Breaking News

"বসুধৈৱ কুটুম্বকম" নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস



"अयं निजः परोवेति गणना लघुचेतसाम् ।

 उदारचरितानां तु वसुधैवकुटुम्बकम् ॥" (महोपनिषद्, अध्याय ६, मंत्र ७१)

    বিশ্বভাতৃত্ববোধ,একতা,পৰম্পৰা,শান্তি-সদ্ভাৱনাৰে ,সুস্হতা আৰু কুশলতাৰ জয়গানেৰে আজি পবিত্ৰ ভাৰতভূমিৰ লগতে সমগ্ৰ বিশ্ব মুখৰিত হৈ পৰিছে।আজি ৯ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।"বসুধৈৱ কুটুম্বকম্" এই আপ্তবাক্য শাৰীক বিষয়বস্তু হিচাপে লৈ এইবাৰৰ যোগদিৱসত এক জাগৰণ সৃষ্টি হৈছে। মহা উপনিষদ এই হিন্দু গ্ৰন্থত পোৱা এক সংস্কৃত শ্লোকৰ বাক্যাংশ, যাৰ অৰ্থ হৈছে "সমগ্ৰ পৃথিৱী এক পৰিয়াল"। সমগ্ৰ শ্লোকটিৰ অৰ্থ হৈছে- "লঘূ মনৰ ব্যক্তিৰ মনত হে আপোন -পৰৰ ভেদভাৱ থাকে, উদাৰ বা মুক্ত হৃদয়ৰ ব্যক্তিৰ বাবে পৃথিৱীৰ সকলো আপোন একেটি পৰিয়াল।"ইমান শক্তিশালী ,ইমান অৰ্থবহ এষাৰ বাক্য যি বহন কৰিছে সমগ্ৰ মানৱ জাতিৰ কুশলতাৰ  বাবে আমাৰ পূৰ্বজ ঋষি-মুণী সকলে প্ৰদান কৰা আৰ্শীবাদক, বৰ্তমান ভাৰতবৰ্ষৰ স্বাভিমানক।যোগ এক সংযোগ ,এক বিশ্বাস,পৰম সত্য, দয়া, কৰুণা, শান্তি সম্প্ৰিতীৰে পৰিপূৰ্ণ এখন সমাজৰ বাস্তৱ প্ৰতিচ্ছৱি।বিশ্বৰ সকলো জীৱ একেজন ঈশ্বৰৰ সৃষ্টি।একেটি সূৰ্য্যৰ পোহৰতে উদ্ভাষিত হয় এই পৃথিৱী।পানী,বায়ু,আকাশে যিদৰে আমাক কোনো ভেদভাৱ নাৰাখি উজ্জিৱীত কৰি আহিছে তেনেহ'লে আমি মনুষ্য সকলে কিয় ভেদভাৱ আনো নিজৰ মাজত!একতাৰ এনাজৰীয়ে,পবিত্ৰ মনেৰে সমগ্ৰ বিশ্ববাসী ,একেটি পৰিয়াল হৈ জাতি-বৰ্ন,ভাষা,উচ্চ-নীচ ভেদাভেদ পাহৰি একত্ৰিত হৈ যোগদিৱস উদযাপন কৰিছে ।এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ।

