Breaking News

মণিপুৰত অব্যাহত আছে গোষ্ঠীসংঘৰ্ষ: ৰাষ্ট্ৰপতি শাসন জাৰিৰ আহ্বান


মণিপুৰৰ গোষ্ঠীসংঘৰ্ষ দমনৰ ‌উদ্দেশ্যে সংবিধানৰ ৩৫৫ অনুচ্ছেদ বলবৎ কৰি সম্পূর্ণ দায়িত্ব কেন্দ্রীয় চৰকাৰে নিজৰ হাতলৈ নিয়াৰ পাছতো ৰাজ্যখনত হিংসাৰ দাবানল নুমাবলৈ সক্ষম নোহোৱাত এতিয়া  চৰকাৰৰ হাতত ৰাষ্ট্ৰপতি শাসন জাৰিৰহে বিকল্প বাকী হৈছে। যোৱা ৩ মে'ত মণিপুৰৰ চূড়াচান্দপুৰ জিলাত উলিওৱা এটা শোভাযাত্ৰাৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীসংঘর্ষ বিগত ৪৫ দিনেও শাম কটা নাই, বৰং ৰাজ্যখনৰ পৰিস্থিতি গৃহযুদ্ধ কবলিত ছিৰিয়া-লেবাননৰ পৰ্যায়লৈ অৱনমিত হৈছে। অথচ কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ে সংঘৰ্ষ আৰম্ভ হোৱাৰ তৃতীয় দিনটোতে মণিপুৰৰ বিজেপি চৰকাৰখনক গুৰুত্বহীন কৰি ৰাজ্যখনত ৩৫৫ অনুচ্ছেদ বলবৎ কৰিছিল। ইয়াৰ ফলত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে সকলো অভিযানৰ দায়িত্ব কান্ধত তুলি লৈছিল অমিত শ্বাহৰ গৃহ মন্ত্ৰণালয়ে। ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পুতলা কৰি পেলোৱা হৈছিল এন বীৰেন সিং নেতৃত্বাধীন ৰাজ্য চৰকাৰক। ইয়াৰ পাছত বিগত ৪৫ দিনত অমিত শ্বাহৰ গৃহ মন্ত্রণালয়ে মণিপুৰত ৪০,০০০ সেনা, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিও পৰিস্থিতি চম্ভালিব পৰা নাই। স্বয়ং গৃহমন্ত্রী অমিত শ্বাহে ২৯ মে'ৰ পৰা ১ জুনলৈ মণিপুৰ ভ্ৰমণ কৰি ৰাজ্যখনত ইউনিফাইড কামাণ্ড জাৰি কৰিছে। ইউনিফাইড কামাণ্ডৰ নেতৃত্ব দিছে চি আৰ পি এফৰ অৱসৰপ্ৰাপ্ত মুৰব্বী কুলদীপ সিঙক । ৰাজ্যখনত সমান্তৰালভাৱে আন তিনিটা ব্যৱস্থাৰ অধীনত অভিযান চলি আছে। সেয়া হ'ল— কিম্বাইন্‌ড হেডকোৱাৰ্টাৰ্ছ', 'স্ট্রেটেজি এও অপাৰেচন গ্রুপেছ আৰু ‘অপাৰেচনেল ইন্টেলিজেন্স উইং' । এনে কঠোৰতা স্বত্ত্বেও মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ অৱসান নঘটাত এতিয়া কেন্দ্ৰীয় চৰকাৰেও শেষ বিকল্প অর্থাৎ ৰাষ্ট্ৰপতি শাসনৰ বাবে গুণাগঠা আৰম্ভ কৰিছে। ৰাষ্ট্ৰপতি শাসন দাবী কৰিলেও কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা উন্মোচন হৈ পৰাৰ আশংকা আৰু সেই বিষয়ক লৈ বিৰোধী দলে কৰিব পৰা সম্ভাব্য আক্ৰমণৰ আশংকাত দোমোজাত পৰিছে মোদী চৰকাৰ। এই দোদুল্যমান স্থিতিৰ বাবেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ পৰিস্থিতিক লৈ মতামত প্ৰকাশ কৰাৰ পৰা বিৰত আছে আৰু তেওঁক কেৱল মণিপুৰৰ বাসিন্দাই নহয়, দেশৰ সমস্ত বিৰোধী দলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অৱশ্যে সেই পৰিস্থিতিৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰি আজি মোদী আমেৰিকা আৰু মিছৰ ভ্ৰমণলৈ যাবলৈ সাজু হৈছে। তাৎপর্যপূর্ণ বিষয় এয়াই যে, চৰম নির্লিপ্তি প্ৰদৰ্শন কৰি সম্পূৰ্ণ বিজেপি চৰকাৰখনে মণিপুৰক লৈ সামান্য উদ্বিগ্নতাও প্ৰকাশ কৰা নাই। বিগত ৪৫ দিনত একমাত্ৰ অমিত শ্বাহৰ বাহিৰে দ্বিতীয় এজন কেন্দ্ৰীয় নেতাই মণিপুৰত ভৰি দিয়া নাই। দলীয়ভাৱে শাসনাধিষ্ঠিত দল বিজেপিও মণিপুৰক লৈ আচৰিতভাৱে সম্পূর্ণ মৌন। প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙক 'মৌনমোহন' বুলি কটাক্ষ কৰা বিজেপি কিয় মণিপুৰৰ জলত অৱস্থাতো মৌন সেই প্রশ্ন সকলো পক্ষৰ পৰাই উঠিছে। কেন্দ্ৰীয় চৰকাৰৰ ডজন ডজন মন্ত্ৰীৰ প্রত্যেকেই কিয় উদাসীনতা প্ৰদৰ্শন কৰিছে সিয়ো এই মুহূৰ্তত বিৰাট প্রশ্ন। অথচ একেটা বিজেপি দলে, একেজন প্রধানমন্ত্রীয়ে মণিপুৰক অষ্টলক্ষ্মী বুলি নিৰ্বাচনৰ সময়ত বৰ্ণনা কৰে। সেই মণিপুৰত ৪ শতাধিকৰ প্ৰাণনাশ হোৱাৰ সময়ত, শিশুসহ মাতৃ আৰু মহিলাক ৰাজধানী ইম্ফলৰ সমীপত এম্বুলেন্সৰ ভিতৰত জীৱন্তে জ্বলাই হত্যা কৰাৰ দৰে পাশৱিক ঘটনাৰ সময়তো প্রধানমন্ত্রী মোদীকে ধৰি তেওঁৰ বিশাল মন্ত্রীসভা কিয় ইমান উদাসীন, কিয় নির্লিপ্ত সেইকথা এতিয়া সমগ্র দেশবাসীৰ বাবে ৰহস্য।

