Breaking News

লিডু কলিয়ৰীৰ মাফিয়াৰ ৰহস্যজনক সম্পৰ্ক কৰ্তৃপক্ষৰে:চৰকাৰেই দিছে একে-৪৭ ধাৰী ১০ জন দেহৰক্ষী


লিডুৰ টিৰাপৰ কলিয়ৰীৰ অবৈধ কয়লা খনিত নিখোজ হোৱখ মাকুমৰ প্ৰাঞ্জল মৰাণৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰক্ষী ৰ মহাপ্ৰবন্ধক জিৎমল দলেয়ে।সোমবাৰে প্ৰাঞ্জলৰ মৃতদেহ উদ্ধাৰৰ বাবে তদন্তকাৰী শীৰ্ষ বিষয়া আৰক্ষী গৰাকীয়ে এছ.ডি.আৰ.এফ আৰু এন.ডি.আৰ.এফৰ বৃহৎ দলক লগত লৈ কলিয়ৰীৰ পাহাৰত উপস্থিত হয় যদিও প্ৰতিকূল বতৰৰ বাবে সোমবাৰে অভিযান সম্ভৱ নহ'ল। অৱশ্যে ক'ল ইণ্ডিয়াৰ চোৰাংকৈ কয়লাখনিত কয়লা খননৰ বাবে গৈ প্ৰাঞ্জল মৰাণ নিখোজ হৈ পৰা ঘটনাৰ আই.জি.পি জিৎমল দলেয়ে তদন্ত অব্যাহত ৰাখিলেও আৰক্ষীৰ তদন্ত‌ই মাৰ্ঘেৰিটাৰ চোৰাং কয়লা সাম্ৰাজ্যৰ মাফিয়া বাহিনীক কোনো ধৰণৰ সোধা -পোছা নকৰাৰ অভিযোগ উঠিছে। প্ৰাঞ্জল মৰাণৰ দুৰ্ভগীয়া পত্নী উৰ্বশী মৰাণে তদন্তকাৰী আৰক্ষীক কয়লা মাফিয়া গোবিন চেত্ৰী বাহিনীয়ে কয়লাৰ চোৰাং খননৰ বাবে স্বামীক মাতি নিয়া বুলি তথ্য প্ৰমাণ দাখিল কৰাৰ পাছতো কয়লা‌ ছিণ্ডিকেট‌ মাফিয়া চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যেন সাহস কৰা নাই আৰক্ষীয়ে। প্ৰাঞ্জল মৰাণৰ নিখোজ ঘটনাৰ সৈতে কয়লা মাফিয়া গোবিন্দ চেত্ৰীৰ নাম‌ সাঙুৰ খাই পৰাৰ পাছতেই‌ ৰাজনৈতিক ক্ষমতাৰে শক্তিশালী গোবিন চেত্ৰীৰ এটাৰ পিছত আন এটা‌ ক'লা অধ্যায় পোহৰলৈ আহিছে।অসম আৰক্ষীক্ষে সামান্য সোধা-পোছা কৰিবলৈও সাহস নকৰা মাফিয়া গোবিন চেত্ৰীক ইতিমধ্যে অসম চৰকাৰেই চোৰ তথা দুৰ্বিত্ত আখ্যা দি থৈছে।আনকি গোবিন চেত্ৰীৰ বিৰূদ্ধে চৰকাৰে অবৈধ কয়লা খনন আৰু চুৰিৰ অভিযোগো দাখিল কৰিছে। কিন্তু আশ্চৰ্যৰ বিষয় যে চৰকাৰে 'দুৰ্বিত্ত'আখ্যা দি এজাহাৰ দাখিল কৰা গোবিন চেত্ৰীক ওলোটাই গৃহ বিভাগে সোঁৱে-বাওঁৱে ১০ জনকৈ দেহৰক্ষী দি সুৰক্ষাহে প্ৰদান কৰিছে। অৰ্থাৎ চৰকাৰী স্বীকৃত কয়লা চোৰক চৰকাৰেই ১০ জনকৈ পি এছ অ' দি সুৰক্ষা দিছে। উল্লেখ্য যে মাফিয়া গোবিন চেত্ৰীৰ নিৰ্দেশতে বি গণেশে ক'ল ইণ্ডিয়াৰ সংৰক্ষিত এলেকাত কয়লা চুৰি কামত নিয়োগ কৰিছিল মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণক। ৰাজনৈতিক পৃষ্ঠপোষকতাত গোবিন চেত্ৰী বাহিনীয়ে বছৰ‌ বছৰ‌ধৰি মাৰ্ঘেৰিটাত কয়লাৰ ছিণ্ডিকেট চলাই আহিছে। