Breaking News

বিপদত ৰাহুল গান্ধী, মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী


ডিজিটেল ডেস্কঃ
গুজৰাটৰ চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁৰ "মোডী উপাধি"ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰিছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা ২০১৯ ৰ অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰে আদালতে। 
অবশ্যে ৰাহুল গান্ধীৰ জামিন মঞ্জুৰ কৰিছে আদালতে। আইপিচিৰ ৪৯৯ আৰু ৫০০ ধাৰাৰ অধীনত গান্ধীক দোষী সাব্যস্ত কৰা মুখ্য ন্যায়িক দণ্ডাধীশ এইচ এইচ বৰ্মাৰ আদালতেও তেওঁক জামিন প্ৰদান কৰে আৰু উচ্চতৰ আদালতত আপীল কৰাৰ অনুমতি দিবলৈ ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখে। এই কথা জানিবলৈ দিয়ে কংগ্ৰেছ নেতাজনৰ অধিবক্তা বাবু মাংগুকিয়াই। ৰায় ঘোষণা হোৱাৰ সময়ত ৰাহুল গান্ধী আদালতত উপস্থিত আছিল।
উল্লেখ্য যে ‘কেনেকৈ সকলো চোৰৰ উপাধি মোদী হয়" বুলি মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ইয়াৰ পিছতেই বিজেপি বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ দিছিল। উক্ত গোচৰৰ ভিত্তিতেই আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই ৰায়দান প্ৰদান কৰে।

No comments