Breaking News

ভয়ংকৰ ভূমিকম্পই কঁপাই গ’ল ৰাজধানী দিল্লী



ডিজিটেল ডেস্কঃ মঙলবাৰে সন্ধিয়া কেইবা ছেকেণ্ড ধৰি চলি থকা তীব্ৰ ভূমিকম্পৰ  দিল্লীকে ধৰি  চুবুৰীয়া অঞ্চলত কঁপাই তোলে। 

এই ভূমিকম্পত  সমগ্ৰ দিল্লী-এনচিআৰ অঞ্চলত কম্পন অনুভৱ কৰা হৈছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ তথ্য অনুসৰি মঙলবাৰে ভাৰতীয় সময় অনুসৰি ২২:১৭:২৭ বজাত ৬.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তুৰ্কমেনিস্তান, ভাৰত, কাজাখস্তান, পাকিস্তান, তাজিকিস্তান, উজবেকিস্তান, চীন, আফগানিস্তান আৰু কিৰগিজস্তানত ৰিখটাৰ স্কেলত ৬.৬ জোখৰ ভূমিকম্পহোৱাৰ খবৰ পোৱা গৈছে। ভূমিকম্পৰ কেন্দ্ৰস্থল আফগানিস্তানৰ কালাফগানৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত বুলি ধাৰণা কৰা হৈছে।

ভূমিকম্পৰ পিছত, দিল্লী অগ্নি নিৰ্বাপক সেৱাই শকৰপুৰ অঞ্চলত এটা অট্টালিকা হেলনীয়া হৈ পোৱাৰ তথ্য লাভ কৰিছিল বুলি জনা গৈছে। 

No comments