যোগৰ বিশ্বমূখী যাত্ৰাৰ এক অৱলোকন- 

আজিৰ পৰা ৫০০০ বছৰৰ আগতে ভাৰতৰ পূণ্যভূমিত  যোগ চৰ্চা হৈছিল বেদ, উপনিষদ, ৰামায়ন, মহাভাৰত ,ভগৱদ্ গীতা আদি ধৰ্মীয় গ্ৰন্থ সমূহত|আজি আমি নমন কৰিব লাগে লাগে আমাৰ পূৰ্বজ গুৰু পতঞ্জলিক |তেওঁৰ যোগ দৰ্শন প্ৰচাৰ কৰি "যোগসূত্ৰ "নামৰ গ্ৰন্থত প্ৰথম বাৰৰ বাবে যোগক প্ৰণালীবদ্ধ ভাৱে  লিখি মানৱ সমাজলৈ অৱদান দি গ'ল|তাৰ লগতে  গুৰু ঘেৰন্ড মুণি,গুৰু স্বাত্মাৰাম, কৃষ্ণমাচাৰ্য্য,স্বামী বিবেকানন্দ,বি কে এচ আয়েংগাৰ,বাবা ৰামদেৱ,শ্ৰী শ্ৰী ৰৱিশংকৰ ,আমাৰ গুৰু শংকৰদেৱ,স্বামী নিগমানন্দ স্বৰস্বতী,স্বামী শিৱানন্দ স্বৰস্বতী আদি কৰি বহু ঋষি ,মুণি , ব্যক্তিৰ হাজাৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত যোগে লাহে লাহেসমগ্ৰ বিশ্বতে প্ৰচাৰ হবলৈ ধৰিলে আৰু হিন্দু, মুছলমান, শিখ, বৌদ্ধ ,খ্ৰীষ্টান সকলো ধৰ্মৰ উৰ্ধত মানৱতা,বিশ্বৰ কল্যাণ,কুশলতাৰ স্বীকৃতি লাভ কৰিলে  যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সংযুক্ত ৰাষ্ট্ৰ মহাসভাত ২০১৪ চনৰ ১১ ডিচেম্বৰৰ দিনা প্ৰতি বছৰৰ ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিলে|সেই প্ৰস্তাৱক সমগ্ৰ বিশ্বয়ে আদৰণি জনায় ২০১৫ চনৰ পৰা ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰূপে পালন কৰা হয়|এই দিনটো বছৰটোৰ সকলোতকৈ দীৰ্ঘ  আৰু পবিত্ৰ দিন|প্ৰকৃতি গত ভাৱেও এই দিনটো আধ্যাত্মিক অণুশীলন ,যোগ,ধ্যানৰ বাবে মহত্বপূৰ্ণ|

      এনেদৰে গৌৰৱময় গতিৰে ধাৱমান হৈ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৯ম বৰ্ষত ভৰি দিলে|আয়ুষ মন্ত্ৰালয়ে শৰীৰ আৰু মনৰ বাবে যোগৰ উপকাৰিতা,ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত যোগৰ ভূমিকা,যোগে কিদৰে আভ্যন্তৰীণ অংগ সৱল কৰে আৰু সুন্দৰ শৰীৰ গঢ় দিয়াত লগতে ষ্ট্ৰেচ,এনজাইটি,ডিপ্ৰেচন ৰোধ কৰাৰ ক্ষেত্ৰত যোগৰ বিশেষত্ব সম্পৰ্কে গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে বেলেগ বেলেগ থিম লৈ যোগ দিৱস পৰিপালন কৰিছে|২০১৫ চনত সদ্ভাৱ আৰু শান্তিৰ বাবে "Yoga for harmony and peace" যোগ|

