Breaking News

মোদীৰ আমেৰিকা যাত্ৰা:এফালে বিশাল আদৰণিৰ প্ৰস্তুতি আনফালে বিক্ষোভৰ‌ বাবে সাজু বিভিন্ন মানৱ‌অধিকাৰ সংগঠন


৪ দিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ আজি অর্থাৎ ২০ জুনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মার্কিন ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণ মৰ্মে  আমেৰিকালৈ ৰাওনা হৈছে। নৰেন্দ্ৰ মোদীক যিদৰে চৰকাৰীভাৱে সাদৰ অভ্যর্থনা জনাবলৈ মার্কিন প্রশাসন সাজু হৈছে, ঠিক সমান শক্তিৰে মোদীৰ ভ্ৰমণৰ বিৰোধিতা কৰিবলৈ সাজু হৈছে বহুকেইটা মানৱাধিকাৰ সংগঠন। ২১-২৪ জুনলৈ আমেৰিকাৰ চৰকাৰী অভ্যাগত হিচাপে বহুকেইটা কাৰ্যসূচীত ভাগ ল'ব নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰী মোদীৰ এই আমেৰিকা ভ্রমণ দুয়োখন দেশৰ বাবেই অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেৱল দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ স্বাৰ্থতে নহয়, মোদীৰ এই ভ্ৰমণত ভাৰত-মার্কিন ৰণকৌশলগত দিশত একাধিক চুক্তি স্বাক্ষৰ হোৱাটো ইতিমধ্যে উভয় পক্ষই নিশ্চিত কৰাৰ বাবেই ভ্ৰমণৰ গুৰুত্ব বৃদ্ধি পাইছে। প্রধানমন্ত্ৰী মোদীক ২২ জুনত হোৱাইট হাউছত সপত্নীক ৰাষ্ট্ৰপতি বাইডেনে আনুষ্ঠানিক আদৰণি জনাব। ইয়াৰ পাছতে দুই ৰাষ্ট্ৰনেতাৰ মাজত অনুষ্ঠিত হ'ব দ্বিপাক্ষিক শীর্ষ বৈঠক। সেইদিনাই সন্ধিয়া জো বাইডেন আৰু জিল বাইডেনে মোদীৰ সন্মানাৰ্থে হোৱাইট হাউছত চৰকাৰী নৈশভোজৰ আয়োজন কৰিব। ২২ জুনত মোদীয়ে মার্কিন কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰিব আৰু ২২ জুনতে ভাৰতীয় বংশোদ্ভৱ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে যুগ্ম আহাৰৰ আয়োজনত ভাগ ল'ব। এই চৰকাৰী কাৰ্যসূচীৰ উপৰি মোদীয়ে একাধিক বেচৰকাৰী কাৰ্যসূচীতো ভাগ ল'ব। তেওঁ বেচৰকাৰী কাৰ্যসূচীত প্রবাসী ভাৰতীয়ক সাক্ষাৎ কৰিব। ইপিনে আমেৰিকাত উপস্থিত হোৱাৰ দিনাই মোদীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানৰ নেতৃত্ব দিব। আমেৰিকাৰ পৰা উভতি অহাৰ পথত তেওঁ চৰকাৰী কাৰ্যসূচী লৈ মিছৰ ভ্ৰমণ কৰিব।

         প্রধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ বিৰোধিতা কৰিবলৈও সাজু হৈছে বহুকেইটা মানৱাধিকাৰ সংগঠন। মোদীৰ কাৰ্যকালত ভাৰতত মানৱাধিকাৰ আৰু গণতন্ত্ৰ উলংঘা হোৱাৰ বাবেই মোদীৰ ভ্ৰমণৰ বিৰোধিতা কৰাৰ বাবে সাজু হৈছে এমনেষ্টি ইণ্টাৰনেচনেল, হিউমেন ৰাইটছ ৱাছ, পিচ একচন, ভেটোনছ ফৰ পিচ, বেথেছড়া আফ্রিকান ছিমেটেৰী কোৱালিচন, ইণ্ডিয়ান-আমেৰিকান মুছলিম কাউন্সিলৰ দৰে সংগঠন। এমনেষ্টি ইণ্টাৰনেচনেলে মোদীৰ ভ্ৰমণকালত নিউয়র্কত বিবিচিৰ দ্বাৰা নিৰ্মিত বিতর্কিত আৰু ভাৰতত নিষিদ্ধ তথ্যচিত্ৰ ‘ইণ্ডিয়া : দ্য মোদী কুৱেচন'ৰ দুয়োটা খণ্ড সম্প্ৰচাৰ কৰিব। এই তথ্যচিত্ৰখন নৰেন্দ্ৰ মোদীৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত গুজৰাটত সংঘটিত সাম্প্রদায়িক সংঘৰ্ষক লৈ নিৰ্মাণ কৰা হৈছে। তদুপৰি তেওঁলোকে নিউয়র্কত ‘হাউডি ডেমক্রেচি' শীর্ষক অনুষ্ঠানৰ আয়োজন কৰি মোদীয়ে ‘হাউডি মোদী' অনুষ্ঠানত ডনাল্ড ট্রাম্পৰ হৈ ২০১৯৩ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ বিৰুদ্ধে প্রতিবাদী অনুষ্ঠান আয়োজন কৰিব। বাকীকেইটা সংগঠনে মোদী হোৱাইট হাউছত থকাৰ সময়ত হোৱাইট হাউছৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব। তদুপৰি আমেৰিকাত থকা মণিপুৰৰ মেইটেই সংগঠনে লাফায়েট পাৰ্কত মোদীৰ বিৰুদ্ধে প্রতিবাদী কাৰ্যসূচী পালন কৰিব। মোদীয়ে মণিপুৰৰ গোষ্ঠীসংঘৰ্ষক লৈ কোনো পদক্ষেপ গ্রহণ নকৰাৰ বাবেই মণিপুৰী সংগঠনটোৱে মোদীৰ ভ্ৰমণকালত ব্যাপক প্রতিবাদী কাৰ্যসূচী পালনৰ সিদ্ধান্ত লৈছে।

No comments