Breaking News

মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰূপকোঁৱৰৰ জন্মতিথি দিনটোতে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ নগাঁৱৰ একাধিক সচেতন নাগৰিকৰ



ডিজিটেল সংবাদ, নগাঁওঃ আজি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মদিনটোতে মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে নগাঁৱৰ সমাজকৰ্মী দুলাল বৰাসহ একাধিক সচেতন নাগৰিকে নগাঁও জিলাৰ আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনিত উল্লেখ থকা অনুসৰি আজি ১৭ জুন, শনিবাৰ, ২০২৩ খ্ৰীষ্টাব্দত অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২১ সংখ্যক জ‌ন্মদিৱস। ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ নাছিল কি? এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয় । অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক ।। এনে এগৰাকী গণ শিল্পীয়ে যি ভাষাত গীত মাত কবিতা চিনেমা সৃষ্টি কৰি স্বকীয়তা প্ৰদৰ্শনেৰে বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰি এটা জাতিক জগাই তুলিবলৈ প্ৰয়াস কৰিছিল, সেই ভাষা আজি যেন বিপদাপন্ন। ভাষা নথকাকৈ জাতি এটা জীয়াই থাকিব জানো? এই দেশৰ এই ভাষাই ১৮৭২ চনত ৰাজ্যিক ভাষাৰ মৰ্যাদা পালেও আজি অসমীয়া জাতিৰ মৰণঘন্টা বাজি উঠিছে। চৰকাৰী বিদ্যালয়সমূহতো অসমীয়া ভাষাৰ বিলুপ্তকৰণৰ প্ৰক্ৰিয়া চলিছে। চিৰ চেনেহী মোৰ এই ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আজি যেন পণ লোৱাৰ সময় আহি পৰিছে। সেয়ে আজি জ্যোতি প্ৰপাতত আমি সংকল্পবদ্ধ হৈছোঁ -"অসমীয়া ভাষা আমাৰ বুকুৰ ভাষা, আইৰ মুখৰ ভাষা, আমি আমাৰ ভাষাটো জীয়াই ৰাখিম, জীয়াই ৰখাৰ বাবে প্ৰয়োজনত যুঁজত নামিম।"



আশা কৰোঁ মৃত্যুমুখী অসমীয়া ভাষাক সুৰক্ষিতকৰণেৰে জাতিটোক জীয়াই ৰখাৰ ক্ষেত্ৰত আপুনি অগ্ৰণী ভূমিকা পালন কৰিব।

No comments