Breaking News

২৮ জন বিদেশী পৰ্যটকক লৈ ধুবুৰীত উপস্থিত হ'লহি এম ভি 'গংগা বিলাস'

অৱশেষত বহু অপেক্ষাৰ অন্তত কালি বিয়লি প্ৰায় ৪ বজাত উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ মুঠ ৩২০০ কিলোমিটাৰ জলপথ অতিক্ৰম কৰাৰ লক্ষ্যৰে বিশ্বৰ সবাতোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম্ ভি গংগা বিলাস আহি ধুবুৰীৰ জাহাজ ঘাটত উপস্থিত হয়হি। তিনিটা ডেকসহ এম ভি গংগা বিলাসৰ দৈৰ্ঘ ৬২ মিটাৰ ৰো বহলে ১২ মিটাৰ।ইয়াৰ ২৮ টা কোঠালিত ছুইজাৰলেণ্ডৰ ২৬ গৰাকী আৰু জাৰ্মানীৰ ২ গৰাকী পৰ্যটককে ধৰি মুঠ ২৮ গৰাকী পৰ্যটক কালি আহি ধুবুৰীত উপস্থিত হয়।ধুবুৰীৰ জাহাজ ঘাটৰ প্ৰায় ২০০ মিটাৰ দূৰত্বত এম ভি গংগা বিলাসৰ নামৰ জাহাজ খন উপস্থিত হোৱাত জাহাজ ঘাটলৈ পৰ্যটকসকলক এম ভি প্ৰতিমা নামেৰে আন এখন জাহাজেৰে লৈ অনৰ ব্যৱস্থা কৰে। পৰ্যটকসকল তাত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং,ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে লোকসকলে আদৰণি জনায়। সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে অসমৰ বাবে এইয়া ঐতিহাসিক দিন,যত ২৮ জন বিদেশী পৰ্যটকে ৰিভাৰ ক্রুজ অভিজ্ঞতাৰ জৰিয়তে অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱন প্ৰতক্ষ্য কৰাৰ সুবিধা লাভ কৰিব।মন্ত্ৰী বৰুৱাই লগতে উল্লেখ কৰে - অসমত নদী পৰ্যটনৰ এক বৃহৎ সম্ভাৱনা আছে, কিয়নো ব্ৰহ্মপুত্ৰ নদীয়ে বিভিন্ন বিশিষ্ট পৰ্যটন স্থলী যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী,মা কামাখ্যা মন্দিৰ আদিক সংযোগ কৰে আৰু পৰ্যটসকলে নদী পৰ্যটনৰ সৈতে অসমৰ সৌন্দৰ্য্যও চাব পাৰে।উল্লেখযোগ্য যে ইমিগ্ৰেশ্যন কাউন্টাৰত বিদেশী পৰ্যটকসকলৰ যাৱতীয় নথি পৰীক্ষা কৰা হয়।জাহাজ ঘাটতে  স্থাপন কৰা অস্থায়ী মণ্ডপত তেওঁলোকে কোঁচ ৰাজবংশী লোকনৃত্য,গোৱালপৰীয়া লোগীত আদি উপভোগ কৰে।পৰ্যটক সকলে বিভিন্ন আত্মসহয়ক গোটে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰাচীন মুদ্ৰাৰ প্ৰদৰ্শনী সাই আপ্লুত হয়।পৰ্যটকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা পিঠা পনাৰে আপ্যায়ন কৰা হয় আৰু তাৰ পিছতেই পুনৰ পৰ্যটকৰ দলটো এক ভি প্ৰতিমাত উঠি এম ভি গংগা বিলাসলৈ ৰাওনা হয়। উল্লেখযোগ্য যে ১৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰা জাহাজখন অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ'বগৈ। 

No comments