Breaking News

বোকাখাত আৰু খুমটাইৰ ৯০ খন গাঁৱত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে অভিযান

 



গোলাঘাট:অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাইজৰ মাজত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা সৃষ্টি আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে গৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বোকাখাত আৰু খুমটাইত পৰীক্ষামূলকভাবে এটা অভিযান আৰম্ভ কৰা হৈছে । ১৪ জুনৰ পৰা ২৭ জুনলৈ খুমটাই ৰাজহ চক্ৰৰ অধীনৰ ৩০খন আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ ৬০ খন বানপানীপ্ৰৱণ গাঁৱত 'আপোনাৰ জীৱন, আমাৰ সম্পদ' শীৰ্ষক আঁচনিখন ৰূপায়ন কৰা হৈছে । ১৪ জুনত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদৰ পৰা উলিওৱা সজাগতা কাৰ্যসূচী অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই পতাকা জোকাৰি শুভাৰম্ভ কৰে । অনুষ্ঠানত মহকুমাধিপতি ডাঃ নেহা যাদৱ, চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত  পাপু গগৈ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়া আৰু স্বেচ্ছাসেৱীসকল উপস্থিত আছিল । একেদিনাই খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা অনুৰূপ সজাগতা অভিযানৰ শুভাৰম্ভ কৰা হয় । এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত (ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা) পল্লৱী গগৈ, স্থানীয় বিধায়কৰ প্ৰতিনিধি মুনিন্দ্ৰ মোহন গগৈ, খুমটাইৰ ৰাজহ চক্ৰ বিষয়া তনভিৰ ইউচুফ আহমেদ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া আৰু কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত আছিল ।


No comments