Breaking News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য মোদী চৰকাৰৰঃ মাজনিশাৰ অধ্যাদেশেৰে দিল্লী দখল


কেন্দ্রীয় শাসিত প্রদেশ দিল্লীৰ প্ৰশাসনিক ক্ষমতা এখন অধ্যাদেশ জাৰি কৰি পুনৰ মোদী চৰকাৰে নিজৰ হাতলৈ নিছে। দীৰ্ঘদিনীয়া সংঘাতৰ অৱসান ঘটাই যোৱা ১১ মে'ত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে দিল্লীৰ প্ৰশাসনীয় ক্ষমতা নির্বাচিত চৰকাৰৰ ওপৰত ন্যস্ত কৰিছিল। কিন্তু শুকুৰবাৰে এখন অধ্যাদেশ জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে সেই ক্ষমতা উপ-ৰাজ্যপাল অর্থাৎ কেন্দ্ৰৰ হাততে ৰাখিলে।অৱশ্যে সেই অধ্যাদেশ মোদী চৰকাৰে লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে গৃহীত কৰিব লাগিব। আনহাতে, মোদী চৰকাৰৰ এই পদক্ষেপ সংবিধানবিৰোধী আৰু আদালত অৱমাননা বুলি আপ পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। মোৰ এজন পিয়নক বদলি কৰাৰ ক্ষমতাও নাই — দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এবাৰ ৰাজহুৱাভাৱে এই মন্তব্য কৰিছিল। দিল্লীৰ আপ চৰকাৰৰ সৈতে সততে বিষয়া আমোলাৰ বদলি, নিয়োগক লৈ মোদী চৰকাৰৰ সংঘাত চলি আছিল। সাংবিধানিকভাৱেই কেন্দ্ৰৰ হাতত আছিল আইন-শৃংখলা বা আৰক্ষী, ৰাজহুৱা নিৰ্দেশ আৰু ভূমিৰ অধিকাৰ । কিন্তু অন্যান্য কেন্দ্রীয় শাসিত প্ৰদেশৰ দৰে দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ হাতত কেতবোৰ গুৰুত্বপূর্ণ প্রশাসনিক ক্ষমতা যেনে আমোলাৰ বদলিকৰণ, পদোন্নতি, নিয়োগ ইত্যাদি ক্ষমতা নাছিল। ইয়াৰ ফলত দিল্লী চৰকাৰে বহু প্ৰশাসনীয় সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল। প্ৰায়ে আমোলাসকলে দিল্লী চৰকাৰৰ নিৰ্দেশ মনা নাছিল । ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি উপ- ৰাজ্যপালৰ নিৰ্দেশ পালন কৰিছিল আমোলা-বিষয়াই । এনে কাৰণতে দিল্লী চৰকাৰৰ মন্ত্ৰীৰ সৈতে সঘন সংঘাতত লিপ্ত হৈছিল উপ- ৰাজ্যপাল। ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আপ চৰকাৰ। যোৱা ১১ মে'ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে দিল্লীৰ প্ৰশাসনীয় ক্ষমতা কেজৰিৱাল চৰকাৰৰ হাতত অৰ্পণ কৰিছিল। সেই নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কৈছিল— অসামৰিক বিষয়াৰ বদলি ইত্যাদিৰ ক্ষমতা নিৰ্বাচিত চৰকাৰখনৰ হাতত থাকিব। ৰাজহুৱা নিৰ্দেশ, আৰক্ষী আৰু ভূমিৰ বাহিৰে অন্যান্য প্ৰশাসনীয় নিয়ন্ত্ৰণ দিল্লীৰ চৰকাৰৰ হাতত থাকিব। আমোলাক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব । বদলি, নিয়োগৰ অধিকাৰ থাকিব দিল্লীৰ চৰকাৰৰ হাতত। দিল্লীৰ চৰকাৰো আন ৰাজ্যৰ দৰেই নিৰ্বাচিত চৰকাৰ। প্ৰশাসনৰ প্ৰকৃত ক্ষমতা নিৰ্বাচিত চৰকাৰৰ ওচৰত থকা উচিত।মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ সেই নির্দেশ অমান্য কৰি শুকুৰবাৰে এখন অধ্যাদেশ জাৰি কৰি ১০ পৃষ্ঠাৰ গেজেট বিজ্ঞপ্তি প্রকাশ কৰে। সেই অধ্যাদেশত কোৱা হয়— ‘ৰাষ্ট্ৰীয় ৰাজধানী চিভিল ছাৰ্ভিচেজ গঠন কৰা হৈছে। এতিয়াৰে পৰা আমোলাৰ বদলি, নিয়োগৰ ক্ষেত্ৰত তেওঁলোকেই সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী তাৰ অধ্যক্ষ হ'ব। সদস্য হিচাপে থাকিব মুখ্যসচিব আৰু প্ৰধান গৃহ সচিব। নিয়োগ আৰু বদলি সংক্রান্ত সিদ্ধান্ত তেওঁলোকে ভোটৰ জৰিয়তে ল'ব। মতবিৰোধ হ'লে চূড়ান্ত সিদ্ধান্ত ল'ব উপ-ৰাজ্যপালে।'

     এই অধ্যাদেশৰ বিৰুদ্ধে কেৱল আপ চৰকাৰেই নহয়, আপৰ বিৰোধী কংগ্ৰেছ দলেও আপত্তি উত্থাপন কৰিছে। ধাৰণা কৰা হৈছে, সংসদত বিৰোধী দলসমূহে একগোট হৈ এই অধ্যাদেশৰ বিৰোধিতা কৰিব। 

No comments