Breaking News

দেশত পুনৰ বিমুদ্ৰাকৰণঃ ছেপ্টেম্বৰৰ পাছত বন্ধ হ'ব ২০০০ টকীয়া নোট

 


ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আকস্মিক সিদ্ধান্ত।দেশত পুনৰ আৰম্ভ হ'ল নোটবন্দী। শেহতীয়াকৈ ২০১৬ চনৰ ৮ নৱেম্বৰত হোৱা নোটবন্দীৰ পাছত এইবাৰ আকৌ ২০২৩ চনৰ ১৯ মে'। এইবাৰ নোটবন্দী ২.০। যি  ২০০০ টকীয়া নোটক লৈ দেশৰ জনসাধাৰণৰ নগুৰ-নাগতি হৈছিল সেই ২০০০ টকীয়া নোট বন্ধ কৰিলে মোদী চৰকাৰে।কালিৰ পৰাই দেশত ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা কৰা হ'ল। এইবাৰ পিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত মহা আড়ম্বৰেৰে কৰা ঘোষণাৰ দৰে ঘোষণা নহ'ল। ইয়াৰ বিপৰীতে ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাই দিলে আজিৰ পৰা ভাৰতত ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ। সাত বছৰৰ পূর্বে ১০০০ টকীয়া আৰু ৫০০ টকীয়া নোট যিদিনা বন্ধ কৰা হৈছিল সেইদিনাৰ পৰাই উক্ত দুয়োবিধ নোট অবৈধ ঘোষণা কৰা হৈছিল। ইয়াৰ বিপৰীতে শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ বুলি ঘোষণা কৰিলেও এই নোটক অবৈধ বুলি ঘোষণা কৰা নাই। ২০০০ টকীয়া নোট অনুসা "লিগেল টেণ্ডাৰ' অর্থাৎ বৈধ হৈ থাকিব বুলি রিজার্ভ বেংকে ঘোষণা কৰিছে। অৱশ্যে এই নোট অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্তহে বৈধ নোট হৈ থাকিব । কিয়নো অহা ২৩ মে'ৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ২০০০ টকীয়া নোট দেশৰ যিকোনো বেংক আৰু ৰিজাৰ্ভ বেংক তথা ৰিজাৰ্ভ বেংকৰ ১৯টা আঞ্চলিক কাৰ্যালয়ত সলনি কৰিব পৰা যাব। এজন ব্যক্তিয়ে এবাৰত ২০,০০০ টকা পর্যন্ত ২০০০ টকীয়া নোট সলনি কৰিব পাৰিব। ১ অক্টোবৰৰ পৰা ভাৰতত ২০০০ টকীয়া নোটৰ প্ৰচলন আৰু ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। অর্থাৎ ৩০ ছেপ্টেম্বৰৰ পাছত ২০০০ টকীয়া নোট ভাৰতত অবৈধ নোট বা অচল টকা হিচাপে পৰিণত হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশৰ সকলো ৰাষ্ট্ৰীয়কৃত আৰু বেচৰকাৰী বেংকক ২০০০ টকীয়া নোট প্রচলন নকৰিবলৈ অৰ্থাৎ গ্ৰাহকৰ হাতত তুলি নিদিবলৈ নিৰ্দেশ দিছে। মূলাব ২০১৬ চনৰ ৮ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যে দিয়া ভাষণত আকস্মিকভাবে ১০০০ টকীয়া আৰু ৫০০ টকীয়া নোট সেই দিনাৰ পৰাই বন্ধ কৰি দিয়া বুলি ঘোষণা কৰিছিল। লগে লগে সমগ্ৰ দেশত এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছিল। কিয়নো সেই সময়ত সেই দুয়োবিধ নোটেই আছিল অধিক মূল্যৰ নোট। নগদ টকাৰ প্ৰচলন অধিক হোৱাৰ বাবে সৰু-সুৰা ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি ডাঙৰ ব্যৱসায়ী আৰু উদ্যোগপতি সকলোৰে হাতত ১০০০ টকীয়া আৰু ৫০০ টকীয়া নোট ভৰি আছিল। দেশত প্ৰচলন হৈ আছিল ১৫.৪১ লাখ কোটি টকাৰ ১০০০ টকীয়া আৰু ৫০০ টকীয়া নোট। অর্থাৎ দেশত প্ৰচলন হৈ থকা মুঠ ধনৰ দুপৰী প্রায় ৮০ শতাংশ পৰিমাণ আছিল সেই নোট। সেই দুইবিধ নোট বন্ধ কৰি উপায় দিয়াৰ লগে লগে স্বাভাৱিকতে দেশজুৰি হাহাকাৰৰ সৃষ্টি হৈছিল। জনসাধাৰণৰ হাতত নগদ ধন নোহোৱা হৈ পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লা ধন বন্ধ কৰাৰ বাবে সেই আকস্মিক পদক্ষেপ লৈছিল। কিন্তু প্ৰচলন হৈ থকা ১৫.