Breaking News

মোগলৰ বিৰুদ্ধে ছার্জিকেল ষ্ট্ৰাইক কেন্দ্ৰীয় চৰকাৰৰ

পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ওপৰত চলোৱাৰ দৰে নৰেন্দ্ৰ মোদী চৰকাৰে ইতিহাসৰ পৃষ্ঠাত ছার্জিকেল স্ট্রাইক চলাই নিমিষতে মোগলক নি:শ্চিহ্ন কৰি দিছে। ১৫২৬ খ্ৰীষ্টাব্দৰ পৰা ১৭৬১ খ্ৰীষ্টাব্দলৈ ২০০ বছৰৰো অধিক কাল ভাৰতত শাসন কৰা মোগলৰ এই ভাৰতত এক বিস্তৃত ইতিহাস আছে। মোদী চৰকাৰৰ অধীনস্থ এন.চি.ই.আৰটিয়ে দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিৰ পৰা মোগলৰ ৰাজত্বৰ সময়ছোৱাৰ সম্পূৰ্ণ অংশ বিলুপ্ত কৰি মোগলৰ ওপৰত ছার্জিকেল স্ট্রাইক চলোৱা বুলিয়ে সৰ্বত্ৰে সমালোচনাৰ জোঁৱাৰ উঠিছে। উল্লেখযোগ্য যে  দ্বাদশ শ্ৰেণীৰ বুৰঞ্জী পাঠ্যপুথিৰ পৰা 'কিংছ এণ্ড ক্রনিকেলছ, দ্য মোগল ক'টি' অধ্যায়টো প্ৰত্যাহাৰ কৰিছে এন চি ই আৰ টিয়ে। তাৰোপৰি এন চি ই আৰ টিয়ে হিন্দী পাঠ্যক্ৰমৰ পৰাও কিছু কবিতা আৰু দফা আঁতৰাই পেলাইছে। নতুন শিক্ষাবৰ্ষৰ পাঠ্যপুথিত এই সংশোধনী অনা হৈছে। দ্বাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰো দুটা অধ্যায় ক্রমে 'বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্য' আৰু ‘শীতল যুদ্ধৰ যুগ'ক কৰ্তন কৰিছে। দ্বাদশ শ্ৰেণীৰ পাঠপুথিৰ পৰা 'স্বাধীনতাৰ পাছত ভাৰতীয় ৰাজনীতিৰ দুটা অধ্যায় আঁতৰাই পেলাইছে। ইয়াৰ লগতে দশম আৰু একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও ‘গণতন্ত্ৰ আৰু বৈচিত্ৰ্য' আৰু 'জনপ্রিয় সংগ্ৰাম আৰু আন্দোলন' শীর্ষক অধ্যায় দুটাকো প্ৰত্যাহাৰ কৰিছে। দশম শ্ৰেণীৰ পাঠ্যপুথি গণতান্ত্ৰিক ৰাজনীতি -২ ৰ পৰা ‘গণতন্ত্ৰৰ প্রত্যাহ্বান' শীর্ষক অধ্যায়টোক আঁতৰাই দিয়া হৈছে। একাদশ শ্ৰেণীৰ পাঠ্যপুথি ‘বিশ্ব ইতিহাসৰ বিষয়বস্তুৰ পৰা‘কেন্দ্ৰীয় ইছলামিক ভূমি, সংঘৰ্ষ-সংস্কৃতি আৰু ঔদ্যোগিক বিপ্লব'ৰ অধ্যায়কেইটাক আঁতৰাই দিছে এন টি ই আৰ টিয়ে। লক্ষণীয়ভাৱে মোদী চৰকাৰৰ এই সিন্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে দেশৰ সর্বত্রতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে প্রতিক্ৰিয়াৰ মাজতে শাসকীয় বিজেপি দলৰ মন্ত্ৰী- বিধায়কে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সিদ্ধান্তক মুকলি সমর্থন জনাইছে। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে এখোজ আগুৱাই লালকিল্লা, তাজমহল কুতুবমিনাৰ আদি মোগলৰ সকলো স্থাপত্য ভাঙি তাৰ ঠাইত বৃহৎ বৃহৎ মন্দিৰ নিৰ্মাণৰ সপক্ষে যুক্তি আগবঢ়াইছে। মোগলে হিন্দু ৰজাসকলৰ প্ৰতি কৰা অন্যায়ৰ শাস্তি এন চি আৰ টিয়ে দিয়া বুলিও দাবী কৰে বিধায়ক কুৰ্মীয়ে। তেওঁ কয়—"তাজমহল কুতুবমিনাৰ, লালকিল্লা ভাঙি তাত বিশ্বৰ সবাতোকৈ ধুনীয়া মন্দিৰ নির্মাণ হওক। এই মন্দিৰ নিৰ্মাণৰ কাৰণে বিধায়ক হিচাপে মই পোৱা দৰমহাৰ এবছৰৰ অংশ দান দিম। মোগলৰ প্ৰসংগ বহু আগতে পাঠ্যক্ৰমৰ পৰা আতৰিব লাগিছিল। চৰ্দাৰ পেটলৰ আটাইতকৈ ওখ মূৰ্তি যদি নিৰ্মাণ কৰিব পাৰো তেন্তে তাজমহল ভাঙি সেই ঠাইতো বিশ্বৰ আটাইতকৈ ধুনীয়া মন্দিৰ নিৰ্মাণ কৰিব পাৰিম। মোগলসকলে আমাৰ প্ৰতি কৰা অন্যায়ৰ শাস্তি আজি পালে। আমাৰ প্ৰতি কৰা অন্যায়ৰ বিচাৰ হ'ল এন চি ই আৰ টি পাঠ্যক্ৰমৰ পৰা মোগলক নিছিন্ন কৰি। আজি হোৱা কামটো ভাৰত স্বাধীন হোৱাৰ সময়তে কৰিব লাগিছিল। ১২ শ শতিকাত জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। ১৫শ শতিকাত ভাৰতত মোগলৰ প্ৰৱেশ হৈছিল। মোগলসকল ভাৰতত আক্ৰমণকাৰীৰ ৰূপত সোমাইছিল। মোগলে আমাক দমন কৰিবলৈ আহিছিল। ভৱিষ্যত প্ৰজন্মই মোগলৰ কথা কেতিয়াও পঢ়িব নালাগে। কনকলতা, লাচিত শিবাজীৰ কথাহে পঢ়িব লাগে। হাত চাপৰিৰে এন চি আৰ টিক ধন্যবাদ জনাইছো। মোগলে ষড়যন্ত্ৰ কৰি আমাক কেৱল ধ্বংসহে কৰিলে। মোগলক আগস্থান কেতিয়াও দিব নোৱাৰি। জগন্নাথ মন্দিৰ কেনেকৈ নিৰ্মাণ হৈছিল। সেই কথা নতুন প্রজন্মই জানিব লাগে। হিন্দু ৰজা, হিন্দু মিস্ত্রিয়ে এই মন্দিৰ বনাইছিল মোগল অহাৰ ৩০০ বছৰ আগত । মোগল নাহিলে হিন্দু ৰজা সকলে তাজমহল, কুটুবমিনার, লালকিল্লাৰ ঠাইত ডাঙৰ ডাঙৰ মন্দিৰ বনালেহেতেন এতিয়া সেয়ে এই বিলাক ভাঙি পেলাব লাগে আৰু তাৰ ঠাইত ডাঙৰ ডাঙৰ মন্দিৰ নির্মাণ হ'ব লাগে। তাজমলতকৈ ১০০ গুণ ধুনীয়া মন্দিৰ নিৰ্মাণৰ ক্ষমতা আমাৰ আছিল।"

