Breaking News

দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ল ১২ টা চিতা বাঘ।



দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ল ১২ টা চিতা বাঘ। শনিবাৰে দক্ষিণ আফ্ৰিকাৰ পৰা মধ্য প্ৰদেশলৈ অনা হয় এই চিতা বাঘকেইটা। ইয়াৰ পাঁচমাহ পূৰ্বে আফ্ৰিকাৰ আন এখন ৰাষ্ট্ৰ নামিবিয়াৰ পৰা ৮টাতৈ চিতা বাঘ অনা হৈছিল। বাঘকেইটাক শ্বেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ বেষ্টনীত মুকলি কৰি দিয়া হৈছিল। এই জন্তুবোৰ বিলুপ্ত হোৱাৰ সাত দশক পিছত দেশত পুনৰ ইয়াৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী হাতত লৈছিল। ১৯৪৭ চনত বৰ্তমানৰ ছত্তীশগড়ৰ কোৰিয়া জিলাত দেশৰ অন্তিম চিতাটোৰ মৃত্যু হৈছিল। আৰু ১৯৫২ চনত এই প্ৰজাতিটোক বিলুপ্ত বুলি ঘোষণা কৰা হয়। আজি অনা ১৩টা চিতাবাঘসহ কে.এন.পি.-ত চিতাৰ সংখ্যা ২০টালৈ বৃদ্ধি পালে। 

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতা বাঘৰ ভিতৰত আছে সাতটা Male আৰু পাঁচগৰাকী Female। ভাৰতীয় বায়ু সেনাৰ এখন বিমানে চিতাকেইটা লৈ পুৱা প্ৰায় ১০ বজাত গোৱালিয়ৰ বিমানবন্দৰত উপস্থিত হৈছিল। যাত্ৰাৰ সময়ত প্ৰতিটো চিতাক এটা পৃথক বিশেষ কাঠৰ বাকচত ৰখা হৈছিল। গোৱালিয়ৰত উপস্থিত হোৱাৰ পিছত, চিতাবোৰ আইএএফ হেলিকপ্টাৰত প্ৰায় ১৬৫ কিলোমিটাৰ দূৰত্বৰ শ্বেওপুৰৰ কেএনপিলৈ লৈ যোৱা হৈছিল।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দৰ যাদৱে দুপৰীয়াৰ আশে পাশে জন্তুবোৰ কেএনপিত উপস্থিত হোৱাৰ পিছত এই ফেলাইনবোৰ কণ্ট্ৰেন্টাইন বোমাত মুকলি কৰি দিয়ে। 

No comments