্নিপথ’ প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা



‘অগ্নিপথ’ প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা। বিহাৰত প্ৰতিবাদকাৰীৰ অগ্নিসংযোগ অসম অভিমুখী লোহিত এক্সপ্ৰেছত ।  ৰে’লখনত অসমৰ বহু যাত্ৰী থকাৰ সম্ভাৱনা। অগ্নিপথৰ অধীনত নিযুক্তিৰ সিদ্ধান্তক লৈ বিহাৰৰ মহিয়ুদ্দিন নগৰ ষ্টেচনত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ৰেলখনৰ দুটাকৈ ডবা। জম্মুৰ পৰা কামাখ্যা ষ্টেচন অভিমুখী আছিল ৰেলখন।

অগ্নিপথ আঁচনিৰ প্ৰতিবাদ অব্যাহত। আজি অধিক ভয়ানক হৈ উঠিছে প্ৰতিবাদ। বিহাৰত ২ খন ৰে'লৰ ৮টা কম্পাৰ্টমেণ্ট জ্বলাই দিয়ে উত্তেজিত প্ৰতিবাদকাৰীয়ে। আজি  পুৱা প্ৰাৰ্থীসকলে সমস্তিপুৰৰ মৈহুদ্দিন নগৰত এখন ৰে'লৰ ছয়টা কম্পাৰ্টমেণ্ট আৰু লখিচাৰাই ষ্টেচনত আন এখন ৰেলৰ দুটা ডবা জ্বলাই দিয়ে।

প্ৰাৰ্থীসকলে আৰা আৰু লখিচাৰাইৰ ওচৰৰ বিহিয়া ষ্টেচনত ৰেলচলাচল অৱৰোধ কৰিছিল। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকা লৈ মুজাফ্ফৰপুৰত শান্তিপূৰ্ণ আন্দোলনও কৰা দেখা গৈছিল।

অগ্নিপথ আঁচনিৰ চমু কাৰ্যকালৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰে ২০১৯ আৰু ২০২০ চনত অনুষ্ঠিত পৰীক্ষাৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায়। 

No comments