Breaking News

নুমলীগড়ৰ এখন চৰকাৰী অসমীয়া বিদ্যালয়ত ব্যতিক্ৰমী দৃশ্য, নামভৰ্তিৰ বাবে সহস্ৰাধিকৰ ভিৰ

অজন্তা তালুকদাৰ,বোকাখাত

 প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষও নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এক ব্যতিক্রমী দৃশ্য। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনত নিজৰ সন্তানটিক নামভর্তি কৰিবৰ বাবে অভিভাৱক তথা ছাত্র-ছাত্রীয়ে বিদ্যালয়খনত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়খনত আজি সহস্ৰাধিক  ছাত্ৰ-ছাত্ৰী, অভিভাৱক নতুনকৈ  নামভৰ্তিৰ বাবে আবেদন কৰি ভিৰ কৰে।  ১৯৬৩ ত স্থাপন হোৱা বিদ্যালয়খনত বিগত বৰ্ষত  ১০৪২ জন ছাত্র-ছাত্রী আছিল  আৰু এইবৰ্ষৰ সকলো আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিলে প্ৰতিটো শাখাতে শতাধিক ছাত্র-ছাত্ৰীকে নামভৰ্তি কৰিব লাগিব। ইয়াৰ ফলশ্ৰুতিত পাঠদানৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ'ব লাগিব। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক লৈ শ্ৰেণীকোঠাৰ কোনো অসুবিধা নাই যদিও পর্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। বিদ্যালয়খনক শেহতীয়াকৈ চৰকাৰীভাৱে দ্বৈত মাধ্যম ইংৰাজী আৰু অসমীয়া কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি প্ৰধান শিক্ষক মহেন শইকীয়াৰ পৰা জানিব পৰা গৈছে। ইফালে বিদ্যালয়খনে আসাম টিংকাৰীং লেবৰ লগতে এটা স্মাৰ্টক্লাছ কোঠা লাভ কৰিছে।

 বিদ্যালয়খনৰ সেউজ পৰিৱেশৰ লগতে জৈৱিক পদ্ধতিৰে ছাত্ৰ ছাত্ৰীক কৃষি জ্ঞান দিয়া হয়। বৃত্তি মূলক শিক্ষা দিয়া হয়। উল্লেখ্য যে বিদ্যালয়খনৰ সাম্প্রতিক সময়ত এই পৰিৱেশ সম্ভৱতঃ ৰাজ্যখনৰ ভিতৰতে বিৰল। শিক্ষক-শিক্ষয়িত্রী, পৰিচালনা সমিতি তথা অভিভাৱকবর্গৰ একত্রিত প্রয়াসে বিদ্যালয়খনক চৰকাৰী বিদ্যালয় হ'লেও এক উচ্চ শিখৰত উপনীত কৰাইছে বুলি চর্চা চলিছে। বিদ্যালয়খনত শিক্ষাৰ লগতে ফুটবল, ক্রিকেট, কাবাডীকে আদি কৰি বিভিন্ন ধৰণৰ খেল, সাংস্কৃতিক ক্ষেত্ৰত নৃত্য-গীত, সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বছৰেকীয়া আলোচনী, প্ৰাচীৰ পত্ৰিকা ইত্যাদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, সাংস্কৃতিক তথা ক্রীড়াৰ ক্ষেত্ৰত চৰম উৎকর্ষ সাধনৰ চেষ্টা অহৰহ কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ প্ৰাৰ্থনাৰ সময়চোৱাতো প্রতিদিন বিভিন্ন ব্যতিক্রমী অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ জন্মদিনত গছপুলি ৰোপনকে আদি কৰি অত্যাধুনিক ডিজিটেল লেব, কলা-কৃষ্টিৰ কুটীৰ নামৰ এটি সংগ্রহালয়কে আদি বিদ্যালয়ত সংযোজিত হৈ আছে । তদুপৰি, বিদ্যালয়খনৰ পৰিৱেশ সুস্থ হোৱাৰ লগতে সেউজ সুন্দৰ হোৱাৰ বাবে ২০১৯ বৰ্ষৰ গ্ৰাছ গ্রীণ এৱাৰ্ড লাভ কবিবলৈ সক্ষম হয়।

 ইপিনে, বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'নুমলী' বিগত ২০০২ চনৰ পৰা অবিৰতভাৱে প্রকাশ পাই আহিছে আৰু এই সময়ছোৱাত আলোচনীখনে কেইবা ঠাইতো বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজে নিজ নিজ সন্তানক নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি দি ভৱিষ্যতৰ মানুহ হিচাবে গঢ় দিয়াৰ সপোন ৰচিছে। কিন্তু প্ৰ-পত্ৰ পূৰণ কৰিও নিজ সন্তানে বিদ্যালয়খনত পঢ়িবলৈ পাব নে নাই, ইয়াকে লৈ চৰম অনিশ্চয়তাত ভুগিব লগাত পৰিছে। বিদ্যালয়খনত ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে। এই ক্ষেত্ৰত, অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰেই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী বৃদ্ধি কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে। সম্প্ৰতি নৱম শ্ৰেণীৰ নামভৰ্তিৰ বাবে আন বিদ্যালয়ৰ পৰা আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। 

No comments