Breaking News

প্ৰাৰম্ভিক তদন্তত আদানি গ্ৰুপক অভিযোগমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ পেনেলৰ


 

আমেৰিকাৰ হিণ্ডেনবার্গ ৰিছাৰ্চৰ অভিযোগৰ ভিত্তিত ভাৰতীয় উদ্যোগপতি গৌতম আদানিৰ কোম্পানীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত অনিয়ম সংঘটিত কৰা বুলি যি বিশেষজ্ঞ কমিটীয়ে অনুসন্ধান চলাইছিল তেওঁলোকে আগবঢ়োৱা প্ৰাৰম্ভিক পৰ্যৱেক্ষণ অনুসৰি অনিয়মৰ তথ্য লাভ কৰা নাই। আদানি গোষ্ঠীয়ে বিভিন্ন অনিয়ম আৰু ভুৱা প্ৰচাৰৰ জৰিয়তে সঞ্জীৱ ভাৰতীয় শ্বেয়াৰ বজাৰত নিজৰ কোম্পানীৰ মূল্য বৃদ্ধি কৰা বুলি হিণ্ডেনবার্গে অভিযোগ উত্থাপন কৰাৰ পাছত আদানি গোষ্ঠীৰ ভয়ংকৰ পতন ঘটিছিল। সেই চাঞ্চল্যকৰ অভিযোগৰ ক্ষেত্ৰত ভাৰতীয় শ্বেয়াৰ বজাৰত সঁচাকৈয়ে আদানি গোষ্ঠীয়ে অনিয়ম সংঘটিত কৰিছিল নেকি সেয়া পৰীক্ষা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল। সেই কমিটীয়ে অনুসন্ধানৰ অন্তত জনাইছে যে তেওঁলোকে প্ৰাৰম্ভিক পর্যৱেক্ষণত আদানি গোষ্ঠীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত কোনো অনিয়ম সংঘটিত কৰাৰ প্ৰমাণ পোৱা নাই। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্রকাশ পোৱাৰ পাছত কেৱল ভাৰতীয় শ্বেয়াৰ বজাৰতেই নহয়, সামগ্রিকভাৱে গৌতম আদানিৰ সাম্ৰাজ্যৰ ভয়ংকৰ পতন ঘটিছিল। ইয়াৰ ফলত আদানিৰ লক্ষ লক্ষ কোটি টকা লোচান হৈছিল আৰু তেওঁ বিশ্বৰ তৃতীয় চহকী ব্যক্তিৰ তালিকাৰ পৰা নামি শীৰ্ষৰ কুৰিজনৰ স্থানৰ পৰাও বাহিৰ হৈছিল। কেন্দ্ৰীয় চৰকাৰে আদানিৰ বিৰুদ্ধে উঠা অভিযোগৰ কোনো চৰকাৰী তদন্ত নকৰিলে। উচ্চতম ন্যায়ালয়ে এই অভিযোগৰ ক্ষেত্ৰত অনুসন্ধান চলাবলৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল। তদুপৰি ‘ছেবি’কো এই ঘটনাৰ অনুসন্ধান চলাবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল। বিশেষজ্ঞ কমিটীয়ে যোৱা ৮ মে'ত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ে সেই সন্দৰ্ভত শুকুৰবাৰে জনাই যে বিশেষজ্ঞ কমিটীয়ে তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যৱেক্ষণত আদানি গোষ্ঠীৰ বিৰুদ্ধে কোনো অনিয়ম ধৰা পেলাব পৰা নাই। অৱশ্যে এই প্রতিবেদন বিস্তৃতভাৱে প্ৰকাশ কৰা হোৱা নাই ৷ ইপিনে বজাৰ নিয়ন্ত্রক সংস্থা ‘ছেবি’ক অহা ১৪ আগষ্টৰ ভিতৰত তেওঁলোকৰ অনুসন্ধানৰ প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে।

No comments