Breaking News

বোকাখাতত ৰাগবী খেলৰ প্ৰশিক্ষণ শিৱিৰ

অজন্তা তালুকদাৰ, বোকাখাত

বোকাখাত জিলা ৰাগবী সন্থাৰ উদ্যোগত আৰু গুটুং যুৱক সংঘৰ সহযোগত মহুৰামুখ অঞ্চলৰ গুটুং ৰাজহুৱা খেলপথাৰত ২২ মাৰ্চৰ পৰা সপ্তাহজোৰা ৰাগবী প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰা হৈছে। বিভিন্ন বয়সৰ প্ৰায় ৬০গৰাকী খেলুৱৈয়ে অংশ গ্রহন কৰা প্ৰশিক্ষণ শিৱিৰটোৰ শুভ উদ্বোধন কৰে বোকাখাত জিলা ৰাগবী সন্থাৰ সভাপতি সুবোধ বৰাই আৰু বিশিষ্ট অতিথি হিচাবে কমাৰগাওঁ আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক দিপাংকৰ মৰাং আৰু বোকাখাত মহকুমা চুতীয়া ছাত্র সন্থাৰ সম্পাদক লাচিত কাকতি উপস্থিত থাকি  খেলুৱৈসকলক শুভেচ্ছা জনাই। শিবিৰৰ প্ৰশিক্ষকৰূপে নলবাৰীৰ হিতৰাজ বৰ্মন আৰু বিপ্লব বৰ্মনে দায়িত্ব বহন কৰিছে। অনুষ্ঠানৰ আঁত ধৰে বোকাখাত জিলা ৰাগবী সন্থাৰ সম্পাদক অসীম দলেই। বোকাখাত মহকুমাত নতুনকৈ প্ৰৱৰ্তন কৰা খেলবিধক লৈ অঞ্চলটোৰ খেলুৱৈ আৰু ৰাইজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে।

No comments