Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~প্ৰথম খণ্ড

 জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~প্ৰথম খণ্ড

  



মালবিকা শৰ্মা, ভুবনেশ্বৰ

ডাঙৰ চহৰৰ বিলাসী জীৱনশৈলীৰ পৰা আতৰি আহি এনে এখন ঠাই দেখি ল’ৰাক কৈছিলো- ইংৰাজী ভুতৰ চিনেমাত যে পুৰনা টাউনবোৰ দেখায়, তেনে ঠাইত অহা যেন লাগিছে।

    

    শান্ত শিষ্ট সৰু চহৰখনৰ সংস্কৃতিৱান সমাজখনে এতিয়াও যেন পৌৰানিক দিনৰ কিছু সংস্কাৰ তথা ৰীতি নীতি সুন্দৰকৈ বহন কৰি আছে। ভগৱানৰ ওপৰত অগাধ বিশ্বাস থকা স্থানীয় মানুহখিনি আৰু তেওঁলোকৰ পৰম্পৰাগত জীৱনশৈলীয়ে দৈনন্দিন জীৱনযাত্ৰা সুচাৰুৰূপে চলাই নিয়াত সহায় কৰিছে। চহৰখনৰ মাজত অৱস্থিত সুন্দৰ শ্ৰীকৃষ্ণ মন্দিৰটোৱে সেই পিনে যোৱা পথিকৰ মন সহজতে আকৰ্ষন কৰে। চহৰখন সৰু হ’লেও পিছে ইয়াত সকলো ধৰনৰ সা-সুবিধা আছে। তাতে ইয়াতে স্থাপিত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ডই বহু বছৰৰ পৰাই গোটেই দেশৰ ভিতৰত এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈ আছে।

  প্ৰথম দিনা আহি শান্ত,সৰু চহৰখন দেখি কোনোবা প্ৰাচীন ঠাইত  উপস্থিত হোৱাৰ দৰেই লাগিছিল। ডাঙৰ চহৰৰ বিলাসী জীৱনশৈলীৰ পৰা আতৰি আহি এনে এখন ঠাই দেখি ল’ৰাক কৈছিলো- ইংৰাজী ভুতৰ চিনেমাত যে পুৰনা টাউনবোৰ দেখায়, তেনে ঠাইত অহা যেন লাগিছে। ল’ৰাই মোৰ কথাত হয়ভৰ দিছিল। তাতে বাহিৰ ফালৰ পৰা চাবলৈ চেষ্টা কৰোতে বৰষুনৰ দিনত শৈলুৱৈ ধৰি সেউজীয়া হৈ থকা বিশ্ববিদ্যালয়খনৰ চেহেৰাটো দেখি ল’ৰাৰ মনটোও ভাল লগা নাছিল। পিছত আকৌ দুবাৰমান গৈ বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত সোমাই সুন্দৰ ডাঙৰ ডাঙৰ ক্লাচ ৰুমবোৰ আৰু সকলো ধৰনৰ সুবিধা থকা দেখিহে দুয়োৰে শান্তি লাগিছিল।

   হোটেলত থকা সময়ছোৱাৰ ভিতৰতে ল’ৰা আৰু মই দুয়ো অনলাইনতে যোগাযোগ কৰি ভাৰা ঘৰ বিচাৰি উলিয়াইছিলো। ইয়াৰে স্থানীয় শ্ৰীযুত পাই (শ্ৰীমানৰ বন্ধু)ৰ লগত আহি আমি ঘৰটো চাই মেলি থাকিবলৈ সিদ্ধান্ত ললো। উল্লেখযোগ্য যে শ্ৰীযুত পাইয়ে ইতিমধ্যে আমাৰ বাবে দুটামান ভাৰাঘৰ চাই থৈছিল। আমি ইয়াত অহাৰ পিছত তেওঁ আমাক দেখাবলৈকো লৈ গৈছিল যদিও দেখি আমাৰ পচন্দ হোৱা নাছিল। ভাৰা ঘৰত থাকিবলৈ অহাৰ পিছত  ঘৰৰ বাবে দৰকাৰী বয় বস্তু কিনিবলৈ প্ৰথম দুই তিনিবাৰ জেনেৰেল স্টোৰ এখনলৈ গৈছিলো। তাতে আমি দুয়ো নিজৰ ভাষাৰে কথা হৈ থকাত দোকানৰ হিচাপ নিকাচৰ কাম কৰি থকা মানুহজনীয়ে বৰ কৌতুহলেৰে আমি ক’ৰ পৰা আহিছো সুধিছিল আৰু কৈছিল আমি কৈ থকা ভাষাৰ লগত সিহতৰ মাতৃভাষাৰ কিছু মিল আছে। ইয়াৰ আগতেও এদিন শ্ৰীমানৰ বন্ধুজনে মানে শ্ৰীযুত পাইয়ে সমান কথাষাৰ কৈছিল। সিদিনা বজাৰ কৰি অহাৰ পাছত প্ৰায় মাজৰাতি লৈকে বহি গুগলত আমাৰ নিজৰ ভাষাৰ লগত ইয়াৰ স্থানীয় ভাষাৰ কিমান সাদৃশ্য আছে বিচাৰিছিলো যদিও তেনে ধৰনৰ একো পোৱা নাছিলো। পিছত ভালদৰে আকৌ এবাৰ এই বিষয়ে চিন্তা চৰ্চা কৰিম বুলি সিমানতে সামৰনি মাৰিছিলো।

   আমি অহাৰ সময়ত ইয়াত গৰম আৰু বৰষুন দুয়োটাই সমানে প্ৰতিযোগীতা কৰি আছিল। এতিয়া লাহে লাহে দুয়োটাৰে প্ৰকোপ কম হৈ আহিছে। বৰ্তমান গৰম যদিও ৰাতিৰ পিনে সামান্য কোমল শীতল বতাহ এচাটি আহে। সেমেকা বতৰত পিছে হৃদয় বিচলিত কৰিব পৰাকৈ তলসৰা শেৱালীৰ সেমেকা সুবাস এতিয়ালৈ পোৱা নাই। ওচৰে পাজৰে শেৱালী, বকুল ফুলৰ গছ আছে নে নাই বা। হয়তো আৰু অলপ দিনৰ ভিতৰতে নিয়ৰ পৰিবও আৰম্ভ হ’ব। শাৰদীয় বতৰ, দেৱী পূজাৰ সময় আসন্ন।  পূজাৰ বতৰত আমাৰ পিনে পূজাৰ বজাৰ বেছ গৰম হৈ থাকে। দেৱী মূৰ্তি গঢ়া কামৰ লগতে পূজাৰ পেন্ডেলৰ কামো আৰম্ভ হৈ যায়। ঘৰে ঘৰে পূজাৰ পৰিবেশ এটা সৃষ্টি হয়। ইয়াত যিহেতু দিনটো ঘৰতে সোমাই থাকো সেয়ে বাহিৰত কি হৈ আছে অনুমান কৰিব পৰা নাই। ভাবিছো কাইলৈ গধূলি ল’ৰাটোৰ লগত বজাৰৰ পৰা এপাক মাৰি অহাৰ লগতে পূজাৰ পৰিবেশো চাই আহিম। 

(আগলৈ)

No comments