Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~তেইশতম খণ্ড



                                                                                                 মালবিকা শৰ্মা, ভুবনেশ্বৰ

 আমি থকা ঘৰটোৰ পৰা দেৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰ্বি জলপ্ৰপপাতটোৰ বিষয়ে বহুত শুনিছিলো। সেয়ে এটা ৰবিবাৰে প্ৰায় গধূলি সময়ত, ছয় বজাত চাবলৈ বুলি ওলালোঁ আমি তিনি প্ৰজন্মই। তিনিও অটোৰিক্সা এখনত উঠি, একা বেকা ৰাস্তাৰে, পাহাৰুৱা ঠাইখনত গৈ উপস্থিত হ’লো। ঠাইখন জনশূণ্যহীন দেখি অটোৰিক্সা চালকক অনুৰোধ কৰিলোঁ আমাৰ বাবে কিছু সময় অপেক্ষা কৰিবলৈ। তাত গৈ পোৱাৰ লগেলগে আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে দুৰ্গা দেৱীৰ এটা সুন্দৰ প্ৰকাণ্ড মন্দিৰে। আগতে জলপ্ৰপাতটো চাই আহো বুলি মন্দিৰটোৰ পিছপিনে দি থোৱা চিনবোৰ অনুসৰন কৰি গৈ একেবাৰে ঘন জংঘলখন পালোঁ। জংঘলৰ মাজেৰে আৰম্ভ হৈছে এটা অতি সৰু লুংলুঙিয়া পথ, দুইপিনে থকা গছৰ ডালবোৰ ঠেলি ঠেলিহে ভিতৰ সোমাব লাগিব। গধূলি সময়ত জংঘলৰ ভিতৰত এনেদৰে সোমোৱাতকৈ আমি দিনে পোহৰে চাবলৈ আহিম বুলি সিদ্ধান্ত ল’লো। আকৌ উভতি আহি দূৰ্গা মন্দিৰটো দৰ্শন কৰিবলৈ গ’লো।

     মণিপালৰ আৰ্বি জলপ্ৰপাতৰ ওচৰত, দশৰথ নগৰত অৱস্থিত শ্ৰী বৈষ্ণৱী দুৰ্গা মন্দিৰ। ধুনীয়া শান্ত ঠাইত,  জনসমাগমৰ পৰা দূৰত এইটো এটা অতি সুন্দৰ মন্দিৰ৷  মণিপাললৈ ফুৰিব অহা মানুহে ইয়াক নিশ্চয়কৈ চোৱা উচিত। মন্দিৰৰ চৌহদৰ ভিতৰত সোমাই আহোতে এক ধৰনৰ ঐশ্বৰিক অনুভূতিয়ে মনটো আপ্লুত কৰি তুলিলে। শুনা মতে এই মন্দিৰটোৰ দুই হাজাৰ (২০০০) বছৰৰ ইতিহাস আছে। স্থাপত্যৰ ফালৰ পৰা এই মন্দিৰটো অতি আকৰ্ষনীয় ভাৱে নিৰ্মাণ আৰু সংৰক্ষন কৰা হৈছে।

ডাঙৰ মন্দিৰটোৰ পিছপিনে আৰু দুটা সৰু মন্দিৰো আছে। আৰ্বি জলপ্ৰপাতটো চোৱা নহ’ল যদিও দুৰ্গা মন্দিৰটো চাই বৰ ভাল লাগিল মনটো।

      শোভাই কেইদিনমান আগতে আমাক তাইৰ বিশেষ ভাষাৰে বুজাই কৈছিল এই কেইদিনতে সিহতৰ নৱবৰ্ষ আৰম্ভ হ’ব বুলি। উগাদি উৎসৱ। কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, আৰু তেলেংগানা ৰাজ্যৰ জনসাধাৰণে হিন্দু পঞ্জিকা অনুসৰি উগাদি উৎসৱ নৱবৰ্ষৰ আৰম্ভণিৰ প্ৰতীকৰূপে উদযাপন কৰে। উগাদি চৈত্ৰৰ প্ৰথম দিনটোত পৰে। উগাদিৰ উৎপত্তি সংস্কৃত যুগদি শব্দৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়। যুগদি শব্দটো হৈছে যুগ (সময় বা বয়স) আৰু আদি (আৰম্ভণি) দুটা শব্দৰ একত্ৰীকৰণ।  গতিকে, উগাদি বা যুগাদিৰ আক্ষৰিক অৰ্থ হ’ল ‘এটা নতুন সময় বা নতুন যুগৰ আৰম্ভণি’। কিংবদন্তি অনুসৰি ভগৱান ব্ৰহ্মই উগাদিৰ দিনত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰম্ভ কৰিছিল।  তাৰ পিছত তেওঁ সময়ৰ হিচাপ ৰাখিবলৈ দিন, সপ্তাহ, মাহ, বছৰ সৃষ্টি কৰিছিল।  

     এই বিশেষ দিনটোত মানুহে সূৰ্য্য উদয়ৰ আগতেই সাৰ পাই আনুষ্ঠানিকভাৱে তেল-স্নান কৰি সাজু হয়, কিয়নো উগাদিৰ বাবে ই এটা প্ৰচলিত প্ৰথা।  আনকি এই দিনটোত দেৱ-দেৱীৰ মূৰ্তিকো তেলেৰে স্নান কৰোৱা হয়। মন্দিৰ, ঘৰ-দুৱাৰ, দোকান-পোহাৰবোৰ ফুল আৰু আমৰ পাতেৰে সজাই তোলে হয়, ঘৰৰ সন্মুখত ৰঙীন ফুলৰ ৰংগোলি বনোৱা হয়। সেইদিনা পিন্ধিবলৈ নতুন কাপোৰ কিনা হয়।  উগাদি উৎসৱ উদযাপনৰ বাবে বিশেষ খাদ্য প্ৰস্তুত কৰা হয়। শোভাই আগতে কৈ থোৱা মতেই নৱবৰ্ষৰ সন্ধিয়া উগাদিৰ বিশেষ খাদ্য প্ৰস্তুত কৰি আনি আমাক খাবলৈ দি গ’ল। পোলাও, গজা মুগৰ তৰকাৰি, নাৰিকলেৰে বেঙেনা ভজা, পৰঠা, চাউলৰ পায়স ইত্যাদি সুস্বাদু খাদ্যৰ সৈতে দুখন ধুনীয়া শাৰীও তাই মা আৰু মোক উপহাৰ হিচাপে দিলে। সাধাৰন ঘৰৰ কামত সহায়কাৰী মানুহজনীৰ অন্তৰৰ বিশালতাই আমাৰ হৃদয় স্পৰ্শ কৰিলে। মায়ে দৌৰাদৌৰিকৈ কিনি থোৱা নতুন শাৰী এখন আনি তাইৰ হাতত উপহাৰ ৰূপে দি পঠালে। (আগলৈ) 

No comments