Breaking News

তিনিদিনৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

সাধাৰণ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থাকিব তিনিদিন। ৬,৭ আৰু ৮ এপ্ৰিলত দৰ্শন কৰিব নোৱাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

কাজিৰঙাত অনুষ্ঠিত হবলগীয়া গজ উৎসৱ উপলক্ষে ৬, ৭, ৮ এপ্ৰিললৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি, অগৰাতলী আৰু বুঢ়াপাহাৰকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বনাঞ্চল। সাধাৰণ পৰ্যটকৰ বাবে জীপ চাফাৰি আৰু হাতী চাফাৰী দুয়োটাই বন্ধ ৰখাৰ বিষয়ে এক জাননীযোগে প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। 

No comments