     এনে সময়তে মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰিৰ আহ্বান জনাইছে। যোৱা সপ্তাহত নিজৰ বাসভৱন উন্মত্ত জনতাই জ্বলাই দিয়াৰ পাছত এন বীৰেণ সিং চৰকাৰ সম্পূৰ্ণ  ব্যর্থ হোৱা বুলি মোদী মন্ত্ৰীসভাৰ প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীৰ সেই সমালোচনাৰ পাছত মিজোৰামৰ সাংসদ ভানলালভেনাৰ ৰাষ্ট্ৰপতি শাসন জাৰিৰ আহ্বানে তাৎপর্য বহন কৰিছে। তেওঁ কুকি আৰু মেইটেইৰ বাবে পৃথক প্রশাসনৰো দাবী কৰিছে। তদুপৰি শেহতীয়াকৈ বিভিন্ন দল-সংগঠনে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই আছে। একমাত্র বিজেপি চৰকাৰৰ ব্যৰ্থতা উন্মোচিত হৈ পৰাৰ আশংকাতে এই সিদ্ধান্ত লোৱাত থমকি ৰৈছে মোদী। চৰকাৰ। আনহাতে, মণিপুৰৰ সাধাৰণ জনতা বাদেই, দেওবাৰে দুষ্কৃতিকাৰীৰ গুলীত আহত হৈছে সেনাও। ইম্ফল পশ্চিম জিলাত তহল দি থকা অৱস্থাত চিংমাং গাঁৱত সেনাৰ জোৱানজন দুষ্কৃতিকাৰীৰ গুলীত গুৰুতৰভাৱে আহত । হয়। তেওঁক লেইমখাং সেনা হাস্পতালত ভৰ্তি কৰা হৈছে। বিগত কেইদিনত । ইম্ফল পশ্চিম জিলাই সংঘৰ্ষ আৰু হিংসাৰ অভিকেন্দ্ৰ হৈ পৰিছে। আনহাতে, অসম মণিপুৰ যুৱ সংগঠনে (এ এ এম রাই এ) ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ আহ্বান জনোৱাত ৰাজ্যখনৰ বাসিন্দা আৰু ঘাইকৈ ৪০,০০০ সেনা তথা কেন্দ্রীয় বাহিনী ভয়ংকৰ বিপদৰ আশংকাত পৰিছে। সংঘৰ্ষত জড়িত কুকি, জো, চিন জনগোষ্ঠীৰ সমৰ্থনত মিজোৰাম অসম সংলগ্ন ৫৪ নং ৰাষ্ট্ৰীয় চা ঘাইপথ অৱৰোধ হ'লে মণিপুৰ দুৰ্ভিক্ষৰ কৱলত পৰিব। এই অৱৰোধক এম এন এফেও সমর্থন জনাইছে। 

No comments