Breaking News

লাচিতৰ বৰফুকনৰ জীৱনীৰে এছ এছ ৰাজামৌলিৰ নতুন ছবি ‘ব্ৰহ্মপুত্ৰ’ নিৰ্মাণৰ পৰিকল্পনা


 

মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব তথা জীৱন আদৰ্শৰ ওপৰত আলোকপাত কৰি ‘আৰ আৰ আৰ’, ‘বাহুৱলী’, ‘বজৰংগী ভাইজান' আদি ছুপাৰহিট চিনেমাৰ কাহিনী লেখক তথা ব্লকব্লাষ্টাৰ ছবি নির্মাতা ৰাজামৌলিৰ পিতৃ বিজয়েন্দ্ৰ যাদৱে লিখি উলিয়ালে এখন অনুপম উপন্যাস। বিজয়েন্দ্ৰই আন এগৰাকী প্রখ্যাত লেখক, প্রাক্তন নৌ বিষয়া কুলপ্রীত যাদৱৰ সৈতে যুটীয়াভাৱে লাচিত বৰফুকনৰ  জীৱনভিত্তিক ‘দ্যা আহোম ছন ৰাইজেছ-১, ব্ৰহ্মপুত্ৰ নামৰ উপন্যাসখন লিখি উলিয়াইছে। প্রখ্যাত প্রকাশন গোষ্ঠী হাৰপাৰ কলিনছে এই উপন্যাসখন প্রকাশ কৰিছে । অহা ৩০ মে'ত আনুষ্ঠানিকভাৱে উপন্যাসখন পাঠকৰ বাবে মুকলি কৰি দিয়া হ'ব। এমাজন, ফ্লিপকাৰ্টৰ লগতে সাধাৰণ গ্ৰন্থ বিপণীতো উপন্যাসখন উপলব্ধ হ'ব। উপন্যাসখৰ মূল্য হ'ব মাত্র ২৫০ টকা। উপন্যাসখনৰ সহযোগী লেখক কুলপ্রীত যাদবে এক ভিডিঅ' ক্লীপ মুকলি কৰি কৰি কয়— 'দ্যা আহোম ছন ৰাইজেছ-১, ব্ৰহ্মপুত্ৰ' হৈছে বিজয়েন্দ্ৰৰ প্ৰথমখন উপন্যাস। পূৰ্বতে তেওঁ চিনেমাৰ বাবে কাহিনী লিখিছিল যদিও উপন্যাস লিখা নাছিল। ১৭ শতিকাত কম সৈন্য, নৌকাৰে বীৰ লাচিত বৰফুকনে কেনেদৰে প্ৰৱল প্ৰতাপী ঔৰংগজেৱৰ মোগল সেনাক পৰাভূত কৰিছিল ইয়াৰ কাহিনী উপন্যাসখনত বৰ্ণনা কৰা হৈছে । অসমৰ দৰে সৰু হিন্দু ৰাজ্য এখনে কেনেদৰে মোগলক হৰুৱাইছিল ইয়াকো ব্যাখ্যা কৰা হৈছে।' কুলপ্রীত যাদৱে কয় যে উপন্যাসখন হ'ব একচন আৰু ৰোমাঞ্চৰ সমাহাৰ। উপন্যাসখনত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা পদ্মিনীৰ লগত লাচিত ফুকনৰ প্ৰেমৰ সম্পৰ্কৰ কথাও উল্লেখ কৰা হৈছে। ভাৰতীয় নৌসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলপ্রীত যাদৱে সদৰি কৰিছে যে শীঘ্ৰেই এই উপন্যাসখনৰ ভিত্তিত বহুৱলীৰ দৰে এখন ব্লকব্লাষ্টাৰ ছবিৰ নিৰ্মাণ হ'ব। হয়তো ছবিৰ নাম হ'ব ‘ব্ৰহ্মপুত্ৰ' । ৰাজামৌলিয়ে এই চিনেমাখন নিৰ্মাণ কৰাৰ সম্ভাৱনা আছে।

No comments