Breaking News

ৰাজ্যত ১১-২০ ছেণ্টিমিটাৰলৈ বৰষুণৰ পৰিমাণ বৃদ্ধিৰ আশংকা


ৰাজ্যত অব্যাহত আছে প্ৰকৃতিৰ সংহাৰী ৰূপ। নেৰা-নেপেৰা বৰষুণে ফেনে- ফুটুকাৰে ওপচাই তুলিছে নদ-নদী, বিল, জলাশয়ৰ বুকু। ক্ৰমাৎ বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে। ২৪ ঘণ্টাত  বৰষুণৰ পৰিমাণ ১১-২০ ছেণ্টিমিটাৰলৈ বৃদ্ধি পোৱাৰ অশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । ইয়াৰ ফলত নদ-নদীসমূহৰ জলপৃষ্ঠ তীব্ৰগতিত বৃদ্ধি পাব আৰু ৰাজ্যৰ বিভিন্ন ঠাইত নতুন নতুন ঠাইত মথাউৰি ভাঙি প্লাবিত হৈ পৰিব— পথ, পথাৰ, আৱাসিক অঞ্চল। গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে জাৰি কৰা জাননীত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। ১৮-ৰ পৰা ১৯ জুনৰ এই ২৪ ঘণ্টাত ৭-১১ ছেণ্টিমিটাৰ মূষলধাৰ বৰষুণৰ পৰা বৰষুণৰ পৰিমাণ ১১-২০ ছেণ্টিমিটাৰলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা জিলাকেইখন হৈছে— চিৰাং, কোকৰাঝাৰ, বাক্সা, বৰপেটা আৰু বঙাইগাঁও । আনহাতে, বৰষুণৰ এই আগজাননী ১৯ৰ পৰা ২০ জুনলৈকো বঙাইগাঁও জিলাক বাদ দি বাকীকেইখন জিলাত প্রযোজ্য হ'ব। ইফালে ধুবুৰী, কামৰূপ, কামৰূপ (ম), নলবাৰী, ডিমা হাছাও, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ বৰষুণৰ পৰিমাণ ১১-২০ ছেণ্টিমিটাৰলৈ বৃদ্ধি পাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীত উল্লেখ কৰা হৈছে। এই সম্ভাৱনা ১৯-২০ জুনৰ ভিতৰত কামৰূপ, কামৰূপ (ম), গোৱালপাৰা আৰু বঙাইগাঁও জিলাতো থাকিব পাৰে । বতৰ বিজ্ঞান কেন্দ্ৰৰ এই উদ্বেগজনক তথ্যই এতিয়া ৰাজ্যৰ দুর্যোগ প্রশমন বিভাগকো শংকিত কৰি তুলিছে। কাৰণ এইকেইখন জিলাত বৰষুণৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকিলে যোৱাটো বছৰৰ দৰে জটিল আৰু ভয়ানক বান পৰিস্থিতিৰ সৃষ্টি হ'ব। আনহাতে, কামৰূপ জিলাৰ লগতে কামৰূপ মহানগৰ জিলাত বৰষুণৰ পৰিমাণ সোমবাৰ আৰু মঙলবাৰেও বৃদ্ধি পালে ইয়াৰ পৰিণামস্বৰূপ মহানগৰবাসী ভয়াৱহ সংকটৰ সন্মুখীন হ'ব। কাৰণ ইতিমধ্যেই বহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু বাহিনী-ভৰুলু আদিৰ জলভাগো বৃদ্ধি পাইছে। পানীৰ ভৰত ভৰলুৰ গাৰ্ডৱালত ফাট মেলিছে। পাহাৰৰ পৰা নামি আহি নলা-নৰ্দমা উপচি পৰিছে বোকা-পানীৰে। আৰু বাৰিষা ভৰপক নৌহওঁতেই বৰষুণে গুৱাহাটীক দিছে ভয়াৱহ বানৰ সমস্যা। 

No comments