Breaking News

ৰাজ্যত দূষিত পানীৰে চলিছে ব্যৱসায়; শীঘ্ৰেই বেইলীৰ পানী বটলৰ বিৰুদ্ধে চলিব অভিযান:

অপৰিষ্কাৰ তথা নিম্নমানৰ খোৱাপানীৰ বটলেৰে বজাৰ ভৰি পৰিছে।জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান খোৱাপানীৰ বটলত প্ৰায়ে দূষিত তথা অপৰিষ্কাৰ পানী বিক্ৰী কৰাৰ অভিযোগ উঠিছে বেইলী নামৰ কোম্পানীটোৰ ওপৰত। বেইলীৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগ সমূহক অত্যন্ত গুৰুত্বসহকাৰে লৈ অভিযোগসমূহৰ সত্যাসত্য নিৰূপনত নামি পৰিছে চৰকাৰী কতৃপক্ষ। প্ৰাপ্ত তথ্য অনুসৰি ৰাইজক অপৰিষ্কাৰ তথা প্ৰদূষিত পানী খুওৱাৰ অভিযোগত অতি শীঘ্ৰেই বেইলিৰ পানী বটলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি সকলো সঠিক তথ্য উদ্ঘাটন কৰি জনসাধাৰণক এই দূষিত পানী খোৱাৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। 

No comments