          এন চি ই আৰ টিৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ ইতিহাস সম্পর্কীয় অধ্যায় কর্তন কৰাৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে অসমতো হৈছে তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সমাজ বিজ্ঞানীয়ে চৰকাৰৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। বিশিষ্ট নিবন্ধকাৰ, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনে এই সন্দৰ্ভত কয়— "মোগলক বুৰঞ্জীৰ পৰা আঁতৰাই নতুনকৈ বুৰঞ্জী লিখাৰ চেষ্টা কৰা হৈছে। বুৰঞ্জী সাধুকথা নহয়। আবেগ সৰ্বস্ব বুৰঞ্জীয়ে আমাৰ ছাত্ৰ-ছাত্ৰীৰ কি উপকাৰ কৰিব সেয়া সন্দেহৰ আৱৰ্তত। দেশৰ ইতিহাসত আছে মোগলৰ এটা দীঘলীয়া সময়। এই দীঘলীয়া সময়খিনিক উপেক্ষা কৰিলে দেশৰ ইতিহাস আধৰুৱা হৈ ৰ'ব । পক্ষপাত যুক্ত ইতিহাসৰ অধ্যয়নে ক্ষতি কৰিব ছাত্ৰ-ছাত্ৰীক। তদুপৰি বছৰি দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে বহিঃৰাষ্ট্ৰৰ বিখ্যাত বিশ্ববিদ্যালয়লৈ ইতিহাস অধ্যয়ন কৰিবলৈ যায়। এনে পক্ষপাতযুক্ত ইতিহাস অধ্যয়ন কৰি দেশৰ বাহিৰৰ আন খ্যাতনমা বিশ্ববিদ্যালয়লৈ ইতিহাস পঢ়িবলৈ যোৱা ছাত্র-ছাত্রী সাংঘাটিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব।" মোগলৰ অধ্যায় কৰ্তন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পদ্মশ্ৰী ইলিয়াছ আলীয়ে কয় – "ইতিহাস ইতিহাসেই। ইতিহাসক লৈ খেলা কৰা অনুচিত। যদিও ইতিহাসৰ কিবা অধ্যায় আঁতৰালে বৃহত্তৰ সমাজৰ স্বাৰ্থ পূৰণ হয়, তেতিয়াহে তেনে অধ্যায় মচি পেলাওক । মোগলৰ অধ্যায় আঁতৰ কৰাৰ সন্দৰ্ভত বিশিষ্ট শিক্ষাবিদ ড° অপূৰ্ব কুমাৰ বৰুৱাই কয়— মোগল সাম্ৰাজ্যৰ অধ্যায় পাঠ্যপুথিৰ পৰা নোহোৱা কৰি বিজেপিয়ে আমাক পাকিস্তানৰ দৰে কৰিলে। মোগল শাসন ইতিহাসৰ পৰা আঁতৰাই দিয়াৰ পাছত আমি এতিয়া পাকিস্তানৰ সমকক্ষ হ'বলৈ সক্ষম হ'লো। মোগলৰ অধ্যায় আঁতৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয়—"কোনোৱে ইতিহাসৰ পাত নাইকীয়া কৰিলেও ইতিহাস আঁতৰ হৈ নাযায়। ইতিহাস সদায় থাকি যাব। বিজেপিয়ে দেশত মেৰু বিভাজনৰ বাবে এনে কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকৰ সংকীৰ্ণ মনোভাৱ প্ৰকাশ পাইছে। আমি আমাৰ শত্ৰুৰ ইতিহাস অধ্যয়ন নকৰিলে শত্ৰুক পৰাভূত কৰিম কেনেকৈ?" 

No comments