Breaking News

ভাৰতৰ কোটি কোটি লোকৰ ফোনত স্পাইৱেৰ!


বিজ্ঞান আৰু প্ৰযুক্তিৰ ন ন উদ্ভাৱনে মানুৰ কষ্ট বহু পৰিমাণে লাঘৱ কৰাৰ দৈনন্দিন জীৱনৰ কামসমূহ সহজ কৰি তোলাৰ সমান্তৰালভাৱে বহু ক্ষেত্ৰত মানুক বিপদৰ মুখলৈ  ঠেলি দিয়াও পৰিলক্ষিত হয়। দৈনিক ব্যৱহৃত স্মার্ট ফোনৰ নিত্যনতুন সা সুবিধাই অজ্ঞাতে মাতি আনিছে বিপদ। গুগল প্লে' ষ্ট'ৰেই হওক বা অন্য কোনো চাৰ্ছ ইঞ্জিনৰ বিভিন্ন ধৰণৰ এপ, এই এপ্‌সমূহে ব্যৱহাৰকাৰীৰ অজ্ঞাতে বিয়পাইছে স্পাইৱেৰ। ভাৰতীয় কম্পিউটাৰ ইমাৰজেঞ্চি ৰেছপঞ্চ টীমে (CERT- In) এনে এক স্পাইৱেৰ আৱিষ্কাৰ কৰিছে যিয়ে কেৱল ফোনটোৰ ই-মেইল আদিৰ পৰা তথ্য চুৰি কৰাই নহয়, ফোনটোৰ কেমেৰা ব্যৱহাৰ কৰি ৰেকৰ্ডিং কৰে। ম'বাইলৰ আশে-পাশে আমি পাতি থকা কথাও সহজেই শুনিব পাৰে। এই স্পাইৱেৰে দেশৰ ৪২ কোটি এনড্রইড ফোনত প্ৰৱেশ কৰিছে। যাৰ নাম স্পিন অ'কে', যিয়ে গুগল প্লে’ষ্ট’ৰত মজুত থকা ১০৫ টা এপৰ জৰিয়তে ফোনত প্ৰৱেশ কৰে। এনে প্ৰযুক্তি সংকটৰ ভয়াৱহ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে সকলো মন্ত্ৰালয়ৰ কৰ্মচাৰীক নিজৰ ম'বাইলৰ পৰা সন্দেহজনক এপ আঁতৰাবলৈ নিৰ্দেশ দিছে, যাতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত গোপনীয় তথ্য ফাদিল নহয়। তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি স্পিন অ’কে' অত্যন্ত বিপজ্জনক। অতি কম সময়ৰ ভিতৰতে ৪২ কোটি ফোনত উপনীত হৈছে। ই এটা এপৰ জৰিয়তে ফোনত প্ৰৱেশ কৰে আৰু তাৰ পিছত ক্ৰমান্বয়ে জাভাস্ক্রিপ্ট ক’ড়ৰ জৰিয়তে ফোনটোৰ ক্ষমতা বৃদ্ধি কৰে।ফোনত মজুত ডাটা (তথ্য) কপি কৰি এটা অজ্ঞাত দূৰৱৰ্তী ছাৰ্ভাৰ ৰূমলৈ প্ৰেৰণ কৰে। কেৱল এয়াই নহয়, ই ফোনটোৰ পৰা ডিলিট কৰা ফাইলসমূহো পুনৰুদ্ধাৰ কৰে। ইয়াৰ উপৰি ফোনত মজুত থকা ফাইলসমূহতো পৰিৱৰ্তন কৰিব পাৰে।স্বয়ংক্রিয়ভাৱে ফোনটোৰ কেমেৰা ব্যৱহাৰ কৰে। এই স্পাইৱেৰ ফোনলৈ প্ৰৱেশ কৰা বেছিভাগ এপেই অনলাইন নগদ পুৰস্কাৰৰ গেম, ফিটনেছ, ভিডিঅ' এডিটিং, ভিডিঅ' মেকিং, বিনিয়োগ আদি সেৱা প্ৰদান কৰা ৷ ইয়াৰ ভিতৰত আছে ১০ টা আগশাৰীৰ এপ নয়েজ ভিডিঅ' এডিট, জাপায়া, বিউগো এমভি বিট, ক্রেজি ড্রপ্‌ছ, টিক, উই ফ্লাই, কেছ জইন, কেছ ই এম আৰু ফিজ্জ' নভেল। উল্লেখ্য যে জাপায়া আৰু নয়েজ ভিডিঅ' এডিটৰৰ ১০ কোটি ব্যৱহাৰকাৰী আছে। বিউগো, এমভিবিট আৰু ভিফ্লাইৰ ব্যৱহাৰকাৰীও ৫ কোটিতকৈ অধিক। তেন্তে এই স্পাইৱেৰে কিমান মানুহক বিপদত পেলাব পাৰে সেইয়া সহজেই অনুমান কৰিব পাৰি।

No comments