Breaking News

খুমটাইত আৰম্ভ হৈছে ফুলৰ মেলা। নতুন বৰ্ষ ২০২৩ ক আদৰণি আৰু ২০২২ ৰ সুমধুৰ স্মৃতি বিজৰিত খুমটাই যোগীবাৰীৰ গ্ৰাম্য পৰ্যটন ক্ষেত্রত অনুষ্ঠিত হব এই ফুলৰ মেলা



ডিজিটেল সংবাদ, গোলাঘাটঃ খুমটাই   গ্ৰাম্য পৰ্যটনক আগবঢ়াই নিবৰ বাবে সমষ্টিটোৰ  বিধায়ক মৃণাল শইকীয়াই Destination khumtai ৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী গ্রহণ কৰি আহিছে। বিগত সময়ছোৱাত car rally, ৰাষ্ট্ৰীয় পৰ্যায়ৰ  মাৰাথন প্ৰতিযোগিতা , ফুটবল প্ৰতিযোগিতা আদিৰ পাছত এইবাৰ খুমটাইত আৰম্ভ হৈছে ফুলৰ মেলা। নতুন বৰ্ষ ২০২৩ ক আদৰণি  আৰু ২০২২ ৰ সুমধুৰ স্মৃতি বিজৰিত খুমটাই যোগীবাৰীৰ গ্ৰাম্য পৰ্যটন ক্ষেত্রত অনুষ্ঠিত হব এই ফুলৰ মেলা । অহা ৩১ ডিচেম্বৰ আৰু ১জানুৱাৰীত অনুষ্ঠিত হব লগা খুমটাই flower carnival  শীর্ষক অনুস্থানত ৰাজ্যৰ ওপৰিও চুবুৰীয়া  ৰাজ্যৰ পৰা বিভিন্ন ফুলৰ, নাৰ্চাৰীৰ লগতে, বিক্ৰী পৰ্দশন আৰু  প্ৰতিযোগিতা অনুষ্ঠিত হব লগা এই ফুলৰ মেলাত ৫০ খনৰো অধিক ফুলৰ নাৰ্চাৰীয়ে অংশগ্রহণ কৰিব। এই ফুলৰ মেলাত আপুনি যদি অংশ গ্রহন কৰিব বিচাৰে ৯১০১৪৮৭৪৭৪/ ৮৬৩৪২৯৩৬৫৭/৮৬৩৮৪৮৭৫০৪ এই নম্বৰত  যোগাযোগ কৰিব পাৰিব। দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোকে সহায় সহযোগিতা কামনা কৰিছে বিধায়ক মৃণাল শইকীয়াই।

No comments