Breaking News

অসমৰ আৰক্ষী অধীক্ষকসকলে আৰক্ষী সঞ্চালক প্রধান জি পি সিঙৰ অনুমতি অবিহনে মুখ খুলিব নোৱাৰিব সংবাদ মাধ্যমৰ আগত


নগাঁৱৰ উপ-পৰিদৰ্শকক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই একাংশ আৰক্ষীৰ দুষ্কাৰ্যৰ স্বৰূপ উন্মোচন কৰাত এতিয়া চৰম অস্বস্তিত পৰিছে অসম আৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে একাংশ আৰক্ষীক উদক ভেটা ৰখীয়াৰ দৰে দায়িত্ব অর্পণ কৰাৰ চাঞ্চল্যকৰ তথ্যও উন্মোচন কৰিলে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই । কি দৰে আৰক্ষীয়ে অপৰাধীৰ সৈতে মিলি নকল সোণ, জাল নোট আৰু গৰু চোৰাং বেহাৰ দৰে দুষ্কাৰ্য সংঘটিত কৰি আহিছে তাৰো স্পষ্ট তথ্য-প্রমাণ পোহৰলৈ আনিলে জোনমাণিয়ে। একে সময়তে অভিযান চলাবলৈ যোৱা খোদ আৰক্ষীয়েই ধনৰ বিনিময়ত অপৰাধীক এৰি দিয়াৰ দৰে ভয়ংকৰ কাৰ্যও উন্মোচন হ'ল। সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষীৰ এনে দুষ্কাৰ্য পোহৰলৈ অহাৰ পাছতেই এতিয়া যেন অধিক সাৱধানতা অৱলম্বন কৰিছে অসম আৰক্ষীৰ মুখ্য কার্যালয়ে। এক কথাত প্ৰতিখন জিলাৰে আৰক্ষীৰ মুখ চুপ ৰাখিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী সঞ্চালকপ্রধানে। বিভিন্ন সময়ত জিলা আৰক্ষী অধীক্ষক বা আন তদন্তকাৰী বিষয়াই ‘আৰক্ষীৰ পলিচী' সন্দৰ্ভত সংবাদ মাধ্যমত মন্তব্য কৰাত শেষ মুহূৰ্তত ওলোটাই আৰক্ষী নিজেই বিপদত পৰা বহু উদহাৰণ আছে। শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই আৰক্ষীৰ ফালৰ পৰা সংবাদ মাধ্যমক একাধিক খবৰ যোগান ধৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত অস্বস্তিত পৰিবলগীয়া হয় স্মার্ট অসম আৰক্ষী বৰমূৰীয়াসকল। যাৰ পৰিপ্ৰেক্ষিত এতিয়াৰে পৰা অসমৰ সকলো জিলাত থকা জিলা আৰক্ষী অধীক্ষকসকলে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত মুখ খুলিব নোৱাৰিব। এই সন্দৰ্ভত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ হৈ অসম আৰক্ষীৰ আই জি পিয়ে (প্রশাসন) বিগত ১৭ মে'ত অসমৰ সকলো জিলাত থকা জিলা আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ লগতে গুৱাহাটী আৰক্ষী আয়ুক্তলৈও একেটা নির্দেশনা জাৰি কৰিছে। অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ হৈ আই জি পিয়ে (প্রশাসন) জাৰি কৰা নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰিছে এইদৰে— ‘লক্ষ্য কৰা হৈছে যে জিলাৰ আৰক্ষী বিষয়াসকলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ আগতীয়া অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত বিভিন্ন মন্তব্য কৰি আহিছে। কেতিয়াবা দেখা যায় যে বিষয়াসকলে জানি বুজি বা অজ্ঞাতে আৰক্ষীৰ নীতি সম্পৰ্কীয় বিষয়তো ৰাজহুৱাভাৱে মতামত প্ৰকাশ কৰে। ওপৰোক্ত বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে ৰাজহুৱা বা সংবাদ মাধ্যমত কথা কোৱাৰ সময়ত সাৱধান হ'বলৈ আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমোদন অবিহনে আৰক্ষীৰ নীতি সম্পৰ্কীয় বিষয়ত মতামত প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।' স্বাভাৱিকতেই আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ এই নিৰ্দেশনাক লৈ এতিয়া বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

No comments