Breaking News

মোগলেই নহয় মহাত্মাকো চেঞ্চৰ এন.চি.ই.আৰ.টি.ৰ: নাথুৰাম গডছেৰ ‘চৰমপন্থী' আখ্যা আঁতৰিল পাঠ্যপুথিৰ পৰা

এন.চি.আৰ.টিয়ে দেশৰ শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ পৰা কেৱল মোগলৰ অধ্যায় কৰ্তন কৰাই নহয়, একে সময়তে পাঠ্যপুথিত জাতিৰ পিতা মহাত্মা গান্ধীৰ ক্ষেত্ৰটো চৰকাৰে বিচৰা ধৰণে সকলো সলনি কৰি পেলাইছে। এন.চি.ই.আৰ.টি-ৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ অধ্যায় সম্পূৰ্ণৰূপে বিলুপ্ত কৰাক লৈ সৰ্বত্ৰে প্ৰতিবাদ হৈ থকাৰ সময়তে মোদী চৰকাৰে মহাত্মা গান্ধীৰ ভাৱধাৰাক চেন্সৰ কৰা বিষয়টো সকলোৰে অগোচৰে ৰৈ গৈছে। মোগলক লৈ দেশত সপক্ষে আৰু বিপক্ষে প্ৰৱল সমালোচনাৰ জোঁৱাৰ উঠিব বুলি নিশ্চিত মোদী চৰকাৰে কৰা ধাৰণা আৰু পৰিকল্পনা সত্যত পৰিণত হৈছে। একে সময়তে জাতিৰ পিতাৰ ওপৰত কেচি চলোৱাৰ ঘটনা মোগল বিতর্কই ঢাকি ৰাখিবলৈ সমৰ্থ হ'ব বুলি মোদী চৰকাৰে কৰা আশাও শুদ্ধ বুলি প্ৰমাণিত হৈছে। মোদী চৰকাৰৰ শাসনকালত মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ ভাবমূর্তিও দেশৰ শিক্ষাৰ্থীৰ পাঠ্যপুথিত সলনি কৰা হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ সৌজন্যত এতিয়া আৰু নাথুৰাম গডছে 'চৰমপন্থী' (এক্সট্রিমিষ্ট) নহয়। এন চি ই আৰ টিৰ সকলো পাঠ্যপুথিৰ পৰা বিলুপ্তি ঘটোৱা হৈছে ২০০২ চনত গুজৰাটত সংঘটিত সাম্প্রদায়িক সংঘৰ্ষৰ ঘটনা, সেই ঘটনাৰ প্ৰসংগ উল্লেখ থকা সকলো অধ্যায়। আনকি নোহোৱা কৰি পেলোৱা হৈছে— গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্রী তথা বিজেপিৰ সৰ্বকালৰ সবাটোকৈ গ্রহণযোগ্য নেতা অটল বিহাৰী বাজপেয়ীয়ে ৰাজধর্ম পালন কৰিবলৈ দিয়া উপদেশৰ কথা।

