Breaking News

গোলকীয় উষ্ণায়নৰ অশনি সংকেত বুৰ যাব বহু মহানগৰ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ গংগা-ব্ৰহ্মপুত্ৰৰ ওপৰত পৰিব নেতিবাচক‌ প্ৰভাৱ চীন, নেদাৰলেণ্ডছ, আমেৰিকা, ব্ৰিটেইনৰ উপৰি সংকটৰ গৰাহত পৰিব মুম্বাই,বেংকক, জাকাৰ্টা,ছাংহাই আদি মহানগৰ

যোৱা কেইবাদশক ধৰি বিশ্ব উষ্ণায়নৰ বাবে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফৰ স্তৰ গলিবলৈ ধৰি ক্ৰমাৎ পানীলৈ পৰিণত হৈছে।একে সময়তে আটলান্টিক মহাসাগৰৰ বুকুত ভাঁহি থকা বিশাল বৰফৰ খণ্ড বা হিমশৈল গলি পানীৰ সৈতে মিলি গৈছে।আমেৰিকাৰ নেচনেল স্নো এণ্ড আইচ ডাটা চেণ্টাৰ'ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে সম্প্ৰতি এই অঞ্চসমূহত বৰফ গলা গতি অধিক বৃদ্ধি পাইছে।এই প্ৰতিবেদন অনুসৰি চলিত সপ্তাহত বৰফে ঢাকি ৰখা অঞ্চলৰ পৰিমাণ আছিল ১৯ লাখ বৰ্গিলোমিটাৰl১৯৭৯ চনৰ পৰা এনে পৰিসংখ্যা সংগ্ৰহ কৰাৰ কাম আৰম্ভ হোৱাৰ পাছত এইয়াই হৈছে বৰফাবৃত অঞ্চলৰ সংকীৰ্ণতম স্থান। এইবাৰ গ্ৰীষ্ম আৰম্ভ হোৱাৰ পূৰ্বে অতি দ্ৰুগতিত বৰফ গলাৰ এই ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে।বিজ্ঞানীসকলে জনোৱা মতে এনেদৰে দ্ৰুতগতিত বৰফ গলো থাকিলে বিশ্ব গোলকীয় উষ্ণতা বৃদ্ধিৰ গতিও ভবাতকৈ কৰাতকৈ অধিক খৰতকীয়া হৈ পৰিব।

