Breaking News

গোলাঘাটত অসমীয়া ভাষাৰ পৰিবৰ্তে বহিৰাগত কোম্পানীয়ে বাংলা ভাষা প্ৰচাৰ কৰাক লৈ চাঞ্চল্য।

                                                                                  


ডিজিটেল সংবাদ,গোলাঘাট...গোলাঘাটত বাংলা ভাষাৰ পষ্টাৰ লগাই প্ৰচাৰ কোম্পানীৰ ...গোলাঘাটত অসমীয়া ভাষাৰ পৰিবৰ্তে বহিৰাগত কোম্পানীয়ে বাংলা ভাষা প্ৰচাৰ কৰাক লৈ চাঞ্চল্য। বাৰামতি এগ্ৰো লিমিটেড নামৰ এটা বহিৰাগত কোম্পানীয়ে বাংলা ভাষাত বেনাৰ পোষ্টাৰ লগাই পুনৰ এবাৰ অসমতে অসমীয়া ভাষাক অপমান কৰাৰ দুঃসাহস কৰাৰ অভিযোগ উঠিছে। কোম্পানীটোৱে গোলাঘাটত  অসমীয়া ভাষাৰ পৰিবৰ্তে বাংলা ভাষাত কোম্পানীটোৰ প্ৰচাৰ চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে  বীৰ লাচিত সেনা অসমৰ, গোলাঘাট জিলা সমিতিয়ে। কোম্পানীটোৱে ই-ৰিক্সাটো বাংলাভাষাৰ পষ্টাৰ লগাই চলাই আছে প্ৰচাৰ। ইয়াৰ পিছতেই বীৰ লাচিত সেনাৰ বিষয়ববীয়া কাৰ্যালয়টো উপস্থিত হৈ কোম্পানীটোৰ বিষয়াক বাংলা ভাষাৰ পষ্টাৰ আঁতৰাবলৈ তিনিদিনৰ সময় বান্ধি দিয়ে।লগতে গোলাঘাট জিলা উপায়ুক্তকো সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰে লাচিত সেনাই।

No comments