Breaking News

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা অতি উদ্বেগজনক খবৰ



ভাৰতীয় অনুৰাগীসকলৰ বাবে এটা অতি উদ্বেগজনক খবৰ । অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ আঘাতৰ বাবে অংশ ল’ব নোৱাৰিব ভাৰতীয় দলৰ বলিংঙ বিভাগ মুখ্য প্ৰমোখ খেলুৱৈ যশপ্ৰীত বুমৰাহ।  ভাৰতীয় দলৰ বলিঙৰ এক গুৰুত্বপূৰ্ণ সংযোগ বুমৰাহৰ আঘাতে ভাৰতৰ দলক বাবে এক ডাঙৰ আঘাত।  এতিয়া অভিজ্ঞ দ্ৰুত বলাৰ জছপ্ৰীত বুমৰাহ  অষ্ট্ৰেলিয়াত এই প্ৰতিযোগিতাৰ বাবে দলটোৰ সৈতে উপস্থিত নাথাকিব। এতিয়া প্ৰশ্নটো হ'ল কোনজন বলাৰে এই বুমৰাহৰ স্থান দখল কৰিব।

১২ ছেপ্টেম্বৰত, ভাৰতীয় দলটো টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত কৰা হৈছিল। অভিজ্ঞ মহম্মদ ছামী আৰু দীপক চাহাৰক এই দলটোত সংৰক্ষিত স্থানত ৰখা হৈছিল।  নিৰ্বাচকসকলে এই দুয়োজন বলাৰক এনে কাৰণে দলত ৰাখিছিল যাতে এনে পৰিস্থিতি সাপেক্ষে তেওঁলোকক ষ্টেণ্ডবাইৰ পৰা মূল দলত অন্তৰ্ভুক্ত কৰিব পৰা যায়। বুমৰাহৰ প্ৰস্থানৰ পিছত এই স্থান কোনে দখল কৰি ছামীয়ে নে দীপক চাহাৰে। 

No comments