          আশংকা কৰা হৈছে এনে উষ্ণতা বৃদ্ধি আৰু জলবায়ু সংকটে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো চহৰ তথা নদীলৈ ভয়ংকৰ বিপৰ্যয় মাতি আনিব। এফালে যিদৰে বৰফ গলী হোৱাৰ ফলত সমুদ্ৰৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব আৰু বহু মহানগৰ পানীৰ তললৈ সোমাই যাব,ঠিক সেইদৰে উষ্ণতা বৃদ্ধিৰ ফলত বহুত নদী শুকাইয়ো যাব বুলি শংকা কৰা হৈছে। অসমৰ ব্ৰহ্মুত্ৰকে ধৰি একোটা বৃহৎ অঞ্চলক জীয়াই ৰখা বহু নদীৰ পানী খৰাং হৈ পৰিব।ঠিক একেই বিপৰ্যয় আহিব গঙ্গা নদীলৈ। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্মিলনত এন্টনিঅ' গুটেৰাছে বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা জলবায়ু সংকট সম্পৰ্কে দিয়া ভাষণত এনেধৰণৰ সকিয়নী প্ৰদান কৰে।প্ৰায় ৭৫ খন দেশৰ প্ৰতিনিধিয়ে ভাগ লোৱা সন্মিলনখত সচিবপ্ৰধান গৰাকীয়ে বিশ্ব উষ্ণায়ন আৰু জলবায়ু সংকটে অদূৰ ভৱিষ্যতে বিশ্ববাসীলৈ কেনেধৰণৰ বিপদ কঢ়িয়াই আনিব পাৰে তাৰ আগজাননী দিয়াৰ লগতে সৃষ্টি হ'ব পৰা ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশসমূহক সন্মিলিতভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।তেওঁ কয় যে - শেহতীয়াকৈ জলবায়ু সংকটে যি ৰূপ ধাৰণ কৰিছে তাৰ পৰিণাম মানৱ সমাজৰ বাবে অতি ভয়ংকৰ হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ মতে জলবায়ু সংকটৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়াৰে পৰা যদি ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযায় তেন্তে বিশ্বৰ বহু অঞ্চল মানুহৰ বসবাসৰ অনুপযোগী হৈ পৰিব। উল্লেখ্য যে জলবায়ু সংকটৰ বাবে প্ৰতিবছৰে এণ্টাৰ্কটকত প্ৰায় ১৫০ নিযুত টন বৰফ গলা আৰম্ভ কৰিছে।সেইদৰে গ্ৰীনলেণ্ডৰ আইচকেপতো প্ৰতি বছৰে ২৭০ নিযুত টন বৰফ গলা আৰম্ভ কৰিছে।জলবায়ু সংকটৰ বাবে হিমালয়ান অঞ্চলত হোৱা হিমস্খলনৰ ফলত পাকিস্তানত ভয়ানক বানপানীৰ সৃষ্টি হৈছিল।অহা দশকটোত গংগা,ব্ৰহ্মপুত্ৰ আদি দৰে নদীসমূহতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে অনাগত দিনসমূহত ভাৰত, বাংলাদেশকে ধৰি নেদাৰলেণ্ড,আমেৰিকা, ব্ৰিটেইন আদিকে ধৰি কেইবাখনো দেশৰ বাবে এইয়া প্ৰকৃতিৰ 'মৃত্যুদণ্ড' স্বৰূপ হৈ পৰিব পাৰে। ৰাষ্ট্ৰসংঘr সচিবপ্ৰধান গৰাকীৰ এই সকিয়নীক লৈ সমগ্ৰ বিশ্বজুৰি শংকাৰ সৃষ্টি হৈছে।মন কৰিবলগীয়া যে প্ৰতি বছৰে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ লগে লগে সমুদ্ৰৰ জলপৃষ্ঠও বৃদ্ধি পাই আহিছে।এনে অৱস্থা অব্যাহত থাকিলে ভাৰতৰ মুম্বাই চহৰকে ধৰি বেংকক,জাকাৰ্টা, লাউছ, লণ্ডন,লছএঞ্জেলছ , মাপুতো, নিউয়ৰ্ক আৰু ছাংহাইৰ দৰে বৃহৎ মহানগৰসমূহত সমুদ্ৰৰ জলপৃষ্ঠ‌ই বিপৰ্যয়ৰ সৃষ্টি কৰিব। এন্টনিঅ'গুটেৰাছেৰ মতে সময় থাকোতেই যদি জলবায়ু সংকট বা গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰি নহয়, তেন্তে পৃথিৱীৰ বহু অঞ্চলত চিৰ‌দিনৰ বাবে নি:চিহ্ন হৈ পৰিব। তেওঁ লগতে সকীয়াই দিয়ে যে জলবায়ু সংকটৰ ফলত গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেচিয়াছতকৈ বৃদ্ধি পালেই জীৱনৰ প্ৰতি কেইবাগুনো ভাবুকি বৃদ্ধি পাব।সমুদ্ৰৰ জলপৃষ্ঠ ৬.৫ ফুটৰ পৰা ৯.৮ ফুটলৈ বৃদ্ধি পাব।একেদৰে যদি ২ ডিগ্ৰী চেচিয়াছতকৈ গোলকীয় উষ্ণতা অধিক বৃদ্ধি হয় তেন্তে সমুদ্ৰৰ জলপৃষ্ঠ ১৯.৭ ফুটোলৈ বাঢ়িব আৰু যদি উষ্ণতা ৫ ডিগ্ৰী চেচিয়াছতকৈ অধিক বৃদ্ধি পাই তেন্ত সমুদ্ৰৰ জলপৃষ্ঠ ৭২ ফুটলৈ বৃদ্ধি পাব।যদি সেইয়াই হয় তেন্তে মুম্বাই, লাওচ, বেংকক আদিকে ধৰি কেইবাখনো দেশৰ মহানগৰৰ পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিব।এনে পৰিস্থিতিয়ে ক্ষতিগ্ৰস্ত কৰিব উপকূলীয় অঞ্চলৰ ৯০০ নিযুত মানুহক।বিপদৰ সন্মুখীন হব প্ৰতি ১০ জন লোকৰ ভিতৰত একুজনকৈ লোক।সময় থাকোতেই যদি এই জলবায়ু সংকট নিয়ন্ত্ৰণ কৰা নহয় তেন্তে ২০০০ বছৰৰ ভিতৰত পৰিস্থিতি অধিক জটিল হৈ পৰিব বুলি ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান গৰাকীয়ে শকিয়াই দিয়ে।তেওঁ এইবুলি উল্লেখ কৰে যে জলবায়ু সংকটৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ মানুহে জীয়াই থাকিবলৈ নিৰাপদ স্থান বিচাৰিবলৈ আৰম্ভ কৰিব।ফলত প্ৰব্ৰজনৰ দৰে আন এক নতুন সমস্যাৰ সৃষ্টি হ'ব।গতিকে বিশ্বাসী যাতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিশ্বৰ ফেখসমূহক তেওঁ একত্ৰিতভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকিয়নী প্ৰদান কৰে।

No comments