২০১৪ চনত শাসনভাৰ লাভ কৰা নৰেন্দ্ৰ মোদী চৰকাৰে যে প্রণালীবদ্ধভাৱে দেশৰ ইতিহাস সলনি কৰাৰ নিৰন্তৰ চেষ্টাত অগ্ৰসৰ হৈছে, তাত সন্দেহৰ সামান্যতম থলো নাই । এন চি ই আৰ টিয়ে এই পাঠ্যপুথি বিতৰ্ক সন্দৰ্ভত কৈছিল যে, কভিড অভিমাৰীত পিছপৰি যোৱা শিক্ষার্থীয়ে যাতে কাৰ্যকৰী প্ৰত্যাৱৰ্তন ঘটাব পাৰে, সেই ব্যৱস্থা হাতত লৈয়েই পাঠ্যক্ৰম কিছু পৰিমাণে সংক্ষিপ্ত কৰা হৈছে। কিন্তু পাঠ্যক্ৰমৰ যিবোৰ বিষয় বিলুপ্ত কৰা হৈছে আৰু যিবোৰ বিষয় সম্পাদিত হৈ কৰা হৈছে সেয়া দেখিলে সামান্য জ্ঞানবুদ্ধি থকা লোকেও বুজিব, দেশৰ উঠি অহা প্ৰজন্মক মোদী চৰকাৰে ভাৰতৰ প্রকৃত ইতিহাস নহয়; বৰং বিজেপি আৰু আৰ এছ এছে বিচৰা ধৰণে ইতিহাসৰ জ্ঞান দিবলৈ কৰা পৰিকল্পনা কাৰ্যকৰী কৰি আছে। ইয়াৰ জৰিয়তে লুকুৱাই পেলোৱা হৈছে বহু জীয়া, ইতিহাসৰ অধ্যায়। আনহাতে, এন.চি.টি.ই.আৰ টিয়ে কভিডকালত পাঠ্যক্রম সংক্ষিপ্ত কৰাৰ যি স্পষ্টীকৰণ দিছে সেয়া জীয়া ফাঁকিৰ বাহিৰে আন একো নহয় । কিয়নো ২০১৪ চনত শাসনভাৰ লোৱাৰ পৰা মোদী চৰকাৰৰ অধীনত ২০১৭ চনলৈ মুঠতে তিনিবাৰ এন.চি.ই আৰ.টিৰ পাঠ্যক্ৰমৰ সংশোধনৰ পৰ্যালোচনা কৰা হৈছে।কভিডোত্তৰ পৰিস্থিতিত কৰা হৈছে এবাৰ। প্রথম তিনিবাৰৰ পৰ্যালোচনাত এন.চি.ই.আৰ.টিৰ ১৮২খন পাঠ্যপুথি সম্পাদিত কৰা হৈছে আৰু মুঠতে ১,৩৩৪ টা বিষয় পৰিবৰ্তন কৰি নতুনকৈ লিপিবদ্ধ কৰা হৈছে। ২০১৪-১৭ চনলৈ দেশত ক’ভিড নাছিল । সেয়েহে এয়া যে মোদী চৰকাৰৰ দেশৰ ইতিহাস সলনি কৰাৰ প্ৰণালীৱদ্ধ পৰিকল্পনা সেয়া কাকো বেলেগকৈ বুজোৱাৰ অৱকাশ নাই।আৰ এছ এছ ৰ ইচ্ছানুসৰি ৰাম মন্দিৰ, জম্মু-কাশ্মীৰৰ ‘এজেণ্ডা' মোদী চৰকাৰে ৰূপায়ণ কৰিছে। ইতিহাস সলনিৰ আৰড এছ এছৰ 'এজেণ্ডা’ও পৰিকল্পিতভাৱে বাস্তবায়িত কৰিছে মোদী চৰকাৰে। ইমান কৰিলেও মোদী চৰকাৰে মহাত্মা গান্ধীৰ ওপৰতো কেচি চলোৱাৰ দুঃসাহস কৰিব বুলি দেশবাসীৰ কল্পনাৰো অগোচৰ আছিল। কিন্তু দেশৰ ইতিহাস আৰু ঐতিহাসিক ঘটনা সলনিৰ বাবে মোদী চৰকাৰে স্বয়ং জাতিৰ পিতা মহাত্মা গান্ধীকো সাৰি যাবলৈ নিদি এনেধৰণৰ অদমনীয় বৈশিষ্ট প্রকাশ কৰিছে।

