Breaking News

অবিৰত বৰষুণৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিততে ১৭ আৰু ১৮ জুনত উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা।



পঙ্কজ নাথ, কামৰূপঃ  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১৭ জুন আৰু  ১৮ জুনত কামৰূপ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি কৰা বতৰৰ আগলি বতৰাৰ পৰিপেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ জুন শুক্ৰবাৰে আৰু ১৮ জুন শণিবাৰে বন্ধৰ ঘোষণা কৰিছে। অৱশ্যে উক্ত দুয়োটা দিনতে পূৰ্ব  নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ চলিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ।

No comments