২০১৬ চনত "Connect the youth"সমগ্ৰ বিশ্বৰ যুৱ শক্তিক যোগৰ ধ্যান,আসন,প্ৰাণায়ামৰ লগত পৰিচয় কৰোৱা| ২০১৭ বৰ্ষত "Yoga for health"যোগ শৰীৰ সুস্হ আৰু নিৰোগী কৰি ৰখাৰ এক বিজ্ঞানসন্মত পদ্ধতি তাক বিশ্ব বাসীৰ আগত দাঙি ধৰা হয়| ২০১৮ বৰ্ষত "Yoga For peace"যোগৰ দ্বাৰা দেশে দেশে শান্তি,সম্প্ৰিতী,ঐক্য জীয়াই ৰাখি বিশ্বশান্তি স্হাপন কৰা| ২০১৯ ত "Yoga for climate action" প্ৰকৃতিৰ প্ৰতি সন্মান আৰু প্ৰকৃতি সংৰক্ষণৰ লগতে"Yoga For heart care" ৰ উদ্দেশ্য ৰখা হয় কিয়নো উত্তম শ্বাস ল' বলৈ আমাক পানী,পোষণ,পৰিশ্ৰম,প্ৰকৃতি সংৰক্ষণৰ লগতে প্ৰাণায়ামৰ প্ৰয়োজন আৰু এই সকলো যোগৰ দ্বাৰাহে সম্ভৱ তাক বিশ্ববাসীৰ আগত তুলি ধৰা হয়| 2020 বৰ্ষত ক'ৰণা মহামাৰীৰ সময়ত গৃহবন্দী জনতাৰ বাবে "Yoga at home,yoga with family" ঘৰতে থাকি পৰিয়ালৰ লগত যোগ কৰাৰ বাৰ্তা দিয়া হয়|লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ডিজিটেল প্লেটফৰ্মত যোগ প্ৰদৰ্শন হয়| ২০২১ বৰ্ষটো ও সমগ্ৰ বিশ্বয়ে ক'ভিডৰ দ্বিতীয় ঢৌৰ লগত যুজি গৃহবন্দী হৈয়ে থাকিব লগীয়া হয় গতিকে সেই বছৰৰ থিম"Be with yoga be at home" ৰখা হয় আৰু ঘৰতে থাকি যোগ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়| ২০২২ বৰ্ষত ক'ভিডৰ সময়ত বা পাছৰ যুজখনত মানুহৰ মাজত মানৱতা জীয়াই ৰখাত যোগৰ সহায়ৰ বাবে এই বৰ্ষৰ বিষয় ৰখা হয় "Yoga for humanity" মানৱতা ৰ বাবে যোগ। ২০২৩ বৰ্ষ "বসুধৈৱ কুটুম্বকম্"  বিষয় হিচাপে লৈ এইবাৰ উদযাপন হোৱা যোগ দিৱসত ভাৰতীয় সেনা,বায়ুসেনা,উপকূলক্ষী ,সীমান্ত পথ,বহু বন্দৰ জাহাজ,জলপথ,পাহাৰ,পৰ্বত,মহাকাশৰ বুকুত,সমুদ্ৰতীৰ,উত্তৰ আৰু দক্ষিন মেৰুত,আৰ্কটিকৰ পৰা এন্টাৰ্কটিকালৈ যোগ প্ৰদৰ্শিত হৈছে।প্ৰতিৰক্ষা মন্ত্ৰালয়,বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহায়ত যোগাসনৰ প্ৰতি বিশ্বক অধিক আকৰ্ষিত কৰিবলৈ এক "অচেন ৰিং সৃষ্টি কৰা হৈছে।ইয়াৰ লগতে যোগ পৰ্যটন,যোগ ক্ৰীড়া,যোগ কেৰিয়াৰ আদিৰ প্ৰতিও ভাৰত চৰকাৰে অধিক মনোযোগ দিছে।এশ দিন আগৰে পৰায়ে যোগ দিৱসৰ কাউন্ট ডাউন আৰম্ভ কৰি ভাৰতৰ দুই লাখৰো অধিক গাওঁত ,বিদ্যালয় ,মহাবিদ্যালয় ,বিভিন্ন চৰকাৰী বেচৰকাৰী  স্হানত কমন যোগ প‌্ৰটকল(চি,ৱাই,পি) প্ৰশিক্ষণ দিয়া হৈছে।আজি পৃথিৱীৰ প্ৰায় সংখ্যক দেশে একেলগে যোগ প্ৰদৰ্শনত অংশ গ্ৰহন কৰি বিশ্ব একতা আৰু ভ্ৰাতৃত্ব বোধেৰে,মানৱতা আৰু কল্যাণৰ বাবে এক পৰিয়াল হিচাপে একত্ৰিত হৈছে।

সমগ্ৰ বিশ‌্বয়ে বুজি পাইছে যোগ এক আৰ্শীবাদ সুস্হ -সৱল ৰোগ-জৰা বিহীন এক সুন্দৰ পৃথিৱীৰ বাবে |স্বাস্হ্যই মানুহৰ পৰম ধন,পৰম সম্পদ|মানুহৰ মন,শৰীৰত  উদ্ভৱ হোৱা যাতনা,দুখ ,কষ্ট একমাত্ৰ যোগে নিৰ্মূল কৰিব পাৰে|

    এখন সুন্দৰ সমাজৰ বাবে উঠি  অহা শিশু সকলৰ ব্যক্তিত্ব বিকাশ বা চাৰিত্ৰিক গঠনত লগতে কায়িক সৌন্দৰ্য্য আৰু মানসিক সৱলতা গঢ়ি তোলাৰ বাবে  শিশুটিক যোগৰ যম,নিয়ম,আসন,প্ৰাণায়াম,প্ৰত্যাহাৰ,ধাৰণা ,ধ্যান এই মাৰ্গ সমূহৰ লগত পৰিচয় কৰাই দি প্ৰতিজন অভিভাৱক এখন সুস্হ সমাজ গঢ়াৰ অংশীদাৰ হব পাৰে|