       মহাত্মা গান্ধীৰ ক্ষেত্ৰত কৰা সম্পাদনাৰ জৰিয়তে মহাত্মাৰ ভাৱধাৰা সলনি কৰা হৈছে আৰু আৰ এছ এছক মহিমামণ্ডিত কৰা হৈছে। একে সময়তে জাতিৰ পিতাৰ হত্যাকাৰী নাথুৰাম গড়ছে সন্দৰ্ভত থকা সত্য কিন্তু বিৰূপ বক্তব্য নোহোৱা কৰা হৈছে। দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ কিতাপত থকা ‘মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন' পাঠটো সম্পূর্ণৰূপে সম্পাদনা কৰা হৈছে। তাৰ এটা পেৰাগ্ৰাফত লিখা হৈছে— '৩০ জানুৱাৰীৰ বিয়লিৰ প্ৰাৰ্থনা সভাতে গান্ধীজীক এজন যুৱকে গুলীয়াই হত্যা কৰিলে। নাথুৰাম গড়ছে নামৰ হত্যাকাৰীজনে পাছত আত্মসমর্পণ কৰে।' পূৰ্বে এই পেৰাগ্ৰাফটোত লিখা আছিল— “গান্ধীক এজন যুৱকে গুলীয়াই হত্যা কৰে। আত্মসমৰ্পণ কৰা  হত্যাকাৰীজন আছিল পুনেৰ এজন ব্ৰাহ্মণ যুৱক, নাম নাথুৰাম গডছে। তেওঁ এখন চৰমপন্থী (এক্সট্রিমিষ্ট) হিন্দু সংবাদপত্ৰৰ সম্পাদক, যি গান্ধীজীক মুছলমানৰ পৃষ্ঠপোষকতা কৰাৰ বৰ বাবে ঘৃণা কৰিছিল।' দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ ইট ‘পলিটিক্স ইন ইণ্ডিয়া ছিল ইণ্ডিপেণ্ডেন্স' অধ্যায়ৰ ব্যাপক সম্পাদনা কৰা হৈছে, য'ত “মহাত্মা গান্ধীৰ ত্যাগ' শীৰ্ষক পাঠটো সলাই দিয়া হৈছে। পুৰণি পাঠত আছিল— “হিন্দু-মুছলিমৰ ঐক্য আৰু সংহতিৰ বাবে চলোৱা দৃঢ় পদক্ষেপত ' হিন্দু চৰমপন্থী সংগঠন ইমানেই ক্ষুব্ধ হৈছিল যে, তেওঁলোকে মহাত্মা গান্ধীক হত্যা কৰিবলৈ কেইবাবাৰো চেষ্টা চলাইছিল।' নতুন সংস্কৰণত এই সম্পূর্ণ অংশ বিলুপ্ত কৰা হৈছে । তদুপৰি পুৰণি পাঠত থকা ‘মহাত্মা গান্ধীয়ে তেনে সংগঠন-ব্যক্তিক অপচন্দ কৰিছিল, যি হিন্দু সংগঠন-ব্যক্তিয়ে মুছলিমৰ বিৰুদ্ধে প্রতিশোধ ল'বলৈ চেষ্টা কৰিছিল আৰু মুছলিম ৰাষ্ট্ৰ পাকিস্তানৰ দৰে ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল বাক্যও বিলুপ্ত কৰা হৈছে। তদুপৰি ‘মহাত্মা গান্ধীৰ হত্যাৰ পাছত চৰমপন্থী সংগঠন আৰ এছ এছক কিছুদিনৰ বাবে নিষিদ্ধ কৰাত সাম্প্রদায়িক বিষবাষ্প আৰু ঘৃণাৰ পৰিৱেশৰ অৱসান ঘটিল' বুলি থকা পেৰাগ্রাফো বিলুপ্ত কৰা হৈছে। এনেদৰে মহাত্মা গান্ধীৰ বক্তব্য চেঞ্চৰ ঘৰ কৰি সম্পাদনা কৰি জাতিৰ পিতাৰ প্ৰকৃত ভাৱধাৰা দেশৰ  নতুন প্ৰজন্মৰ ওচৰত সলাই পেলোৱা হৈছে অথবা লুপ্ত কৰি ৰি দিয়া হৈছে। ফলত ইতিহাসত সত্য কথা লিখা থাকে বুলি প্ৰচলিত ধাৰণাটোৱেই বিলুপ্তিৰ গৰ্ভত নিমজ্জিত হোৱাৰ আশংকা হৈছে। 

No comments