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজতে হঠাতে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হোৱাত অসম চৰকাৰৰ ভূ-তত্ব আৰু খনিজ সঞ্চালকালয়ে তিনিচুকীয়াৰ কয়লাৰ অবৈধ বেহাৰ তদন্ত কৰিছিল। উক্ত তদন্তৰ অন্তত ভূ-তত্ব আৰু খনিজ বিভাগৰ সঞ্চালক জি এছ পানোচাৰে ২০১৯ চনৰ ১২ মাৰ্চত কয়লা ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল। বিভাগীয় সঞ্চালকজনে অবৈধ কয়লা খনন আৰু চুৰিত জড়িত মুঠ ১৯ জন লোকৰ‌ নাম অভিযোগ পত্ৰত উল্লেখ কৰিছিল।কয়লা চোৰৰ চক্ৰটোৰ তালিকাৰ প্ৰথমতেই আছিল মাফিয়া গোবিন চেত্ৰীৰ নাম। গোবিন চেত্ৰীৰ উপৰিও তেওঁৰ সহযোগী আৰু স্থানীয় বিধায়কৰ ঘনিষ্ঠ বি.গণেশ, গোবিন্দ প্ৰসাদ,সুনীল গুৰুং, বিষ্ণু শৰ্মা,জীত,বিক্ৰম,ৰাজা দত্ত, পিটিকা,মিন্তু ফুকন,সাগৰ ভূঞা,মুন্না,জাকিৰ, মইনুল হক তালুকদাৰ,পান্না লিডু,ৰাজু খান,প্ৰদীপ সিং,কৰণ সিং আৰু ৰাধা চেত্ৰীৰ বিৰূদ্ধে অভিযোগ দাখিল কৰিছিল নেতৃত্বতৰ সঞ্চালকে। কিন্তু বিভাগীয় মুৰব্বী জনৰ এই লিখিত অভিযোগৰ পাছতো চৰকাৰে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গোবিন চেত্ৰী বাহিনীৰ বিৰুদ্ধে।তাৰ বিপৰীতে এতিয়া বাহিনীটোৱে ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰক্ষীৰ চকুৰ সন্মুখতে কয়লাৰ চোৰাং খনন অব্যাহত ৰাখিছে।যাৰ ফলত কয়লাৰ খনন চলোৱা গাতত মাটি খহি পোত যোৱাৰ ফলত কৰুণ মৃত্যুক সাৱটিবলগীয়া‌ হয় প্ৰাঞ্জল মৰাণৰ দৰে বহুতো শ্ৰমজীৱি যুৱকে।অতি আশ্চৰ্যজনকভাৱে গৃহ বিভাগে মাফিয়া গোবিন চেত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে ১০ জনকৈ সশস্ত্ৰ আৰক্ষী জোৱানেৰে সুৰক্ষা দি এককথাত যেন পুৰষ্কৃতহে কৰিলে।গৃহ বিভাগে যি সময়ত মন্ত্ৰী -বিধায়কৰ সুৰক্ষাকৰ্মীৰ কৰ্তন কৰিছে, তেনে সময়ত এটা কয়লা মাফিয়াক ১০ জনকৈ চৰকাৰী দেহৰক্ষী দিয়া বিষয়ে এতিয়া সৰ্বত্ৰতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

No comments