Breaking News

হাজোৰ দামপুৰত গড়কাপ্তানী পথৰ একাঁঠু পানীত জাকৈ, জুলুকী লৈ মাছ মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

 বাৰিষা আহিলেই পানীত বুৰ গৈ থকা হাজোৰ এটা গড়কাপ্তানী পথ। এই পথটিৰ বাবে জলবন্দী হবলগীয়া হৈছে হাজোৰ দামপুৰৰ মৌজাদাৰ চুবাৰ প্ৰায় দুশৰ পৰা তিনিশটাকৈ পৰিয়াল।দামপুৰৰ পৰা জানৰপাৰ সংযোগী এই গুৰুত্বপূৰ্ণ গড়কপ্তানী পথছোৱাৰ  বিধ্বস্ত ৰূপে এতিয়া অঞ্চলটোৰ জনজীৱন স্তব্ধ কৰি তুলিছে। বিগত কেইবা বছৰ ধৰি এই পথছোৱাৰ এনে অৱস্থাৰ বাবে অঞ্চলবাসীয়ে যাতায়তৰ নামত দুৰ্ভোগ ভূগি আহিবলগীয়া হৈছে। জিলা প্ৰাশাসন, সংশ্লিষ্ট বিভাগৰ লগতে চক্ৰ বিষয়া আৰু স্থানীয় বিধায়িকা গৰাকীক কাকুতি-মিনতি কৰিও আজিলৈ একো সুফল নাপালে দামপুৰৰ মৌজাদাৰ চুবাৰ এইসকল ৰাইজে। যাৰ বাবে আজি এনেদৰে একাঁঠু পানীৰে ভৰি পৰা পথছোৱাত জাল,পল' মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলে অঞ্চবাসীয়ে। কেৱল এয়াই নহয়, অসম চৰকাৰ হায় হায়, গড়কাপ্তানী বিভাগ হায় হায়, বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কাম নাই আদি বিভিন্ন শ্লোগানে ৰাইজে উত্তাল কৰি তোলে দামপুৰৰ ৰাজপথ। দীৰ্ঘদিন ধৰি হৈ থকা বানপানীৰ সমস্যাই অঞ্চল বাসীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে স্থানীয় ৰাইজে। দামপুৰ গাঁও খন মুছলিম প্ৰধান অঞ্চল বাবে হাজো বিধায়িকা সুমন হৰিপ্ৰিয়া দামপুৰ বাসী ৰাইজৰ ওচৰলৈ নোযোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

No comments