Breaking News

প্ৰাক্তন প্ৰশাসনিক বিষয়া কমলাসন গোস্বামীৰ পৰলোকঃ বিভিন্নজনৰ শোক


ডিজিটেল সংবাদ,গুৱাহাটীঃ 
 অসমৰ এগৰাকী অন্যতম মুক্তিযোদ্ধা ভাৰত চন্দ্ৰ গোস্বামীৰ  দ্বিতীয় পুত্ৰ তথা গুৱাহাটী মানিকনগৰৰ নিবাসী প্ৰাক্তন প্ৰশাসনিক বিষয়া কমলাসন গোস্বামী(দিপু)ৰ পৰলোক। আজি দুপৰীয়া প্ৰায় ১২.১৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭০ বছৰ। ১৯৫২ চনৰ ৯ জুলাইত জন্মগ্ৰহণ কৰা গোস্বামীয়ে শিক্ষা সাং কৰি অসম লোক সেৱা আয়োগৰ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। অসমৰ বিভিন্ন জিলা এগৰাকী দক্ষ প্ৰশাসনিক বিষয়াৰূপে পৰিচিত কলম গোস্বামীয়ে শোণিতপুৰ জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শোণিতপুৰ জিলাৰ উপায়ুক্ত হৈ থকাৰ সময়চোৱাত জিলাখনৰ বহু উন্নয়নমূলক কাম কৰি শোণিতপুৰবাসীৰ নয়নৰমণি হৈ পৰিছিল। এগৰাকী স্পষ্টবাদী, কৰ্মদক্ষ গোস্বামীয় আয়ুক্ত সচিব হিচাপে ২০১২ চনত কৰ্মজীৱনৰ পৰা অৱসৰগ্ৰহণ কৰে। গোস্বামীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসগৃহত উপস্থিত হৈ অগণন গুণমুদ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত গোস্বামীয়ে পত্নী, দুগৰাকী কন্যা সন্তানসহ বহু আত্মীয় স্বজনক এৰি থৈ যায়। 

বিয়লি নৱগ্ৰহ শ্মশানত গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰা হয়। 

তেখেতৰ মৃত্যুত জননী লাইভেও গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

No comments