Breaking News

উৰিয়ামঘাট আৰক্ষী থানাৰ অ.চি ৰবীন্দ্ৰ বৰবৰুৱাৰ বিৰুদ্ধে কিশোৰী অপহৰণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ


ধনশিৰি : ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এগৰাকী নাবালিকা কিশোৰী অপহৰণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে এই অভিযোগ আনিছে অপহৃতা কিশোৰ গৰাকীৰ পৰিয়ালে। অভিযোগ অনুসৰি, উৰিয়ামঘাট আৰক্ষী থানা এলেকাৰ অধীনস্থ কিশোৰী গৰাকীৰ মাতৃৰ মতে যোৱা ১৫ জুনৰ পুৱা প্ৰায় ৮ বজাত উৰিয়ামঘাট চিআৰপিএফ শিবিৰৰ সমীপৰ এটা কম্পিউটাৰ চেন্টাৰত ক্লাচ কৰিবলৈ অহাৰ পাছৰে পৰা ছাত্ৰী গৰাকী নোহোৱা হয়। সন্ধিয়ালৈকে বহু বিচাৰ-খোচাৰ কৰাৰ পাছতো  কিশোৰী গৰাকীৰ কোনা সন্ধান নোলোৱাত চিন্তিত হৈ উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ বৰবৰুৱাক বিষয়টো অৱগত কৰে। পাছতে তেওঁলোকৰ ছোৱালী গৰাকীক যোৰহাট পুলিবৰৰ নিজামুদ্দি আহমেদ নামৰ এজন যুৱকে কিশোৰী গৰাকীক কম্পিউটাৰ ক্লাছ লবলৈ যোৱাৰ পথৰ পৰা এখন গাড়ীত বলপূৰ্বক উঠাই অপহৰণ কৰি লৈ যোৱা বুলি জানিব পাৰে। এই কথা জানিব পাৰি কিশোৰী গৰাকীৰ পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে গোচৰ দিবলৈ উৰিয়ামঘাট আৰক্ষী থানালৈ যায় যদিও বিষয়টো উৰিয়ামঘাট থানাৰ আৰক্ষী বিষয়া গৰাকীয়ে মুঠেও গুৰুত্ব গ্ৰদান নকৰি অভিযুক্তৰ বিৰুদ্ধে গোচৰ লবলৈ অমান্তি হয়। পাছত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বিষয়টো জিলা আৰক্ষী অধীক্ষকক অবগত কৰাত এই সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হয় যদিও অভিযুক্তক গ্ৰেপ্তাৰত গুৰুত্ব নিদি অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াহে গুৰুতৰ অভিযোগ উঠিছে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে। যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰক্ষী আৰু প্ৰশাসনক জনসাধাৰণক ওচৰ চপাই আনিবলৈ চেষ্টা চলাইছে সেই সময়ত এনে ধৰণৰ আৰক্ষী বিষয়াই ক্ষমতাৰ ৰাগিত ৰক্ষকে ভক্ষকৰ ৰূপ লোৱা কাৰ্য্যক সকলোৱে একেমুখে গৰিহণা দিছে। অভিযোগ মতে এই গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কেৱল অপহৰণকাৰীকে নহয় বহু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰো বহু অভিযোগ আছে। আনকি সীমান্ত এলেকাৰ এখন বিদ্যালয় চৌহদৰ লগতে থানা এলেকাৰ বহু মূল্য বান গছ কাটি চোৰাং কাঠৰ ব্যৱসায়ীক বিক্ৰী কৰাৰো অভিযোগ আছে। লগতে বৰপথাৰ আৰক্ষী থানাত কৰ্মৰত হৈ থকা অৱস্থাতো এইগৰাকী ৰবীন্দ্ৰ বৰবৰুৱাৰ বিৰুদ্ধে বহু বিতৰ্কিত অভিযোগ থকাৰ লগতে ধুৰন্ধৰ আৰক্ষী বিষয়া হিচাপেহে পৰিচিত হৈ পৰিছিল। তদুপৰি সাধাৰণ কথাতে বিভিন্ন লোকক হাৰাশাস্তি কৰি টকাৰ পিচত দৌৰি থকা বিষয়া গৰাকীক শীৰ্ষ আৰক্ষীয়ে কেনেদৰে নাকী লগাবলৈ সক্ষম হ'ব সেইয়া সময়তহে লক্ষ্যণীয় হব।

No comments