ঠিক তেনেদৰে ঘৰৰ গৃহিনী গৰাকীয়েও নানান শাৰিৰীক অসুস্হতা দূৰ কৰি,মানসিক সৱলতা আনিবলৈ নিয়মীত যোগ কৰিব লাগে|এগৰাকী গৃহিনীৰ ওপৰত এখন ঘৰ এটা পৰিয়াল লগতে এখন সুস্হ সমাজ নিৰ্ভৰ কৰে|সেয়ে মহিলাসকলৰ বাবে যোগ অতি প্ৰয়োজনীয়|ঠিক এনেদৰেই জীৱনৰ প্ৰতিটো স্তৰত শিশুৰ পৰা বৃদ্ধ লৈকে যোগে আমাক প্ৰকৃত জীৱন আদৰ্শৰ শিক্ষা দিয়ে|বিপৰ্যয় যুক্ত সমাজৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই,

সুস্বাস্থ্যৰ অধিকাৰীজনেহে সদায় বৈ ফুৰিব পাৰে উজ্জ্বল ভৱিষ্যতৰ আশা, আৰু যি কেতিয়াও আশা নেহেৰুৱায় তেওঁহে জীৱনত প্ৰকৃত সুখৰ সন্ধান পাব পাৰে৷ কিন্তু শ্ৰীহীন শৰীৰে সেই আশাবাদৰ ভাৰখন কেতিয়াও কঢ়িয়াই লৈ ফুৰিব নোৱাৰে৷ সুস্বাস্থ্যৰ অবিহনে বিশ্বৰ সমৃদ্ধিশালী সম্ৰাটজনৰ জীৱনো দুঃসহ হৈ পৰে ,এজন ব্যক্তিয়ে শাৰীৰিক, মানসিক আৰু সামাজিক স্তৰত পূৰ্ণভাৱে কুশলতা অনুভৱ কৰাটোৱেই স্বাস্থ্য৷ এই স্বাস্থ্য কেৱল যোগ সুন্দৰ জীৱনৰ মাজেৰেহে সম্ভৱ হ’ব পাৰে৷ দৈহিক সৌন্দৰ্য, শাৰীৰিক বিশুদ্ধতা আৰু মানসিক উৎকৰ্ষ সাধনৰ এই পথ সমাজৰ সকলো স্তৰৰ লোকৰ বাবেই একেবাৰে সহজ হ’ব যদিহে আমি দৈনন্দিন জীৱনত কিছু সাধনা, নিয়মানুবৰ্তিতা আৰু সু-অভ্যাস গঢ়ি তুলিব পাৰো৷

 মানৱ প্ৰকৃতিৰ সৰ্বোত্তম সৃষ্টি, মানুহে বিবেকৰ দ্বাৰা পৰিচালিত হৈ সকলো কাম সম্পাদন কৰিব পাৰে, যিটো   আন জীৱ জন্তুৰ ক্ষেত্ৰত অসম্ভৱ |যদি আমি কিছু চিন্তাশক্তিৰ পৰিবৰ্তন কৰি আত্মবিশ্বাসেৰে আৰু সকাৰাত্মক চিন্তাৰে এখন  সুস্থ সুস্হ সমাজ গঢ়াৰ ক্ষেত্ৰত সজাগ হওঁ তেনেহ'লে যোগৰ বিকল্প নাই!

ধনী-দুখীয়া, শিশুৰ পৰা বৃদ্ধা সকলোৰে শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে যোগেই  একমাত্ৰ প্ৰায়োগিক বিজ্ঞান |

 গতিকে যোগ সুন্দৰ এটা জীৱনৰ আৰম্ভণি আজিৰপৰায়ে কৰো আহক । যাতে আমি আমাৰ শিশুক দি যাৱ পাৰো এখন সুস্থ সমাজ|৯ম আন্তঃৰাষ্টীয় যোগ দিৱস আমাৰ বাবে এক সংকল্পৰ পবিত্ৰ ক্ষণ হওঁক,নিজৰ ঘৰখনৰ পৰা বিশ্বৰ প্ৰতিটো পৰিয়াললৈকে যোগ ৰ এই পোহৰে ন পথ দেখুৱাওক।আজি ঘৰে ঘৰে প্ৰাৰ্থনা হওঁক 

ॐ सर्वे भवन्तु सुखिनः ।

सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु ।

मा कश्चित् दुःख भाग्भवेत् ॥

ॐ शान्तिः शान्तिः शान्तिः॥

  

যোগ প্ৰশিক্ষিকা

অনুৰাধামহন্ত( 9864039780)

অণুযোগ(যোগ প্ৰশিক্ষণ কেন্দ্ৰ)

আনন্দ নগৰ,চয়মাইল।

No comments