Breaking News

গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ পৰ্যালোচনা সভা

 


আজি জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ সভাপতিত্বত জিলা স্বাস্থ্য সমিতিৰ এখনি পৰ্যালোচনা সভা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।


এই পৰ্যালোচনা সভাত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপযুক্ত পল্লবি গগৈ, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰ নাথ তামূলী, শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অপূৰ্ব কুমাৰ শৰ্মা, প্ৰধান চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জাহিদ হুছেইন উপস্থিত থাকে। 


উক্ত সভা খনত প্ৰত্যেক খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰতিনিধিত্ব কৰি  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ লগত খণ্ড কাৰ্যক্ৰম বিভাগৰ বিষয়া, সামূহিক স্বাস্থ্য বিষয়াকে আদি কৰি বহুসকল কৰ্মচাৰী উপস্থিত থাকে। 



বোকাখাট, চাৰিঙীয়া, কমাৰবন্ধা আলি, মিচামৰা, মৰঙি আৰু সৰুপথাৰ খণ্ডৰ মাতৃ আৰু শিশু স্বাস্থ্য লগত জড়িত প্ৰত্যেক বিষয়ৰ উপৰত বিশ্লেষণ কৰা হয়।


এই সভাত অন্য আলোচনাৰ লগতে প্ৰত্যেক প্ৰসৱ কক্ষক LaQshya কাৰ্যক্ৰমৰ অন্তৰ্গত প্ৰত্যয়িত কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে প্ৰত্যেক গৰ্ভৱতী মাতৃ বিশেষকৈ যিসকল চাহ বাগান অঞ্চলৰ বাসিন্দা তেখেতসকলৰ  বেংক একাউণ্ট নম্বৰ খোলাৰ বাবে  বেংকৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত লোৱা হয়। 


জিলা উপায়ুক্ত গৰাকীয়ে এই সভাত উপস্থিত প্ৰত্যেক সদস্যক স্বাস্থ্যৰ প্ৰত্যেকটো সূচকক আগবঢ়াই নিয়াৰ বাবে কৰণীয় খিনিৰ ওপৰত দৃঢ়তা প্ৰদান কৰি অন্তাৰিকতাৰে নিজৰ কৰ্ম কৰি যোৱাৰ বাবে অনুৰোধ জনায় ।

No comments