৪১ লাখ কোটি টকাৰ প্ৰায় সম্পূর্ণ টকাই বগা ধন হৈ বেংকলৈ উভতি আহিছিল। দেশৰ জনসাধাৰণে বেংকত জমা কৰিছিল ১৫.৩০ লাখ কোটি টকাৰ ১০০০ টকীয়া আৰু ৫০০ টকীয়া নোট। অর্থাৎ নৰেন্দ্ৰ মোদীৰ সেই পদক্ষেপ চূড়ান্ত ব্যর্থতাত পৰিণত হৈছিল।এইবাৰৰ বিমুদ্ৰাকৰণ বা নোটবন্দীৰ উদ্দেশ্যও পূৰ্বতকৈ বিশেষ পৃথক নহয়। ইতিমধ্যে ২০০০ টকীয়া নোটৰ ক'লা বজাৰ আৰম্ভ হৈছে। অনেকেই জোৱা ২০০০ টকীয়া নোট ক'লা ধন হিচাপে জমা কৰিছে। জাল নোটৰ প্ৰচলনো অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। তদুপৰি ২০০০ টকীয়া নোটৰ ব্যৱহাৰ ক্ৰমাৎ সীমিত হৈ পৰিছে। ৫০০ টকীয়া, ২০০ টকীয়া আৰু ১০০ টকীয়া নোটৰ প্ৰচলন বাঢ়ি যোৱাত ২০০০ টকীয়া নোটৰ চাহিদা জনসাধাৰণৰ ওচৰত হ্ৰাস পাইছে। সাধাৰণ লোকৰ বাবে ২০০০ টকীয়া নোটৰ ব্যৱহাৰ বহু সময়ত কষ্টসাধ্য হৈ পৰে। কেইশমান টকাৰ বজাৰ কৰি ২০০০ টকীয়া নোট এটা আগবঢ়াই দিলে কোনেও সেই নোট ভঙাই বাকীখিনি টকা ঘূৰাই দিবলৈ ইচ্ছা প্রকাশ নকৰে। এনে বহু অসুবিধাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰাৰ প্ৰাৰম্ভিক সিদ্ধান্ত লৈ দীৰ্ঘ ২০১৮-১৯ চনৰ পৰা সেই নোটৰ ছপা বন্ধ ৰাখিছিল। এতিয়া একেবাৰে সেই নোটৰ প্ৰচলন বন্ধ হ'ব বুলি ঘোষণা কৰিলে। ২০১৭ চনৰ মাৰ্চৰ আগলৈকে ২০০০ টকীয়া নোট কৰে । প্ৰচলন হৈ আছিল ৮৯ শতাংশ। ২০১৮ চনৰ ৩১ মাৰ্চত ২০০০ টকীয়া নোটৰ গছনি প্রচলন ৩৭.৩ শতাংশ অর্থাৎ ৬.৭৩ লাখ কোটি টকালৈ হ্ৰাস পালে। ২০২৩ সহযে চনৰ ৩১ মাৰ্চত ২০০০ টকীয়া নোটৰ প্ৰচলন ১০.৮ শতাংশ অর্থাৎ ৩.৬২ লাখ কোটি টকালৈ হ্ৰাস পালে। অর্থাৎ পরিকল্পিতভাবে এইবাৰ ভাৰতীয় কঢ়িয় রিজার্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন হ্ৰাস কৰি আনিছিল। সেয়ে ক্ষেত্র ধাৰণা কৰা হৈছে এইবাৰ সাত বছৰৰ পূৰ্বে বিমুদ্ৰাকৰণৰ পূৰ্বে দেশত যি দেৱ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল এইবাৰ তেনে পৰিস্থিতিৰ সৃষ্টি নহ'ব। সীমান্ত এইখিনিতে প্রশ্ন হয়, যদিহে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ বিষয়া পৰিকল্পনাই আছিল তেন্তে এই নোট চৰকাৰে ছপা কৰিছিল কিয়? যদিহে এই উদিগ্ন ডাঙৰ নোটৰ জৰিয়তে টকাৰ ক'লা বজাৰ ডাঙৰ হোৱাৰ আশংকা আছিল অনুসা তেন্তে ২০০০ টকীয়া নোট ছপা কৰিছিল কিয়? প্ৰকৃততে ১০০০ টকীয়া ঝুম আৰু ৫০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি দিয়াৰ লগে লগে দেশত প্ৰচলন এনেদ হৈ থকা ৮০ শতাংশ নগদ ধন নোহোৱা হৈ পৰিছিল। সেই খালী ঠাই পূৰণ পৰিত কৰাৰ বাবে কম সময়তে সৰহ পৰিমাণৰ টকা মুকলিলৈ উলিয়াই দিবলৈ বা চাৰিজ প্ৰচলন কৰিবলৈ সেই মুহূৰ্তত ডাঙৰ নোট অর্থাৎ ২০০০ টকীয়া নোট ছপা জহিং কৰাৰ বিকল্প চৰকাৰৰ হাতত নাছিল। এতিয়া সেই ঘাটি পুৰ্ণ হোৱাৰ বাবেই বজাৰৰ পৰা ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

No comments