Breaking News

প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে মুখ্যমন্ত্ৰীৰ দ্বাৰা সন্মানিত গোলাঘাট জিলা


ডিজিটেল ডেস্কঃ প্ৰশাসনক  ৰাইজৰ অধিক কাষলৈ নিয়া তথা চৰকাৰী আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণেৰে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে তেজপুৰত অলপতে অনুষ্ঠিত জিলা উপায়ুক্তসকলৰ দুদিনীয়া সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সন্মানিত হ'ল গোলাঘাট জিলা । সন্মিলনত প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলে লোৱা প্ৰস্তুতি মূল্যাংকন কৰি গোলাঘাট, মাজুলী আৰু কাছাৰ জিলাৰ উপায়ুক্তক একোটাকৈ স্মাৰক প্ৰদান কৰা হয় ৷ এইক্ষেত্ৰত গোলাঘাট আৰু মাজুলী জিলাই যুটীয়াভাবে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে কাছাৰ জিলাই দ্বিতীয় স্থান আৰু শিৱসাগৰ জিলাই তৃতীয় স্থান অধিকাৰ কৰে । গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এই স্মাৰক গ্ৰহণ কৰে । উল্লেখযোগ্য যে বানপানীৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ ক্ষেত্ৰত গোলাঘাট জিলাই কেইবাটাও শিতানত প্ৰথম স্থান অধিকাৰ কৰে । আশংকাৰ মূল্যায়ন আৰু নীৰিক্ষণ, প্ৰস্তুতি আৰু সঁহাৰিৰ ক্ষেত্ৰত যুগুত কৰা পৰিকল্পনা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰশিক্ষণ, পুনৰসংস্থাপন আৰু বিত্তীয় সাহায্য, দুৰ্যোগৰ বিষয়ে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা আৰু ক্ষয়-ক্ষতিৰ মূল্যায়ন, আশংকাৰ বিষয়ে অৱগত কৰা আৰু সমূহীয়া অন্তৰ্ভুক্তি, দায়বদ্ধতা আৰু ওজৰ-আপত্তিৰ মীমাংসা এই আটাইকেইটা শিতানত ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাই প্ৰথম স্থান লাভ কৰে । জিলাখনে মুঠ ১০ পইণ্টৰ ভিতৰত সৰ্বাধিক ৯.৫৮ পইন্ট লাভ কৰে ।



 গোলাঘাট জিলাৰ উপায়ুক্তগৰাকীয়ে জিলাখনৰ এই সাফল্যৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া, কৰ্মচাৰী, ক্ষেত্ৰ বিষয়া আৰু স্বেচ্ছাসেৱীক ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁ লগতে প্ৰস্তুতিৰ দৰেই বানপানীৰ জোৰা মৰাৰ ক্ষেত্ৰতো জিলাখনে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰে ।

No comments