Breaking News

জে এণ্ড কেৰ পুলৱামাত উদ্ধাৰ হোৱা প্ৰেছাৰ কুকাৰত ৰখা হৈছিল ১৫ কিলোগ্ৰাম আইইডি

 


বৃহস্পতিবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ আৰমুল্লাহ লিটাৰ অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষীয়ে ১৫ কিলোগ্ৰাম ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) উদ্ধাৰ কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।  এই ঘটনাত জড়িত দুজন সন্ত্ৰাসবাদী সহযোগীকো জে এণ্ড কে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 

আইজিপি কাশ্মীৰ বিজয় কুমাৰে কয়, "আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে লিটাৰৰ আৰমুল্লা গাঁৱত সন্ত্ৰাসবাদীয়ে স্থাপন কৰা ১৫ কিলোগ্ৰাম আইইডি উদ্ধাৰ কৰি এক ডাঙৰ দুৰ্ঘটনা ৰক্ষা পৰে," লগতে তেওঁ কয় যে ঘটনাটোৰ সৈতে জড়িত দুজন সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু  কৰি পৰৱৰ্তী তদন্ত চলাই থকা হৈছে বুলি তেওঁ লগতে কয়। 

প্ৰেছাৰ কুকাৰত ৰখা আইইডিটো নিষ্ক্ৰিয় কৰিবলৈ বোমা নিষ্কাশন কাৰী দলটোৱে দুই ঘণ্টাতকৈও অধিক সময় লৈছিল। বোমা নিষ্কাশন কাৰী দলটোৱে বিস্ফোৰক সামগ্ৰীবোৰ নিৰ্মিত এলেকাৰ পৰা আঁতৰাই লৈ গৈছিল আৰু বোমাটো নিষ্ক্ৰিয় কৰিবলৈ বৃহৎ গছৰ মাজত নিয়ন্ত্ৰিত বিস্ফোৰণ সংঘটিত কৰি বৃহৎ বিপদৰ পৰা ৰক্ষা কৰে।

No comments