Breaking News

অগ্নিপথক লৈ হাৰিয়ানাত উত্তপ্ত পৰিস্থিতিঃ পালৱালৰ উপায়ুক্তৰ বাসগৃহলৈ শিলগুটি নিক্ষেপঃ আৰক্ষীৰ গুলী চালনা



কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিক্ষাৰ্থীসকল। ইয়াক লৈ হাৰিয়ানাত, পালৱালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত জনতাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত শিলগুতি নিক্ষেপ কৰে।  পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিবলৈ বাধ্য হয়।  অতিৰিক্ত মুখ্য সচিব (গৃহ) ৰাজীৱ অৰোৰাই এই সন্দৰ্ভত কয় যে পালৱাল জিলাত আবেলি ৪ বজাৰ পৰা ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে। ৰাজ্যিক আৰক্ষী বিভাগ, জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

একে সময়তে, বিহাৰৰ জেহানাবাদত ট্ৰেক অৱৰোধ কৰা শিক্ষাৰ্থীয়ে ৰে'ললৈ শিলগুটি নিক্ষেপ কৰে।উক্ত ঘটনাত বহুলোক আহত হৈছে। জেহানাবাদ ষ্টেচনৰ ওচৰত সংঘটিত হৈছিল শিলগুটি নিক্ষেপৰ এই ঘটনা। যাৰ পিছত আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীসকলক সেইস্থানৰ পৰা খেদি পঠিয়াই। ইফালে নৱাদা, আৰা আৰু চাহাৰছাতো ৰেভেল ষ্টেচন আৰু ৰাস্তাত যুৱক-যুৱতীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।  আৰাত যুৱক-যুৱতীসকলে ৰে'ল ষ্টেচনত হুলস্থূলৰ পৰিৱেশৰ সৃষ্টি কৰে, যাৰ পিছত আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি প্ৰতিবাদীসকলক খেদি পঠিয়ায়। 

বিহাৰত, অগ্নিপথ আঁচনিৰ বাবে ব্যাপক প্ৰতিবাদৰ বাবে মুঠ ২৭ খন ৰেল বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত,২২ খন ৰেল সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। ৫ খন ৰেলৰ সময় সলনি কৰা হৈছে। ইয়াৰ উপৰিও, এই বৃহৎ প্ৰতিবাদৰ ফলত ২৯ খন ৰে'ল প্ৰভাৱিত হৈছে। ইয়াৰ উপৰিও, ১১ খন যাত্ৰীবাহী ৰেলও বাতিল কৰা হৈছে।


No comments